Logo
image

৩ মাহ পূৰ্বেই উমান পাইছিল হিমন্তবিশ্বই

আমাৰ অসম, ১৪ মে’: ‘কৰ্ণাটকত মই প্ৰচাৰ চলোৱাখিনিত ফলাফল ঠিকেই আছে৷ বাকী কেনেকুৱা কি হৈছে, মই ইমান ভিতৰুৱাকৈ নাজানো৷ এইটো কথা এক প্ৰকাৰে নিশ্চিত হৈ আছিল যে কৰ্ণাটকত বিজেপিয়ে ইমান ভাল ফলাফল দেখুৱাব নোৱাৰিব৷ দুই-তিনি মাহৰ পূৰ্বেই আমি এনে উমান পাইছিলোঁ৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয়– ‘কৰ্ণাটকত ২০১৪ চনৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভাত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা আভাস পোৱা গৈছিল৷ লোকসভাৰ নিৰ্বাচনৰ আগতেও তাত কংগ্ৰেছে চৰকাৰ কৰিছিল৷ তাৰ পাছতহে আমাৰ চৰকাৰ হ’ল৷ ৰাজ্যভেদে ফলাফল বেলেগ বেলেগ হ’বই৷ উত্তৰ-পূব হ’লে মই কিবা ক’ব পাৰিলোহেঁতেন৷ মই ভাবো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কৰ্ণাটকৰে নহয় সমগ্ৰ দেশৰে ৰাইজৰ যথেষ্ট বিশ্বাস আৰু মৰম আছে৷’ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱা গোটেইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা বুলি দাবী কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছৰ উপ-দলপতি ৰকিবুল হুছেইনে দাবী কৰে যে কৰ্ণাটকত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টিতে বিজেপিয়ে পৰাজয় বৰণ কৰিছে৷ উল্লেখ্য, আজি বিহগুৰিত আয়োজিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায়৷ ইয়াতে মুখ্যমন্ত্ৰীক জনকণ্ঠ উপাধীও প্ৰদান কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কেবিনেট সমিতিয়ে বিচাৰ বিবেচনা কৰি আছে আৰু পঞ্চায়ত নিৰ্বাচন দলীয় ৰাজনীতিৰ উদ্ধৰ্ত অনুষ্ঠিত কৰাৰ বাবেও চিন্তা কৰা হৈছে৷ অৱশ্যে পঞ্চায়ত নিৰ্বাচন ২০২৪ত ৰাজ্যত অনুষ্ঠিত হোৱাৰ পূৰ্বে হ’বনে নাই সেই কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, কাজিৰঙা, বুঢ়াচাপৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যন্ত বন্য জীৱজন্তু অহাযোৱা কৰিব পৰা পথটো মোকলোৱা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে, বুঢ়াচাপৰীৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২১ হেজাৰ ভূমিত চলিব উচ্ছেদ অভিযান৷ অহা এমাহৰ ভিতৰত শোণিতপুৰ জিলা প্ৰশাসনে এই উচ্ছেদ চলাব৷ তেওঁ কয় যে, সোণাই ৰূপাই বা কোকৰাঝাৰ আদি বনাঞ্চলত উচ্ছেদ চলালে ৰাজ্যত এক ভয়ানক আন্দোলন হ’ব৷ এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাযাব বুলিও তেওঁ মন্তব্য কৰে৷ ইপিনে অনুষ্ঠানৰ মূল সভাত অংশলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্বদেশ প্ৰেম, বৌদ্ধিক চেতনা আৰু সামাজিক বৰঙনিয়ে সমাজ আৰু দেশৰ হকে সেৱা আগবঢ়োৱাৰ অনুপ্ৰেৰণা যোগায় বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷