Logo
image

পুনৰ হাজাৰ কোটি টকা ধাৰ ল’ব অসম চৰকাৰে

আমাৰ অসম, ১৩ মে’: পুনৰ ঋণ ল’ব অসম চৰকাৰে৷ লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি আৰ্থিক সংকটত ভোগা ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে এতিয়া যেন ঋণ লৈ লৈ তত্‌ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১৭ মে’ত পুনৰ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১০০০ কোটি টকা ঋণ লোৱাৰ বাবে নিবিদাৰ আহ্বান কৰিছে৷ চলিত মাহত দ্বিতীয় বাৰলৈ ঋণ ল’বলৈ সাজু হৈছে শৰ্মা চৰকাৰে৷ ইয়াৰ পূৰ্বে ৯ মে’ত চৰকাৰে ১ হাজাৰ কোটি টকা ঋণ লৈছিল৷ চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে মুঠ ৩ বাৰ ঋণ ল’বলগীয়া হৈছে৷ লক্ষণীয়ভাৱে বিহু নৃত্যৰ বিশ্ব ৰেকৰ্ডৰ আগে আগে ১১ এপ্ৰিলত ১১ কোটি টকা ঋণ লৈছিল৷ বিত্ত বিভাগৰ তথ্যত প্ৰকাশ পোৱা মতে হিমন্ত বিশ্ব শৰ্মাৰ দুবছৰীয়া কাৰ্যকালত বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰে বৰ্তমানলৈ ঋণ লৈছে সৰ্বমুঠ ৪৪ হাজাৰ কোটি টকা৷ ১৭ মে’ত নতুনকৈ ১,০০০ কোটি টকা ঋণ ল’লে ৰাজ্য চৰকাৰে সৰ্বমুঠ ধাৰৰ পৰিমাণ হ’ব ১ লাখ  ৩৫ হাজাৰ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ পূৰ্বৰ তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ তিনিটা কাৰ্যকালত অসমৰ ঋণ পৰিমাণ আছিল ২৪,৯২১ কোটি টকা৷ সৰ্বানন্দ সোণোৱালৰ  চৰকাৰৰ কাৰ্যকালত ঋণ আছিল ৪৮,৮০১ কোটি টকা৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কাৰ্যকালত ৪০ হাজাৰ কোটি টকাতকৈ অধিক টকাৰ ঋণ লোৱাত স্বাভাৱিকতেই এতিয়া অসমৰ জনমূৰি ঋণৰ পৰিমাণে ৪০ হাজাৰ টকা স্পৰ্শ কৰিছে৷