Logo
image

গ্ৰেপ্তাৰ বেআইনী, কাৰাগাৰত বিহ প্ৰয়োগৰ আশংকা বন্দী ইমৰানৰ

আমাৰ অসম, ১২ মে’:  পাকিস্তানৰ উচ্ছতম ন্যায়ালয়ে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক ই ইনছাফ নামৰ দলটোৰ মুৰব্বী ইমৰানখানৰ গ্ৰেপ্তাৰক বে-আইনী ঘোষণা কৰিছে৷ লগতে তেওঁক অবিলম্বে মুক্তি দিয়াৰ নিৰ্দেশ দিছে৷ ইয়াৰ লগে লগে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মুক্তিৰ পথ কাৰ্যতঃ প্ৰশস্ত হৈ পৰে৷ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে আদালত চৌহদৰ বাহিৰত  ইমৰান খানৰ সমৰ্থক তথা পাকিস্তান তেহৰিক ই ইনছাফ দলৰ কৰ্মীসকল উৎফুল্ল হৈ পৰে৷ ৰাজপথত হাজাৰ হাজাৰ দলীয়কম¹ তথা ইমৰানখানৰ সমৰ্থকসকলে নৃত্য কৰিবলৈ আৰম্ভ কৰে৷ উল্লেখ্য যে মঙলবাৰে ইমৰানখানক এখন আদালত চৌহদৰ পৰা পাক সেনাই গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ পাকিস্তানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঠায়ে ঠায়ে সেনা আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় পাকিস্তান তেহৰিক ই ইনছাফ দলৰ নেতা-কৰ্মীসকল৷ কেইবাঠাইতো ইমৰান খানৰ অনুগামী তথা দলীয় কৰ্মীসকলে চৰকাৰী সা-সম্পত্তি জ্বলাই দিয়াৰ লগতে আনকি সেনাৰ কাৰ্যালয়তো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ ফলত এটা সময়ত সেনাই গুলীচালনা কৰা ইমৰানৰ দলৰ অদ্ধৰ্শতাধিক নেতা-কৰ্মী গুলীবিদ্ধ হৈ নিহত হোৱাৰ লগতে আন বহুসংখ্যক আহত হয়৷ গ্ৰেপ্তাৰ হয় দুই সহস্ৰাধিক দলীয় কৰ্মী৷ ইয়াৰ মাজতে পাকিস্তানৰ শীৰ্ষ আদালতে বৃহস্পতিবাৰে ইমৰান খানক এঘণ্টাৰ ভিতৰত উচ্ছতম ন্যায়ালয়ত সেনাক হাজিৰ কৰিবলৈ নিৰ্দেশ দি ইমৰানৰ গ্ৰেপ্তাৰ বেআইনী আৰু তেওঁক অবিলম্বে মুক্তি দিবলৈ নিৰ্দেশ দিয়ে৷

আনহাতে সেনাৰ জিম্মাত থকা সময়ত ইমৰান খানে শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা বুলি প্ৰকাশ কৰিছে৷ লগতে তেওঁক সেনাই খাদ্যৰ সৈতে বিহ মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি আদালতক জনায়৷ আদালতক তেওঁ এইবুলিও জনায় যে সেনাই জিম্মাত লোৱাৰ পাছৰে পৰা তেওঁৰ দেহত কিছুমান ইনজেকচন প্ৰয়োগ কৰা হৈছে৷ এনে ইনজেকচনে তেওঁক দুৰ্বল কৰি পেলোৱাৰ লগতে লাহে লাহে মৃত্যুৰ পিনে ঠেলি দিব বুলি আশংকা প্ৰকাশ কৰিছে৷ স্বাভাৱিকতে সেনাৰ জিম্মাত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ এই অভিযোগে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷