উক্তি-বক্ৰোক্তি
কৰ্ণাটকলৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিছবাৰ আহিছিল৷ কোনো প্ৰধানমন্ত্ৰীক অতীতত এখন ৰাজ্যত ইমানবাৰ ভোটৰ প্ৰচাৰ চলাবলৈ অহা দেখা নাই৷ এতিয়া ফলাফলৰ পাছত দেখা গৈছে, তেওঁক জনগণে প্ৰত্যাখ্যান কৰিছে৷ এয়া নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতা৷
– কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া
সকলোৰে সন্মিলিত প্ৰচেষ্টা আৰু যৌথ নেতৃত্বৰ বাবে এই জয় সম্ভৱ হৈছে৷
– কংগ্ৰেছ সভাপতি মল্লিকাজুৰ্ন খৰ্গে
প্ৰধানমন্ত্ৰী আৰু বিজেপি কৰ্মীৰ অশেষ প্ৰচেষ্টা সত্ত্বেও আমি ৰাজ্যৰ ভোটাৰৰ আস্থা আৰু মৰম আদায় কৰিবলৈ সমৰ্থ নহ’লোঁ৷ পূৰ্ণাংগ ফলাফল প্ৰকাশ হ’লেই আমি পৰ্যালোচনা কৰিম৷ আমি এতিয়াৰ পৰাই ৰাজ্য বিজেপিৰ পুনৰ গঠনৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিম৷ এই পৰাজয়ৰ পৰা শিক্ষা লৈ আমি লোকসভা নিৰ্বাচনত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাম৷
– কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই
কৰ্ণাটকত ভালপোৱা-প্ৰীতিৰ বিপণী খোল খাই গৈছে৷ কৰ্ণাটকত ঘৃণাৰ দোকান-কাৰবাৰ বন্ধ হৈ গৈছে৷
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী
দক্ষিণ ভাৰত এতিয়া বিজেপিমুক্ত৷ প্ৰথমে আমি হিমাচল প্ৰদেশত জিকিলোঁ৷ এইবাৰ কৰ্ণাটকত৷ তেওঁলোকে কংগ্ৰেছমুক্ত ভাৰত বিচাৰিছিল৷ কিন্তু এইবাৰ দক্ষিণ ভাৰত বিজেপিমুক্ত হৈ গ’ল৷
– ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
জয় আৰু পৰাজয় বিজেপিৰ বাবে নতুন একো নহয়৷ ফলাফল দেখি দলীয় কৰ্মীসকল আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ পৰাজয় স্বীকাৰ কৰি লৈছোঁ৷
– প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা
কৰ্ণাটকৰ ফলাফল হৈছে বিজেপিয়ে সৃষ্টি কৰা নেতিবাচক, সাম্প্ৰদায়িক, দুৰ্নীতিগ্ৰস্ত, ধনাঢ্য, প্ৰপাগাণ্ডা ৰাজনীতিৰ অৱসানৰ বাৰ্তা৷
– সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ
পৰিৱৰ্তনৰ পক্ষে সুস্পষ্ট ৰায় দিয়াৰ বাবে কৰ্ণাটকৰ জনগণক ছেল্যুট দিছোঁ৷ নিষ্ঠুৰ কতৃৰ্ত্ববাদ আৰু বহুত্ববাদী ৰাজনীতিৰ পৰাজয় হৈছে৷ মানুহে গণতন্ত্ৰৰ জয় বিচাৰে৷ কোনো কেন্দ্ৰীয় আধিপত্যই জনসাধাৰণৰ স্বতঃস্ফুৰ্ততাক দমাই ৰাখিব নোৱাৰে৷ এয়া অনাগত দিনৰ বাবে এটা শিক্ষা৷
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী






