মানৱ সম্পদ বনাম মানৱ বোজা
এখন ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনি, উদ্যোগীকৰণ, প্ৰাকৃতিক সম্পদ আদিৰ লগতে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ’ল যোগ্য মানৱ সম্পদ৷ প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও আফ্ৰিকীয় বহু ৰাষ্ট্ৰৰ লগতে এছিয়া আৰু দক্ষিণ আমেৰিকাৰ কেইবাখনো ৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতি নিশকতীয়া৷ ইয়াৰ বিপৰীতে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত বিশেষ চহকী নোহোৱা সত্ত্বেও বিশ্বৰ বহু কেইখন দেশে ‘মানুহ’ নামৰ সম্পদটোক এনেভাৱে গঢ়ি তুলিছে যে এই সম্পদ উদ্ভাৱনী চিন্তা, সৃষ্টিশীলতা, গৱেষণাৰ সু-প্ৰয়োগ কৰি নিজৰ ৰাষ্ট্ৰখনক বিশ্ব প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ কৰি তুলিছে৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্যমতে ইজৰাইলৰ জনসংখ্যা ৯০,৪১,৯৫০জন৷ এক কোটিৰ তলৰ জনসংখ্যা থকা এখন ৰাষ্ট্ৰই বৰ্তমান সময়ত প্ৰযুক্তিৰ বিকাশ, সামৰিক শক্তি, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ঈৰ্ষণীয় সাফল্য অৰ্জন কৰাৰ অন্তৰালত আছে অতি শক্তিশালী মানৱ সম্পদ৷ শিক্ষাখণ্ডৰ অতি শক্তিশালী ভেটি থকা ৰাষ্ট্ৰখনৰ গৱেষকসকলে নতুন উদ্ভাৱনৰ যোগেদি এটাৰ পাছত এটাকৈ প্ৰযুক্তিৰ সৃষ্টি কৰিছে যে ভাৰতকে ধৰি বিশ্বৰ বহু ৰাষ্ট্ৰই ইজৰাইলৰ পৰা এনে অত্যাধুনিক প্ৰযুক্তিগত আহিলাসমূহ আমদানি কৰিছে৷ এছিয়াৰ ৰাষ্ট্ৰ জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়াৰ লগতে ছুইডেন, ডেনমাৰ্ক, ফিনলেণ্ড, নৰৱে আদি ৰাষ্ট্ৰসমূহেও শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰি সামাজিক আৰু অৰ্থনৈতিক বিকাশক তৰান্বিত কৰিবলৈ সক্ষম হৈছে৷ ভাল শিক্ষাৰ যোগেদি ভাল মানৱ সম্পদ সৃষ্টি কৰাৰ বাবে এফালে উন্নয়নো হৈছে আনহাতে এনে ৰাষ্ট্ৰবোৰত বিভিন্ন ধৰণৰ অপৰাধমূলক কাম-কাজৰ পৰিসংখ্যা তুলনামূলক বিশ্বৰ বহু ৰাষ্ট্ৰৰ তুলনাত অতি কম৷ তাৎপৰ্যপূৰ্ণভাৱে উল্লিখিত ৰাষ্ট্ৰসমূহৰ বহুকেইখন বিশ্বৰ সুখী মানুহৰ দেশৰূপে পৰিগণিত হৈছে৷ কিন্তু ইয়াৰ তুলনাত প্ৰাচুৰ্যৰে ভৰপূৰ হোৱা সত্ত্বেও আন কেতবোৰ দেশত সুখী মানুহৰ সংখ্যা কম৷ আই এম এফৰ মতে ৰাষ্ট্ৰৰ সাৰ্বিক উন্নয়নৰ ক্ষেত্ৰত প্ৰাকৃতিক সম্পদ অতি গুৰুত্বপূৰ্ণ উপাদান হ’লেও বিশ্ব বেংকৰ তথ্যমতে প্ৰাকৃতিক সম্পদৰ সৎ ব্যৱহাৰ কৰিবলৈ মানৱ সম্পদ যদি যোগ্য নহয় তেন্তে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি৷ সম্প্ৰতি আফ্ৰিকা মহাদেশৰ বহু কেইখন ৰাষ্ট্ৰত অবাধ হাৰত বনধবংস, অৰ্থনৈতিক মণিক নিষ্কাষণ, পেট্ৰ’লিয়াম, গেছ উৎপাদন কৰাৰ বাবে জৈৱ-বিচিত্ৰতা ধবংস হোৱাৰ লগতে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ এই সম্পদসমূহক লৈ বিভিন্ন গোটৰ মাজৰ সংঘাতৰ বাবে গৃহযুদ্ধ আৰু অন্যান্য ঘৃণনীয় অপৰাধবোৰে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে৷ এছিয়া মহাদেশৰ দেশ আফগানিস্তান সামাজিক-সাংস্কৃতিক দিশৰ পৰা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ আছিল যদিও মানৱ সম্পদৰ অপব্যৱহাৰৰ বাবে এতিয়া আফগানিস্তানৰ পৰিৱেশ-পৰিস্থিতি কি দিশলৈ ধাৱমান হ’ল সেই সম্পৰ্কে বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ এছিয়াৰ ৰাষ্ট্ৰ পাকিস্তান, ইৰাক, ইৰাণ আদিতো সামাজিক পৰিৱেশ বিনষ্ট কৰিছে সন্ত্ৰাসবাদ, উগ্ৰবাদী কাৰ্যকলাপে৷ আফগানিস্তান, য়েমেন, টাজকিস্তান, কিৰঘিস্তান আদি এছিয়াৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ তালিকাত স্থান তেনেই নিম্ন পৰ্যায়ত৷ উল্লেখ্য বৰ্তমান বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশৰূপে পৰিগণিত দেশ ভাৰতত কম বয়সীয়া লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে অধিক হোৱাটো আশীৰ্বাদ হ’ব নে অভিশাপ হ’ব সেয়া নিৰ্ণীত হ’ব মানৱ সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত৷ ক’ভিড অতিমাৰীৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক পৰিস্থিতি সামান্য উন্নত হ’ল যদিও অভাৱনীয় হাৰত নিবনুৱাৰ বৃদ্ধি–বিশেষকৈ শিক্ষিত নিবনুৱাৰ নিয়োগ সংস্থানৰ অভাৱ দেশৰ বাবে অতি উদ্বেগৰ কাৰণ হৈ পৰিছে৷ ইয়াৰ লগতে দৰিদ্ৰতা, ড্ৰাগৰ অবাধ প্ৰচলন, ধৰ্ষণ, হত্যা-লুণ্ঠন, অপহৰণ, মানসিকতাৰ অৱক্ষয় আদিৰ বাবে শিক্ষিত-কম শিক্ষিত, অশিক্ষিত সকলো চামৰ মাজতে অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে৷ ইফালে অৰ্থনৈতিকভাৱে স্বচ্ছল, প্ৰাচুৰ্যৰে ভৰপূৰ হোৱাৰ পাছতো এচামে নিজকে সন্তুষ্ট কৰিব পৰা নাই পোৱাখিনিক লৈ৷ ফলত এনে একাংশ লোকেও ভয়ংকৰ অপৰাধত লিপ্ত হৈছে৷ শেহতীয়াকৈ অসমত সংঘটিত হোৱা শিক্ষিত চিকিৎসক দম্পতীৰ কাণ্ডই সকলোকে ভবাই তুলিছে৷ সেই দিশৰ পৰা কেৱল শিক্ষিত হ’লেই যে সমাজ, ৰাষ্ট্ৰৰ উন্নয়ন হ’ব তেনে নহয়, সেয়াও প্ৰতীয়মান হৈছে৷ প্ৰকৃত শিক্ষাই প্ৰকৃত মানৱ সম্পদ তৈয়াৰ কৰে৷ বিশ্বৰ বহু দেশে প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰাৰ বাবে এচাম দেশপ্ৰেমিক, দায়বদ্ধ, যোগ্য মানুহৰ সৃষ্টি হৈছে৷ সংশ্লিষ্ট ৰাষ্ট্ৰইও এইখিনি মানুহক আস্থাৰে বিভিন্ন কৰ্মত নিয়োজিত কৰাৰ বাবে ৰাষ্ট্ৰৰো হিতসাধন হৈছে, সমাজখনো ঠিকেই চলি আছে৷ এনে এক জটিল সন্ধিক্ষণত ভাৰতে যদি সঠিকভাৱে অগ্ৰসৰ নহয় তেন্তে বহু মানুহ সম্পদ হোৱাৰ পৰিৱৰ্তে ‘বোজা’লৈ পৰিণত হোৱাটো নুই কৰিব নোৱাৰি৷






