Logo
image

জামিনত মুক্ত ইমৰান

আমাৰ অসম, ১৩ মে’: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ইছলামবাদ উচ্ছ ন্যায়ালয়ে শুকুৰবাৰে জামিন প্ৰদান কৰিছে আৰু অহা ১৫ মে’ পৰ্যন্ত কোনো গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে৷ বৃহস্পতিবাৰে পাকিস্তান উচ্ছতম ন্যায়ালয়ে ইমৰান খানক অল কাদিৰ ভূমি নিধি কেলেংকাৰিৰ গোচৰত কৰা গ্ৰেপ্তাৰ বে-আইনী বুলি ৰায় দিছিল৷ শুকুৰবাৰে সেই গোচৰত ইমৰান খানক দুসপ্তাহৰ বাবে ইছলামবাদ উচ্ছ ন্যায়ালয়ে জামিন প্ৰদান কৰাত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শিৱিৰ, তেওঁৰ ৰাজনৈতিক দল পিটিআইৰ কৰ্মী-সমৰ্থকে স্বস্তিৰ নিশ্বাস পেলাইছে৷ আনহাতে পিটিআইৰ সমৰ্থকে দুদিন ধৰি চলোৱা তাণ্ডৱ কালিৰ পৰা উপশম ঘটিছিল আৰু শুকুৰবাৰে ইছলামাবাদ উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পাছত প্ৰতিবাদকাৰীয়ে ৰাজপথ ত্যাগ কৰিছে৷ পাকিস্তানৰ পিএমএল(এন) নেতৃত্বাধীন দুৰ্বল জোঁট চৰকাৰখনৰ হঠকাৰিতাৰ বাবে দেশত গৃহযুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল যদিও ন্যায়ালয় আৰু ইছলামাবাদ উচ্ছ ন্যায়ালয়ৰ যথোচিত নিৰ্দেশৰ ফলত পৰিস্থিতি সাময়িকভাৱে স্বাভাবিক হৈছে৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে শুকুৰবাৰে ইছলামবাদ উচ্ছ ন্যায়ালয়ত সোঁশৰীৰে উপস্থিত হৈ অল কাদিৰ নিধি কেলেংকাৰি গোচৰত জামিনৰ আবেদন জনাইছিল৷ সেই গোচৰত আদালতে তেওঁক দুসপ্তাহৰ জামিন প্ৰদান কৰে৷ আনহাতে প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়ত বিদেশী ৰাষ্ট˜নেতাৰ পৰা লাভ কৰা উপহাৰ বিক্ৰী কৰাৰ অভিযোগত চলি থকা তোষাখানা গোচৰতো বিচাৰ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰাৰ বাবে ইছলামাবাদ উচ্ছ ন্যায়ালয়ে নিৰ্দেশ দিয়ে৷ সেই গোচৰত তেওঁ যোৱা মাৰ্চত নিম্ন আদালতৰ পৰা জামিন লাভ কৰিছিল৷ প্ৰসংগতঃ যোৱা মঙলবাৰে ইমৰান খানে অল কাদিৰ নিধি কেলেংকাৰিৰ গোচৰত জামিন লাভৰ বাবে উচ্ছতম ন্যায়ালয়ত উপস্থিত হৈছিল৷ ইমৰানক সেইদিনা পাক আৰক্ষীয়ে আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰে৷ বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে ইমৰান খানৰ সেই গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিছিল আৰু মুখ্য ন্যায়াধীশ ওমৰ আটা বান্দিয়ালে জনাইছিল যে, ন্যায়পালিকাৰ দ্বাৰস্থ হোৱাৰ সময়ত কোনো অভিযুক্তক আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিব নোৱাৰি৷
উল্লেখ্য যে মঙলবাৰে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ইছলামাবাদৰ এখন আদালতে জ্জ্ব দিনৰ বাবে ‘নেচনেল একাউণ্টিবিলিটি ব্যুৰ’ৰ জিম্মাত দিছিল৷ অল কাদিৰ নিধি ভূমি কেলেংকাৰিৰ গোচৰত ইমৰান খানক ইছলামবাদৰ আদালতে আঠ দিনৰ এএনবিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ আন এটা গোচৰতো দেশৰ এখন ন্যায়িক দণ্ডাধীশৰ আদালতে একেদিনাই ইমৰান খানক দোষী সাব্যস্ত কৰিছিল৷ অৱশ্যে, মঙলবাৰে ইমৰান খানক অল কাদিৰ নিধি ভূমি কেলেংকাৰিৰ গোচৰতহে গ্ৰেপ্তাৰ কৰা হৈছিল৷ উল্লেখ্য, ইমৰান খান আৰু তেওঁৰ এতিয়াৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকা অল কাদিৰ ভূমি কেলেংকাৰিৰ গোচৰত মঙলবাৰে ইছলামাবাদ আদালত চৌহদৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ইমৰান খান আৰু তেওঁৰ পত্নীয়ে অল কাদিৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ নামত এটা নিধি গঠন কৰি পঞ্জাব প্ৰদেশৰ ঝিলাম জিলাৰ বৃহৎ পৰিমাণৰ ভূমি হস্তগত কৰিছিল৷ সেই নিধিত ইমৰান খান, তেওঁৰ পত্নী বুছৰা বিবি, দুই ঘনিষ্ঠ বন্ধু জুলফিকৰ বুখাৰি আৰু বাবৰ আৱানৰ নাম আছিল৷ ইমৰানৰ পত্নী বুছৰা বিবিয়ে ২০১৯ চনত বাহাৰিয়া টাউন নামৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে এই ভূমিৰ বিনিময়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বিশাল পৰিমাণৰ ধন অৰ্জন কৰে৷ বুছৰা বিবিয়ে সেই ৰিয়েল ইষ্টেট কোম্পানীলৈ সিংহভাগ ভূমি হস্তান্তৰ কৰা বুলিও দেশৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে অভিযোগ কৰিছিল৷ ভূমি হস্তান্তৰৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰভাৱ খটুৱাই ইমৰান খানে ভূমিৰ মূল্য হ্ৰাস কৰি দেখুৱাইছিল৷ শিক্ষা প্ৰতিষ্ঠানৰ নামত পোৱা চৰকাৰী ভূমি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ আৰু তাৰ বিনিময়ত ধন সংগ্ৰহ তথা মূল্য কমাই দেখুওৱাৰ আটাইকেইটা অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ক্ষেত্ৰত গুৰুতৰ অপৰাধ হিচাপে গণ্য হৈছে৷ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী মিফটাহ ইছলামৰ মতে এই ভূমিৰ বিনিময়ত ইমৰান খানে ১৯০ নিযুত পাউণ্ড লাভ কৰিছে৷ তেওঁক সেই ধন পৰিশোধ কৰিছে ৰিয়েল ইষ্টেট ধনকুবেৰ মালিক ৰিয়াজে৷ অল কাদিৰ নামৰ বিশ্ববিদ্যালয়খন ২০২১ চনত অৰ্ধনিৰ্মিত অৱস্থাতে ইমৰান খানে উদ্বোধন কৰিছিল৷ সেই সময়ত তেওঁৰ স্থিতি প্ৰধানমন্ত্ৰী হিচাপে থৰক বৰক হৈ পৰিছিল৷ ইমৰান খান এতিয়াও বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ৷ পাকিস্তানৰ আদালতৰ ইমৰান খানৰ বিৰুদ্ধে ১৪০টা গোচৰ চলি আছে৷ মঙলবাৰে তেওঁক কৰা গ্ৰেপ্তাৰৰ সৈতে পূৰ্বৰ এই গোচৰৰ কোনো সম্পৰ্ক নাই৷ মাথোঁ এমাহ পূৰ্বে ইমৰান খানক আন গোচৰ সংক্ৰান্তত লাহোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ চেষ্টা চলালেও তেওঁৰ ৰাজনৈতিক দল পিটিআইৰ কৰ্মীয়ে আৰক্ষীৰ সেই চেষ্টা বাৰে বাৰে ওফৰাই দিছিল৷ সেই সময়ত তেওঁ আন গোচৰ সংক্ৰান্তত ইছলামাবাদ উচ্ছ ন্যায়ালয়ত সমৰ্থকবেষ্টিত হৈ উপস্থিত হৈছিল আৰু উভতি আহোতে গুলীবিদ্ধ হৈছিল৷ তাৰ পাছত তেওঁ দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল৷ মঙলবাৰে যে তেওঁক অল কাদিৰ ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে সেয়া ইমৰান খানে পূৰ্বানুমান কৰিব পৰা নাছিল৷

দেশ হৈ পৰিছিল উত্তাল 

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা সাম্প্ৰতিক কালৰ সৰ্বাধিক জনপ্ৰিয় নেতা ইমৰান খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ দেশ প্ৰতিবাদত উত্তাল হৈ পৰিছিল আৰু দেশত গৃহযুদ্ধ স্বৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ হিংসাত্মক প্ৰতিবাদত দেশখনত  ৬জন লোকৰ মৃত্যু হৈছিল আৰু ৩খনকৈ প্ৰদেশত সেনা বাহিনী নমোৱা হৈছিল৷ পিএনএল-এন  নেতৃত্বাধীন জোঁট চৰকাৰখনে যদিহে এই অগ্নিগৰ্ভা পৰিস্থিতি চম্ভালিবলৈ অক্ষম হয় তেন্তে যিকোনো মুহূৰ্ততে পূৰ্বৰ দৰে পাকিস্তানৰ নিয়ন্ত্ৰণ সেনা বাহিনীৰ হাতলৈ যাব পাৰে বুলিও আশংকা কৰা হৈছিল৷ মঙলবাৰৰ পৰা সমগ্ৰ দেশতে ইমৰান খানৰ ৰাজনৈতিক দল পিটিআইৰ সমৰ্থকে তিনিদিন ধৰি হিংসাত্মক প্ৰতিবাদ অব্যাহত ৰাখে আৰু গেৰিছন চহৰ ৰাৱালপিণ্ডি, লাহোৰ, কৰাচী, পেছোৱাৰকে ধৰি একাধিক স্থানত সেনাৰ মুখ্য কাৰ্যালয় বা সেনাৰ কেণ্টনমেণ্টক প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দেশৰ তিনিখন প্ৰদেশ পঞ্জাৱ, খাইবাৰ পাখটুনখাৱা আৰু বেলুচিস্তানত সেনাবাহিনী নমোৱা হৈছিল আৰু তিনিওখন প্ৰদেশৰে নিয়ন্ত্ৰণ সেনাই নিজৰ হাতলৈ নিছিল৷ এসময়ৰ ক্ৰিকেট তাৰকা আৰু ৰাজনীতিত প্ৰৱেশ কৰি দেশৰ প্ৰধানমন্ত্ৰী হোৱা ইমৰাণ খানৰ দেশত প্ৰভূত জনপ্ৰিয়তা আছে৷ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সত্ত্বেও সেয়ে অনেক গুণমুগ্ধই ইমৰান খানৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ সেই প্ৰতিবাদ কালিলৈকে অব্যাহত আছিল যদিও প্ৰতিবাদকাৰীৰ ৰূপ হিংস্ৰ নাছিল৷ ইমৰানৰ দলৰ ৰাজনৈতিক কৰ্মীয়ে মূলতঃ সেনাৰ কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পদক্ষেপ আ(ৰ্যকৰ  হিচাপে পৰিগণিত হৈছে, কিয়নো দেশৰ ইতিহাসত কোনোকালে প্ৰতিবাদকাৰীয়ে পাকিস্তানৰ শক্তিশালী সেনাবাহিনীক আক্ৰমণ কৰিবলৈ সাহস গোটাব পৰা নাছিল৷ আক্ৰমণকাৰীয়ে সেনাৰ কাৰ্যালয়ৰ উপৰি কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ মুখ্য কাৰ্যালয়, বায়ু সেনাবাহিনীৰ ঘাটি আৰু সকলো চহৰত ঘাইকৈ চৰকাৰী সম্পত্তি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ অৱশ্যে বৃহস্পতিবাৰে দেশৰ উচ্ছতম ন্যায়ালয়ে ইমৰান খানৰ গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়াৰ পাছত আৰু শুকুৰবাৰে তেওঁক ইছলামাবাদ উচ্ছ ন্যায়ালয়ে জামিন প্ৰদান কৰাত প্ৰতিবাদ শাম কাটিছে৷