Logo
image

এইবোৰ সমস্যাত অমিতা বিহৰ সমান

সু-স্বাস্থ্যৰ বাবে অমিতাৰ ভূমিকা অপৰিহাৰ্য৷ বিভিন্ন অসুস্থতাত চিকিৎসকে ৰোগীক অমিতা খাবলৈ পৰামৰ্শ দিয়ে৷ শৰীৰৰ লগতে ছালৰ যতন লোৱাৰ ক্ষেত্ৰতো অমিতা সমানেই উপকাৰী৷ কিন্তু জানি থোৱা ভাল যে সকলোৰে বাবে অমিতা উপকাৰী নহ’বও পাৰে৷ কিছুমান সমস্যা থাকিলে অমিতা ভুলতো নাখাব৷ ই হিতে বিপৰীত হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা থাকিলে অমিতা খোৱাটো অনুচিত–
- বহুতৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা থাকে৷ এনে সমস্যা থকাসকলে অমিতা নাখাব৷ নিতৌ অমিতা খালে এলাৰ্জিজনিত সমস্যা বাঢ়ে৷ ফলত শ্বাসকষ্ট বৃদ্ধি পায়৷
- যিসকলৰ তেজত শৰ্কৰাৰ মাত্ৰা বেছি, তেওঁলোকৰ বাবে অমিতা ক্ষতিকাৰক৷ অমিতাই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ গতিকে ডায়েবেটিক ৰোগীয়ে ভুলতো অমিতা খোৱাটো উচিত নহয়৷
- বহুতৰে কোষ্ঠকাঠিন্য সমস্যা থাকে৷ কিছুমানৰ ধাৰণা যে অমিতাই কোষ্ঠকাঠিন্য সমস্যা নাইকিয়া কৰে৷ এয়া ভুল৷ অমিতাই এই সমস্যা বৃদ্ধি কৰে৷ বেছিকৈ অমিতা খালে পেটত পানীৰ পৰিমাণ কমি আহে৷ ফলত কোষ্ঠকাঠিন্য বাঢ়ে৷