Logo
image

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি নেতা নিলম্বিত

আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু হাওৰাঘাটৰ প্ৰতিবেদক, ১৩ মে’: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ দেওপানী পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত এমএচি শ্ৰৱণ কুমাৰ তেলেঙাই চলনাৰে এগৰাকী যুৱতীক নাৰ্ছৰ চাকৰি দিয়াৰ নামত গৰ্ভৱতী কৰি সন্তান প্ৰসৱ কৰোৱাক কেন্দ্ৰ কৰি এতিয়া পৰিষদীয় সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তেলেঙাই একেখন গাঁৱৰে এগৰাকী যুৱতীক নাৰ্ছৰ চাকৰি প্ৰদানৰ নামত যৌন শোষণ চলাই এটা সন্তান লুকুৱাই প্ৰসৱ কৰোৱাৰ অভিযোগ তুলি যুৱতীগৰাকীৰ ভ্ৰাতৃয়ে বৰপথাৰ থানাত গোচৰ তৰিছিল৷ ইয়াৰ পিছতেই আৰক্ষীয়ে যুৱতীগৰাকী আৰু এমএচি তেলেঙাক আৰক্ষী থানালৈ আনি দুয়োৰে মাজত এক বুজাবুজিৰ চুক্তি কৰি দিছিল৷ এমএচিগৰাকীয়ে যুৱতীগৰাকীক পত্নীৰূপে স্বীকাৰ কৰিব বুলি থানাত লিখিতভাৱে দিছিল৷ 
       
ইয়াৰ পিছতেই তেলেঙাৰ প্ৰথমা পত্নীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাত এমএচি গৰাকীয়ে আত্মগোপন কৰিবলৈ বাধ্য হৈছিল৷ আজি অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাসে এক নিৰ্দেশ যোগে তেলেঙাক দলৰ পৰা নিলম্বন কৰা বুলি নিৰ্দেশ প্ৰদান কৰে৷ দলৰ পৰা নিলম্বন কৰি অসম প্ৰদেশ বিজেপিয়ে তেলেঙাক দলৰ সকলো পদৰ পৰা অব্যাহতি দিয়াৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বিত কৰে৷ তেলেঙাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত লিখিতভাৱে জনাবলৈ তেলেঙাক তিনিদিনৰ ভিতৰত প্ৰদেশ বিজেপিৰ সভাপতিক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ অন্যথা তেওঁৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশটোত কোৱা হয়৷ ইপিনে তেলেঙাৰ এনে অনৈতিক কাৰ্যক কঠোৰ সমালোচনা কৰি তেলেঙাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আটছাৰ কাৰ্বি আংলং সমিতি৷ আজি এক সংবাদমেলযোগে নাৰী কেলেংকাৰিৰ লগতে দুৰ্নীতি-ভ্ৰষ্টাচাৰত তেলেঙা লিপ্ত হৈ থকা বুলি অভিযোগ কৰি দলৰ পৰা নিলম্বন কৰাৰ লগতে তেলেঙাৰ এমএচি পদ খাৰিজ কৰিবলৈও সংগঠনটোৱে দাবী কৰে৷ অসমৰ মুখ্যমন্ত্ৰীক তেলেঙাৰ এনে কাণ্ডৰ বাবে জে’ললৈ নিক্ষেপ কৰিবলৈও সংগঠনটোৱে আহ্বানন জনায়৷