Logo
image

বিজেপিৰ কৰ্ণাটকী ৰাগ বেসুৰা

আমাৰ অসম, ১৪ মে’: ভোটগণনা আৰম্ভ হৈছিল পুৱা ৮ টা বজাত৷ ঠিক ৮ বাজি ৩৮ মিনিটত কংগ্ৰেছৰ টুইটাৰ হেণ্ডলত পোষ্ট কৰা হ’ল এটা ভিডিঅ’৷ ভিডিঅ’টোত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাত খোজকঢ়া ফটোৰ সৈতে মিশ্ৰিত কৰি দিয়া হৈছিল ‘ডিচি কমিকছ’ ছবিৰ ‘ৱণ্ডাৰ ৱ’মেন’ৰ বেকগ্ৰাউণ্ড সংগীত আই এম ইনভিনছিবল, আই এম ছ’ কনফিডেণ্ট, য়েহ, আই এম আনষ্ট’পেবল টুডে...৷’ অষ্ট্ৰেলিয়ান গায়িকা ছিয়াৰ এই গীতটোৰ সুৰ আৰু তাল ৰাহুল গান্ধীৰ পদযাত্ৰা আৰু কংগ্ৰেছৰ আজিৰ অপ্ৰতিৰোধ্য গতিৰ বিজয়ৰ সৈতে অবিশ্বাস্যভাৱে মিলি গৈছিল৷ আৰু কি আচৰিত৷ তেতিয়াৰ পৰাই বেসুৰা হৈ পৰিছিল বিজেপিৰ কৰ্ণাটকী ৰাগ৷ অথচ শনিবাৰে পুৱা ৮ বজাৰ আগলৈকে কৰ্ণাটকত বিজেপিৰ গেৰুৱা সংগীতেই অহা ৫ বছৰৰ বাবে বাজি থাকিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত থকা বিজেপিৰ সমস্ত সাংগো-পাংগোৱে আত্মবিশ্বাস প্ৰকাশ কৰি আছিল৷ কিন্তু বেসুৰা হৈ গ’ল বিজেপিৰ কৰ্ণাটকী ৰাগ৷
শত চেষ্টা স্বত্ত্বেও কৰ্ণাটকত বিজেপি উৎখাত হ’ল৷ বিজেপি মুক্ত হ’ল দক্ষিণ ভাৰত৷ কংগ্ৰেছমুক্ত ভাৰত গঢ়িবলৈ দেশব্যাপী অভিযান চলোৱা বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপি নিজেই দাক্ষিণাত্যৰ পৰা নোহোৱা হৈ পৰিল৷ দক্ষিণ ভাৰতৰ ৫খন ৰাজ্য কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু তামিলনাডুৰ ভিতৰত বিজেপিৰ অস্তিত্ব আছিল কেৱল কৰ্ণাটকত৷ সেই ৰাজ্যত ক্ষমতা অক্ষুণ্ণ ৰাখি বিজেপিয়ে দক্ষিণ ভাৰতত গেৰুৱা ৰং বিস্তাৰ কৰাৰ বাবে এইবাৰ অহোপুৰুষাৰ্থ কৰিছিল৷ সৰ্বশক্তি প্ৰয়োগ কৰিছিল বিজেপিয়ে৷ কিন্তু এই অতিমানৱীয় চেষ্টা চলায়ো বিজেপি কৰ্ণাটকত ৰণত পৰিল৷ প্ৰকৃততে কেৱল ৰণত পৰাই নহয়, বিজেপিৰ বৃহত্তম পৰাজয় ঘটিল কৰ্ণাটকত৷ ২২৪ খন আসনসম্বলিত বিধানসভাত অৰ্ধেক আসনো স্পৰ্শ কৰিব নোৱাৰিলে বৃহত্তম ৰাজনৈতিক দল বিজেপিয়ে৷ ৬৫খন আসন লৈয়েই সন্তুষ্ট থাকিবলগীয়া হ’ল কেন্দ্ৰত শাসনাধিষ্ঠিত গেৰুৱা দলটো৷ কোনো সুৰুঙা নৰখাকৈ নিৰ্বাচনী প্ৰচাৰ চলায়ো দক্ষিণ ভাৰতত ধুলিসাৎ হৈ পৰিল বিজেপি৷
দেশৰ এক কঠিন পৰিস্থিতিত কৰ্ণাটকত অৱিশ্বাস্য আৰু অপ্ৰতিৰোধ্য বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ দলে৷ কেইমাহমান পূৰ্বে একেবাৰে উত্তৰৰ হিমাচল প্ৰদেশত ক্ষমতা অৰ্জন কৰাৰ পাছত এইবাৰ কংগ্ৰেছ দলে দেশৰ দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকত ক্ষমতা অৰ্জন কৰিলে৷ কেৱল কোনোমতে ক্ষমতা অৰ্জন নহয়, কংগ্ৰেছে ১৩৭খন আসন লাভ কৰি দক্ষিণৰ ৰাজ্যখনত বিপুল বিজয় অৰ্জন কৰিলে৷ ২২৪ খন আসন থকা কৰ্ণাটকত কংগ্ৰেছৰ ১৩৭ খন আসন হৈছে নিৰংকুশ বিজয়৷ চৰকাৰ গঠনৰ বাবে ১১৩ খন আসন প্ৰয়োজন হোৱা ৰাজ্যখনত কংগ্ৰেছৰ এই বিজয়ে দলটোক স্বাভাবিকতে সঞ্জীৱনী প্ৰদান কৰিলে৷ ২০১৪ চনৰ পৰা দেশৰ ৰাজনীতিত শলঠেকত পৰি থকা কংগ্ৰেছৰ বাবে এয়া হিমাচল প্ৰদেশৰ পাছত উল্লেখযোগ্য বিজয় হিচাপে পৰিগণিত হৈছে৷ ২০২৪ চনৰ লোকসভাৰ ভোটৰ পূৰ্বে কংগ্ৰেছে কৰ্ণাটকৰ ক্ষমতা দখলেৰে দেশৰ মূলসুঁতিৰ ৰাজনীতিত খোপনি ল’লে৷
দক্ষিণ ভাৰতত বিজেপিৰ বিজয়ধবজা উৰুওৱাৰ বাবে কৰ্ণাটকত ক্ষমতা অক্ষুণ্ণ ৰখাটো গেৰুৱা দলটোৰ বাবে অতি প্ৰয়োজনীয় আছিল৷ কৰ্ণাটকৰ বিজয়ৰ ওপৰত ভৰ দিয়েই বিজেপিয়ে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা অভিযানৰ সপোন দেখিছিল৷ সেয়ে বিজেপিয়ে কৰ্ণাটকত ক্ষমতা অক্ষুণ্ণ ৰাখিবৰ বাবে অতিমানবীয় শক্তি প্ৰয়োগ কৰিছিল৷ কি নাছিল বিজেপিৰ প্ৰচাৰ অভিযানত? দীৰ্ঘদিনৰ পৰা আৰম্ভ কৰিছিল হিজাব বিতৰ্ক৷ চৰকাৰী প্ৰচেষ্টাৰে কৰ্ণাটকৰ শিক্ষানুষ্ঠানৰ পৰা হিজাব পৰিধান বন্ধ কৰিছিল বিজেপিয়ে৷ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল ব্ৰিটিছ বিৰোধী যুদ্ধৰ শ্বহীদ টিপু চুলতানৰ ধৰ্মীয় পৰিচিতি৷ বাতিল কৰিছিল অ’ বি চি মুছলিমৰ সংৰক্ষণ৷ প্ৰচাৰৰ শেষত বিজেপিয়ে ব্যৱহাৰ কৰিছিল ৰামভক্ত বজৰংবলীক৷ কংগ্ৰেছৰ বজৰং দলক নিষিদ্ধ ঘোষণা কৰাৰ ইস্তাহাৰক সাৰথি কৰি স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শেষৰ সকলো ৰেলী, ৰোড শ্ব’ আৰম্ভ কৰিছিল জয় বজৰংবলী ধবনিৰে৷ একেবাৰে শেষ মুহূৰ্তত বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ অস্ত্ৰ হৈ পৰিছিল ‘দ্য কেৰালা ষ্টৰী’ নামৰ প্ৰপাগাণ্ডা চিনেমাখন আৰু হালাল মাংস বন্ধৰ বিতৰ্ক৷ সামগ্ৰিকভাৱে বিজেপিয়ে কৰ্ণাটকৰ নিৰ্বাচনত এনেদৰে ধৰ্মীয় মেৰুকৰনেৰে হিন্দু-মুছলিম ভোটৰ বিভাজন সৃষ্টিৰ সৰ্বোচ্ছ প্ৰয়াস চলাইছিল৷ কিন্তু কৰ্ণাটকৰ ভোটাৰে বিজেপিৰ এই ফান্দত ভৰি নিদিলে৷ ৮৪ শতাংশ হিন্দু থকা ৰাজ্যখনত ভোটাৰ বিজেপিৰ প্ৰৰোচনা স্বত্বেও ধৰ্মীয়ভাৱে বিভাজিত নহ’ল৷ বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ বৃহৎ ৰাজনৈতিক পৰিকল্পনা কৰ্ণাটকৰ ভোটাৰে প্ৰত্যাখান কৰিলে৷ একেদৰে বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সুফলৰ আহ৩ানো কৰ্ণাটকৰ ভোটাৰে গুৰুত্ব নিদিলে৷ সামগ্ৰিকভাৱে প্ৰত্যাখান কৰিলে বিজেপিক৷ ফলত কৰ্ণাটকত আৰু সমগ্ৰ দক্ষিণ ভাৰতত পৰ্যুদস্ত হ’ল গেৰুৱা দল৷ দক্ষিণ ভাৰতত ৰাজনৈতিক অভিযান আৰু ক্ষমতা বিস্তাৰ কৰাৰ বিজেপিৰ সপোন কংগ্ৰেছৰ বিষম আঘাতত দীৰ্ঘদিনলৈ ধৰাশায়ী হ’ল৷ 
কংগ্ৰেছমুক্ত ভাৰত বিজেপিৰ দিবাস্বপ্নই হৈ ৰ’ল৷ এই বিজয়েৰে কংগ্ৰেছে কৰ্ণাটকৰ পৰাই দেশৰ ৰাজনীতিলৈ শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে৷ গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এয়া কংগ্ৰেছ সভাপতি হিচাপে হিমাচল প্ৰদেশৰ পাছত পূৰ্ণকালীন নিৰ্বাচন আছিল৷ সেই অগ্নি পৰীক্ষাত খৰ্গে সফল হ’ল৷ নিজৰ ৰাজ্যৰ কংগ্ৰেছ সভাপতি খৰ্গে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিদ্দাৰামায়া, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰৰ যৌথ প্ৰচাৰ অৱশেষত সাৰ্থক প্ৰমাণিত হ’ল৷ তদুপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে চলোৱা ব্যাপক প্ৰচাৰে কংগ্ৰেছৰ বিজয়ত অসামান্য অবদান যোগালে৷ ৰাহুল গান্ধীয়ে কৰ্ণাটকত ২২ দিন পদযাত্ৰা কৰা ভাৰত জোড়ো যাত্ৰায়ো সুফল দিলে শতাব্দীপ্ৰাচীন দলটোক৷ ৰাহুল গান্ধীয়ে মুঠতে কৰ্ণাটকত ৫০০ কিলোমিটাৰ পদযাত্ৰাত ৫১টা সমষ্টি সামৰি লৈছিল৷ সেই ৫১টা সমষ্টিত কংগ্ৰেছে ৩৮ টাত জয়লাভ কৰিছে, য’ত ৰাহুল গান্ধীৰ বিজয়ৰ হাৰ ৭১ শতাংশ৷ সম্পূৰ্ণ নিৰ্বাচনী অভিযানত কংগ্ৰেছে কোনো সময়তে ৰাষ্ট্ৰীয় সমস্যাৰ কথা কোৱা নাছিল৷ আনকি কঠোৰ সমালোচক ৰাহুল গান্ধীয়ে এবাৰলৈও আদানি, হিণ্ডেনবাৰ্গৰ নাম লোৱা নাছিল৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে বিজেপিৰ বাসবৰাজ বোম্মাই চৰকাৰৰ দুৰ্নীতি, অপশাসন তন্ন তন্নকৈ ভোটাৰক দেখুৱাই সেই ‘৪৫ শতাংশ কমিছনৰ চৰকাৰ’ক উৎখাত কৰিবলৈ আহ৩ান জনাইছিল৷ বিজেপিৰ দীৰ্ঘদিনীয়া সমৰ্থক লিংগায়ত জনগোষ্ঠী, অন্যতম বৃহৎ গোষ্ঠী ভোক্কালিগাই কংগ্ৰেছক মুকলি সমৰ্থন জনাইছিল৷ অতি পৰিকল্পিতভাৱে চলোৱা কংগ্ৰেছৰ এই প্ৰচাৰ অৱশেষত সাৰ্থক প্ৰমাণিত হ’ল৷ কৰ্ণাটকৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ কংগ্ৰেছৰ দুৰ্দান্ত আৰু শক্তিশালী প্ৰত্যাৱৰ্তন ঘটিল৷