Logo
image

মোদী মেজিক শেষ? বিজেপিত অস্বস্তি

আমাৰ অসম, ১৫ মে’:মোদী মেজিক শেষ৷ পাপ্পুৰ গ্ৰহণযোগ্যতা আৰম্ভ৷ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ বৃহৎ পৰাজয় আৰু কংগ্ৰেছৰ বিপুল বিজয়ৰ পাছত দেশজুৰি এনে এটা ধাৰণা আৰম্ভ হৈছে৷ ২০১৪ চনত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপি লোকসভা নিৰ্বাচনত নমাৰ পাছৰ পৰা বিগত ১০ বছৰত গেৰুৱা দলটোক প্ৰায় সকলো নিৰ্বাচনতে মোদী মেজিকে ৰক্ষা কৰি আছিল বুলি সমস্ত দেশে স্বীকাৰ কৰি লৈছিল৷ তাৰ মাজতে দুই-এখন ৰাজ্যত বিজেপি পৰাজিত হ’লেও নৰেন্দ্ৰ মোদী পূৰ্ণশক্তিৰে জঁপিয়াই পৰা পশ্চিমবংগত প্ৰথমবাৰৰ বাবে মোদী মেজিকে কামত নিদিয়াটো পৰিস্ফূট হৈছিল৷ বিগত দহ বছৰত দেশৰ আন এখন গুৰুত্বপূৰ্ণ  ৰাজ্য কৰ্ণাটকত পুনৰ পূৰ্ণশক্তিৰে নিৰ্বাচনত জঁপিয়াই পৰি  আকৌ এবাৰ ব্যৰ্থ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ যিহেতু কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰচাৰৰ মূল দায়িত্ব নৰেন্দ্ৰ মোদীয়ে নিজৰ কান্ধত লৈ আগবাঢ়িছিল সেয়ে এই পৰাজয়ৰ দায়িত্বও স্বাভাৱিকতে তেওঁৰ কান্ধতে থাকিব৷ নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ সৰু-বৰ সকলো নেতাকে আঁতৰাই আৰু কেন্দ্ৰীয় বিজেপি নেতাক গুৰুত্বহীন কৰি নিজে প্ৰচাৰৰ আগভাগ লৈছিল৷ সেইক্ষেত্ৰত বিজয়ৰ বাবে স্বয়ং মোদীয়ে নিজেও মোদী মেজিকৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ দলৰ অন্যান্য শীৰ্ষনেতা যেনে অমিত শ্বাহ, স্মৃতি ইৰাণী, ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি সকলোৱেই মোদী মেজিক দেশৰ সকলো ৰাজ্যৰ নিৰ্বাচনৰ দৰে কৰ্ণাটকতো অক্ষুণ্ণ থাকিব বুলি দাবী কৰিছিল৷ ইমানৰ পাছতো যেতিয়া বিজেপিয়ে কংগ্ৰেছৰ অদ্ধেৰ্ক আসনো লাভ কৰিবলৈ সক্ষম নহ’ল তেতিয়া কৰ্ণাটকৰ নিৰ্বাচনত মোদী মেজিকে কোনো কাম নিদিলে বুলি সকলোৱেই এটা স্থিৰ সিদ্ধান্তলৈ আহিছে৷ অৱশ্যে অতি স্বাভাৱিকভাৱে কৰ্ণাটকৰ ব্যৰ্থতাৰ দায় কোনেও মোদীৰ কান্ধত তুলি দিবলৈ সাহস কৰা নাই৷ মোদীয়ে নিজেও কৰ্ণাটকৰ ব্যৰ্থতাৰ দায় লোৱা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীৰ সোঁহাত হিচাপে বিবেচিত অমিত শ্বাহে কৰ্ণাটকৰ নিৰ্বাচনৰ ব্যৰ্থতা সন্দৰ্ভত এটাও শব্দ উচ্ছাৰণ কৰা নাই, মোদীৰ ব্যৰ্থতাৰ কথা উচ্ছাৰণ কৰা দূৰঅস্ত৷ ইয়াৰ বিপৰীতে অমিত শ্বাহে দেওবাৰে উত্তৰ প্ৰদেশৰ মেয়ৰৰ নিৰ্বাচনত বিজেপিৰ সাফল্যৰ কথা বৰ্ণনা কৰিয়েই ক্ষান্ত আছে৷ কৰ্ণাটকৰ নিৰ্বাচনৰ সকলো পৰিকল্পনা অমিত শ্বাহেই কৰিছিল৷ তেওঁক দলৰ নিৰ্বাচনৰ ক্ষেত্ৰত ‘মাইক্ৰ’ মেনেজাৰ’ বুলি আখ্যা দিয়া হয়৷ অৰ্থাৎ অমিত শ্বাহে তৈয়াৰ কৰে ‘ব্লু-প্ৰিণ্ট’৷ এই নীল নক্সাত মোহৰ মাৰে নৰেন্দ্ৰ মোদীয়ে৷ কৰ্ণাটকৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিল৷ যিহেতু কৰ্ণাটকৰ বাসৱৰাজ বোম্মাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছিল সেয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বই বোম্মাইকে ধৰি কৰ্ণাটকৰ মন্ত্ৰী-মণ্ডলীক নিৰ্বাচনী প্ৰচাৰৰ পৰা দূৰতে বিদূৰ কৰি ৰাখিছিল৷ মোদীয়ে এককভাৱে নেতৃত্ব লোৱা এই নিৰ্বাচনী প্ৰচাৰত শীৰ্ষ নেতৃত্বই ঘাইকৈ অন্তভুৰ্ক্ত কৰিছিল সাম্প্ৰদায়িক ভাষণ দিয়াত সিদ্ধহস্ত অমিত শ্বাহ, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু নতুনকৈ সাম্প্ৰদায়িক ভাষণত অভ্যস্ত হৈ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ কিন্তু এই কথাত কোনো সন্দেহ নাই, সকলোৱে মোদী মেজিকৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে কৰ্ণাটকৰ বৈতৰণী পাৰ হ’ব বুলি আশা কৰিছিল৷ মোদীয়ে কৰ্ণাটকত যিমান সাম্প্ৰদায়িক ভাষণ প্ৰদান কৰিছিল তেওঁৰ সতীৰ্থ বাকী কেইজন নেতা বহুসময়ত মোদীতকৈও সাম্প্ৰদায়িক ভাষণ প্ৰদানত আগবাঢ়ি গৈছিল৷ কিন্তু নৰেন্দ্ৰ মোদী আৰু সমস্ত বিজেপিৰ আশা-ভৰষাৰ স্থল মোদী মেজিক কৰ্ণাটকত ব্যৰ্থ হ’ল৷ 

কৰ্ণাটকৰ পৰা বিজেপি উৎখাত হ’ল৷ সমগ্ৰ দক্ষিণ ভাৰত বিজেপিমুক্ত হ’ল৷ সেয়া বাস্তৱ আৰু সত্য৷ কিন্তু সঁচাকৈ মোদী মেজিক শেষ হ’ল নেকি? এয়া এক বিমূৰ্ত প্ৰশ্ন৷ প্ৰকৃততে মোদী মেজিক ধাৰণাটোৱেই দেশৰ বহু ৰাজনৈতিক বিশে¡ষকৰ মতে বিমূৰ্ত৷ ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই৷ ২০১৪ চনৰ পৰা বিজেপিয়ে দাবী কৰা মতে যি মোদী মেজিকৰ ওপৰত নিৰ্ভৰ কৰি দলটোৱে বাৰম্বাৰ নিৰ্বাচনত বিজয়ী হৈছে সেয়া এক সৃষ্টি কৰা ধাৰণা৷ দেশৰ আগশাৰীৰ সকলো মিডিয়া নিজৰ হাতৰ মুঠিত ৰাখি বিজেপিয়ে মোদীৰ নামত একধৰণৰ যাদু বা মেজিকৰ ধাৰণা সৃষ্টি কৰি লৈছে৷ অতি সুন্দৰভাৱে মোদী বিপণন কৰি জনগণৰ মাজত তুলি ধৰা হৈছে৷ সেই বিপণন বা মাৰ্কেটিঙত নৰেন্দ্ৰ মোদী একপ্ৰকাৰ সিদ্ধহস্ত৷ তেনেই সাধাৰণ মানুহে কেনেধৰণৰ বক্তব্য ভাল পায় সেয়া মোদীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰে৷ মোদী এজন সুবক্তা৷ তেনেই অলাগতিয়াল কথা কৈ তেওঁ সাধাৰণ জনতাক প্ৰলোভিত কৰে৷ প্ৰকৃততে দেশৰ সাধাৰণ জনতাই প্ৰদান কৰা ভোটেৰে নিৰ্বাচনী ফলাফল নিৰ্ধাৰণ হয়৷ মোদীৰ বক্তব্য যি সহ্য কৰিব নোৱাৰে তেনে ভোটাৰৰ সংখ্যা দেশত তেনেই নগণ্য৷ ইয়াৰ বিপৰীতে মোদীয়ে কোৱা শাকখোৱা-ভাতখোৱা অৰ্থাৎ তেনেই গুৰুত্বহীন আৰু বহু সময়ত নিম্নস্তৰৰ কথা শুনি ভালপোৱা বা ভোট দিয়া মানুহৰ সংখ্যা দেশত গৰিষ্ঠ৷ এনে পৰিপ্ৰেক্ষিতত দেশৰ অধিকাংশ ৰাজ্যত আৰু লোকসভাৰ নিৰ্বাচনত মোদীৰ বক্তব্যই সকলোকে আকৃষ্ট কৰি ৰখাৰ বাবেই মোদী মেজিকে ইমানদিনে নিৰ্বাচনত বিজেপিক বৈতৰণী পাৰ হোৱাত সহায় কৰি আছিল৷ 

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব লোৱা নৰেন্দ্ৰ মোদীয়ে দক্ষিণৰ ৰাজ্যখনতো তেওঁ দেশৰ আন আন নিৰ্বাচনত যিদৰে ভোটাৰ প্ৰচাৰ চলায় ঠিক সেইদৰেই প্ৰচাৰ চলাইছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী আৰু দলীয় নিৰ্বাচনী সূচী লৈ বিগত কেইমাহত মুঠতে ৪৬ বাৰ কৰ্ণাটকলৈ গৈছিল৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দুটা দিনত কেৱল বেংগালুৰুত ৩৬ কিলোমিটাৰ পদযাত্ৰা কৰাৰ লগতে তেওঁ মুঠতে ৰাজ্যখনত জ্ঝ টাকৈ ৰোড শ্ব’ আয়োজন কৰি প্ৰায় ১০০ কিলোমিটাৰ পথত ভোটাৰৰ সৈতে সংযোগ স্থাপন কৰিছিল৷ নিৰ্বাচন ক্ৰমান্বয়ে আগবাঢ়ি অহাত মোদীয়ে সচৰাচৰ বিজেপিয়ে গ্ৰহণ কৰা সাম্প্ৰদায়িক প্ৰচাৰ আৰম্ভ কৰিছিল৷ কংগ্ৰেছে ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰিব বুলি ঘোষণা কৰাত সুবৰ্ণ সুযোগ পাইছিল মোদীয়ে৷ তেতিয়াৰ পৰা তেওঁ প্ৰত্যেকখন নিৰ্বাচনী সভা আৰু প্ৰতিটো ৰোড শ্ব’ আৰম্ভ কৰিছিল জয় বজৰংগৱলী ধবনি দি৷ আনকি নিৰ্বাচনী সভাত বজৰংগৱলী অৰ্থাৎ হনুমানে  কংগ্ৰেছলৈ কুদৃষ্টি দিয়া বুলি ক’বলৈও তেওঁ কুণ্ঠিত হোৱা নাছিল৷ যথাসময়ত গুজৰাটী প্ৰযোজক বিপুল শ্বাহে মুক্তি দিয়া ‘দ্য কেৰালা ষ্টৰী’ক লৈও নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিষবাষ্প এৰি দিছিল৷  অৱশ্যে প্ৰায় দুবছৰ আগৰে পৰা বিজেপি চৰকাৰে ৰাজ্যখনত হিজাব বিৰোধী আন্দোলনত সাৰ-পানী যোগাই শিক্ষা প্ৰতিষ্ঠানত হিজাব পৰিধান চৰকাৰীভাৱে বন্ধ কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিছিল৷ শেষমুহূৰ্তত হালাল কৰা মাংস বন্ধৰ প্ৰতিশ্ৰুতি  আৰু দলিত মুছলমানৰ সংৰক্ষণ বন্ধ কৰি সামগ্ৰিকভাৱে ৰাজনৈতিক পৰিৱেশ সাম্প্ৰদায়িকতালৈ পৰ্যৱসিত কৰিবলৈ চেষ্টা চলাইছিল বিজেপিয়ে৷ কিন্তু অতি আচৰিতভাৱে ৮৪ শতাংশ হিন্দু বাসিন্দা থকা ৰাজ্যখন এই সাম্প্ৰদায়িক প্ৰচাৰত ভোল নগ’ল৷ অৰ্থাৎ নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে পূৰ্ণ প্ৰয়াস চলাইয়ো ৰাজ্যখনৰ ভোটাৰৰ মাজত ধৰ্মীয় মেৰুকৰণেৰে ভোটৰ বিভাজন ঘটাবলৈ সক্ষম নহ’ল৷ প্ৰচাৰৰ সময়ত ডাবল ইঞ্জিন চৰকাৰৰ সুফলৰ কথা কৈছিল তেওঁ৷ অৰ্থাৎ ৰাজ্যত বিজেপি চৰকাৰ হ’লে তেওঁৰ কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকক হিয়া উবুৰিয়াই দিব৷ কিন্তু সেই আহ্বান কৰ্ণাটকৰ ভোটাৰে নুশুনিলে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ধৰ্মীয় মেৰুকৰণৰ চেষ্টাৰ লগতে আন বহু ৰাজ্যত তেওঁৰ বাবে ভোট বিচৰাৰ দৰে কৰ্ণাটকতো ভোট বিচাৰিছিল৷ দলীয় সমৰ্থকক তেওঁ কৈছিল, প্ৰত্যেকৰ ঘৰে ঘৰে গৈ তেওঁৰ প্ৰণাম দিবলৈ আৰু তাৰ বিনিময়ত বিচাৰিছিল আশীৰ্বাদ–  অৰ্থাৎ ভোট৷ কিন্তু তথাপিতো কৰ্ণাটকৰ ভোটাৰে নৰেন্দ্ৰ মোদীক ভোট নিদিলে৷ মোদী মেজিকৰ কোনো প্ৰভাৱ নপৰিল৷ 

এসময়ৰ কিষ্কিন্ধা– এতিয়াৰ কৰ্ণাটকৰ বিজয়নগৰৰ হাম্পি হৈছে হনুমানৰ জন্মুভূমি হিচাপে স্বীকৃত স্থান৷ হনুমানক অপমান কৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত বাৰম্বাৰ জয় বজৰংগৱলী ধবনি দিলেও হনুমানৰ জন্মস্থান হাম্পিত বিজেপি পৰাজিত হ’ল৷ বিজয়ী হ’ল কংগ্ৰেছ৷ ইয়াৰ অন্যাৰ্থ এয়াই যে নৰেন্দ্ৰ মোদীৰ কথাত আনকি হনুমানৰ জন্মস্থানৰ ভোটাৰেও বিশ্বাস নকৰিলে৷ তাতো শূন্য হৈ ৰ’ল মোদী মেজিক৷ এতিয়া বিজয়ী কংগ্ৰেছে  কৰ্ণাটকৰ নিৰ্বাচনত যে মোদী মেজিক নোহোৱা হৈ পৰিল আৰু মোদীয়ে কৰ্ণাটকত ব্যৰ্থ হ’ল সেই কথা তুলি ধৰিবলৈ প্ৰচেষ্টা চলাইছে৷ সম্ভাৱ্য মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই শনিবাৰেই কৈছিল যে এয়া মোদীৰ পৰাজয়৷ মোদী মেজিক কৰ্ণাটকত নচলিব বুলি তেওঁ নিৰ্বাচনৰ পূৰ্বে কৰা মন্তব্য কালি পুনৰ সোঁৱৰাই দিয়ে৷ কংগ্ৰেছৰ একাধিক নেতাই যুক্তি দি কয় যে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সমস্ত দায়িত্ব মোদীয়ে কান্ধ পাতি লৈছিল৷ সেয়ে বিজেপিৰ ব্যৰ্থতাৰ দায়ো তেওঁৰেই কান্ধত পৰিব৷  অৱশ্যে কোনো কাৰণতে বিজেপিৰ কোনো নেতাই ব্যৰ্থতাৰ দায় নৰেন্দ্ৰ মোদীৰ কান্ধত জাপিবলৈ সাহস গোটোৱা নাই৷ কালি বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে পৰাজয়ৰ প্ৰথমটো প্ৰতিক্ৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ কৰ্মীয়ে ৰাজ্যৰ ভোটাৰৰ মনত দাগ কাটিবলৈ সক্ষম নোহোৱাৰ বাবেই দল পৰাজিত হৈছে বুলি মন্তব্য কৰিছিল৷ পিছে সেই একেজন  বোম্মায়ে দেওবাৰে কৰ্ণাটকৰ পৰাজয়ৰ সম্পূৰ্ণ দায়িত্ব নিজৰ কান্ধত তুলি লৈছে৷ নতুনকৈ তেওঁ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে, য’ৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নাম প্ৰত্যাহাৰ কৰিছে৷ কংগ্ৰেছৰ দাবী, বোম্মাইক দলৰ শীৰ্ষ নেতাই মোদীৰ নাম আঁতৰাই নিজে  পৰাজয়ৰ দায়িত্ব কান্ধ পাতি ল’বলৈ বাধ্য কৰাইছে৷