Logo
image

আইএছচি পৰীক্ষাত শীৰ্ষৰ তিনিটা স্থানত গুৱাহাটীৰ ছাত্ৰী

আমাৰ অসম, ১৫ মে’: দেওবাৰে ফলাফল ঘোষণা কৰা আইএছচি অৰ্থাৎ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট পৰীক্ষাৰ দ্বাদশ শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰতগুৱাহাটী মহানগৰীৰ সংস্কৃতি দ্য গুৰুকুল বিদ্যালয়ে হেটট্ৰিক অৰ্জন  কৰিছে৷ অৰ্থাৎ এই বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীয়ে যথাক্ৰমে দেশৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ এই বিদ্যালয়ৰ ৰিয়া আগৰৱালে ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি দেশৰ অন্যান্য পাঁচগৰাকী শিক্ষাৰ্থীৰ সৈতে শীৰ্ষস্থান লাভ কৰিছে৷ আনহাতে ৯৯.৫০ শতাংশ নম্বৰ লাভ কৰি দেশৰ দ্বিতীয় স্থান লাভ কৰা শিক্ষাৰ্থীৰ মাজত স্থান পাইছে য়াছিকা কেডিয়াই৷ নিক্ষা বাহেতীয়ে ৯৯.২৫ শতাংশ নম্বৰ লাভ কৰি দেশৰ ভিতৰত তৃতীয় স্থান অৰ্জন কৰিছে৷ আইএছচি অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সংস্কৃতি দ্য গুৰুকুল বিদ্যালয়ৰ পৰা মুঠতে ৪৭ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল, য’ৰ ৩৩গৰাকী শিক্ষাৰ্থীয়ে ৯০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰে৷ একেখন বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৰ্থাৎ আইএছচিইত ৬৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল৷ তাৰে ৩৮ শিক্ষাথীৰ্য়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰে৷ আনহাতে সান্যা আগৰৱালে ৯৮.৮ শতাংশ নম্বৰ লাভ কৰি স্কুলৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী হিচাপে বিবেচিত হৈছে৷