Logo
image

বৰ ভাল পালোঁ! সংখ্যালঘুৰ ঘৰত এসাঁজ খাই তৃপ্ত ৰিজিজু

আমাৰ অসম, ১৩ মে’: বিজেপিৰ বুজনসংখ্যক নেতা-পালিনেতাই ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সততে প্ৰদৰ্শন কৰা আক্ৰমণাত্মক মনোভাবৰ বিপৰীতে মুছলমান সম্প্ৰদায়ৰ ঘৰত ভাত খাই সন্তুষ্টি প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ শুকুৰবাৰে ধিঙৰ জগন্নাথ মন্দিৰত সেৱা কৰাৰ পাছত মন্দিৰ চৌহদত লোকসভা প্ৰৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সভাত অংশগ্ৰহণ কৰা ৰিজিজুৱে পৰৱৰ্তী সময়ত জ্যেষ্ঠসকলৰ লগতো মত বিনিময় কৰে৷ মিঞা মুছলমানৰ ঘৰত ভাত খাই বৰ ভাল পোৱা কথা সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কয়– ‘এইবাৰ ধিং সমষ্টি বিজেপিয়ে দখল কৰিব৷ ইমান দিনে কংগ্ৰেছে ধিং সমষ্টিক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু এইবাৰ ৰক্ষা নাই৷ বিজেপিয়ে এইবাৰ ধিং সমষ্টিত সৰ্বাধিক ভোট লাভ কৰিব৷ কংগ্ৰেছে মুছলমানসকলৰ মূৰত বিজেপিৰ কথা বেয়াকৈ ভৰাই দিছিল৷ কিন্ত এইবাৰ উপায় নাই, কাৰণ বিজেপিয়ে হিন্দু, মুছলমান সকলোকে সমানে চৰকাৰী আঁচনিসমূহ দি আহিছে৷’ কেন্দ্ৰীয় মন্ত্ৰীজনে ধিং সমষ্টিৰ অন্তৰ্গত গাইন গাৱত এজন মুছলমান সম্প্ৰদায়ৰ লোকৰ ঘৰত আহাৰ গ্ৰহণ কৰে আৰু ‘ভাত খাই বহুত ভাল লাগিছে, বঢ়িয়া হৈছে’ বুলি কয়৷ বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কে ‘মিঞা মুছলমানৰ ভোট নালাগে’ বুলি সঘনে কৈ থকাৰ সময়তে হঠাৎ কেন্দ্ৰীয় মন্ত্ৰীজনে মিঞা মুছলমানৰ ঘৰতে আহাৰ গ্ৰহণ কৰাটোৱে ৰাজনৈতিক দিশত বিশেষ তাৎপৰ্য বহন কৰিছে৷ বহু মুছলমান লোকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক চুই চোৱাৰ উপৰি আগুৰি ধৰি ছেল্‌ফি লৈছে৷ মন্ত্ৰীজনক নিচেই কাষত পাই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷