Logo
image

কংগ্ৰেছৰ কটাক্ষঃ যোগানমন্ত্ৰী স্বাস্থ্যৱান হ’লেই নহ’ব, ৰাইজো সুখী হ’ব লাগিব

আমাৰ অসম, ১৩ মে’: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুবছৰীয়া কাৰ্যকাল চূড়ান্ত ব্যৰ্থতাৰ বছৰ বুলি কয় প্ৰদেশ কংগ্ৰেছে৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়–হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুবছৰ পূৰ্তি উপলক্ষে বৰ ফুৰ্টিত আছে চৰকাৰখনৰ সাংগোপাংগসকল৷ আচলতে চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তি নহয়, এয়া ৭ বছৰীয়া বৰ্ষপূৰ্তিহে৷ চৰকাৰখনৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত অবাধে বিক্ৰী হৈ আছে ফৰ্মেলিনযুক্ত মাছ, ভয়ংকৰ কীটনাশক দ্ৰব্য মিহলি শাক-পাচলি৷ ফৰ্মেলিনযুক্ত মাছ আৰু কীটনাশক দ্ৰব্য যুক্ত শাক-পাচলি ৰাজ্যত অবাধে বিক্ৰী হৈ থকাক লৈ খোদ গুৱাহাটী উচ্ছ ন্যায়ালয়ে খেদ প্ৰকাশ কৰিছে৷ যোগানমন্ত্ৰীয়ে নিতৌ ব্যায়াম কৰাৰ ফটো ফেচবুকত আপলোড কৰে, ৰে’লত কিতাপ পঢ়াৰ বাবে আপলোড কৰি থাকে৷ কেৱল যোগানমন্ত্ৰী সুস্বাস্থ্যৰ গৰাকী হ’লে নহ’ব৷ ৰাজ্যবাসী সুস্বাস্থ্যৰ গৰাকী হৈ থাকিব লাগিব৷ ৰাইজো স্বাস্থ্যৱান হৈ থাকিব লাগিব৷ ৰাজ্যবাসীক সুস্বাস্থ্য দিয়াত চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে–কেনেকৈ অবাধে বিক্ৰী হৈ আছে ফৰ্মেলিনযুক্ত মাছ, কীটনাশক দ্ৰব্য মিহলী শাক-পাচলি বিক্ৰী হৈ আছে? নাৰী হিংসাত অসম দেশৰ ভিতৰত প্ৰথম হৈছে৷ শিক্ষা-স্বাস্থ্যত প্ৰকৃততে কি চলিছে গাঁৱৰ হাস্পতাললৈ নগ’লে, নিজে নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৫১ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে দৰমহা পোৱা নাই৷ শিক্ষা বিভাগৰ বাবে বাজেটত পৰ্যাপ্ত ধন নাই৷ আজি মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে মাননি বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে৷ নিজা উৎসৰে ৮ মাহৰ দৰমহা দিয়া চৰকাৰখন হিতাধিকাৰীৰ সংখ্যা প্ৰায় ২ কোটি৷ চৰকাৰে জনকল্যানমূলক কাম কৰিব নোৱাৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ ঘোষণা কৰিছে নতুন নতুন আঁচনি৷ চৌদিশে চিণ্ডিকেট৷ চুপাৰি কয়লাটো বাদেই মন্দিৰৰ ধনো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যায়৷ বুলড’জাৰ আৰু এনকাউণ্টাৰ চলাৰ সময়ত ৰাইজে আনকথাবোৰ পাহৰি যায়৷ প্ৰথমে ড্ৰাগমুক্ত অসম গঢ়াৰ পদক্ষেপ ল’ব বুলি কোৱাত আমিও ভাল পাইছিলো৷ ৰাজ্যৰ অলিয়ে গলি ড্ৰাগ-মদ৷ মদৰ ৰাজহৰ পইচাৰে চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই৷ সংবাদমেল প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তও উপস্থিত থাকে৷