Logo
image

যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প

ৱাশ্বিংটন, ১১ মে’: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দেশখনৰ এখন আদালতে যৌন নিৰ্যাতন আৰু মানহানি গোচৰত দোষী সাব্যস্ত কৰিছে৷ আদালতৰ ৰায়ক লৈ স্বাভাৱিকতে অস্বস্তিত পৰিছে ট্ৰাম্প৷ উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী স্তম্ভ লেখিকা ই জিন কেৰলে ট্ৰাম্পৰ বিৰুদ্ধে মানহানি আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল৷ এই ঘটনাৰ ন্যায় বিচাৰি স্তম্ভ লেখিকাগৰাকী আদালতৰ দ্বাৰস্থ হয়৷ ১৯৯০ চনতে সংঘটিত হোৱা এই ঘটনাক আদালতে গুৰুত্বসহকাৰে লৈ ইয়াৰ বিচাৰ আৰম্ভ কৰে৷ আৰু অৱশেষত প্ৰায়  ৩৩ বছৰ  পুৰণি গোচৰটো ৰায়দান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আদালতখনে ট্ৰাম্পক দোষী সাব্যস্ত কৰাৰ লগতে পাঁচ মিলিয়ন ডলাৰ অৰ্থাৎ ৪১.৪১ কোটি টকা আৰ্থিক ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে৷ স্মৰ্তব্য যে বছৰটোৰ শুনানিৰ আৰম্ভণিৰ পৰাই ট্ৰাম্পে নিজকে নিৰ্দোষী বুলি   দাবী কৰি আহিছিল ৷ কিন্তু আদালতে ট্ৰাম্পৰ সেই দাবীক অগ্ৰাহ্য কৰি অৱশেষত তেওঁ দোষী সাব্যস্ত কৰাৰ লগতে বৃহৎ অংকৰ আৰ্থিক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়ে৷ সংবাদ প্ৰতিষ্ঠানৰ এক বাতৰি মতে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত গোচৰটোৰ শুনানি আৰম্ভ হয় ২৫ এপ্ৰিলৰ পৰা৷ ইপিনে, ৩৩বছৰৰ পুৰণি ঘটনাটোৰ গোচৰ দিয়াত ইমান পলম কিয় হ’ল বুলি আদালতে গোচৰিয়াক প্ৰশ্ন কৰাত কেৰলে আদালতক জনায় যে বিগত সময়ছোৱাত ট্ৰাম্পৰ ভয়ত তেওঁ ঘটনাটোৰ বিষটে মুখ খুলিব পৰা নাছিল৷ উল্লেখ্য যে কেৰলৰ পূৰ্বে আন কেইবাগৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে৷ আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগমুহূৰ্তত আদালতে দিয়া ৰায়ে স্বাভাৱিকতে শলঠেকত পেলাইছে ট্ৰাম্পক৷