Logo
image

মে’ মাহৰ শেষত মেট্ৰিকৰ ফলাফল

আমাৰ অসম, ১৫ মে’: চি বি এছ ইয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই ছেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ কৰিব তাক লৈ পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে৷ এই উৎকণ্ঠাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত মে’ৰ শেষৰ ফালে মেট্ৰিক পৰীক্ষাৰ   ফলাফল ঘোষণা কৰা হ’ব বুলি স্পষ্ট কৰিছে৷ ছেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ অৱশ্যে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কোনো কথা উল্লেখ কৰা নাই যদিও অসম মাধ্যমিক শিক্ষা পৰিষদৰ এটা উচ্ছস্তৰীয় সূত্ৰই জুনৰ তৃতীয় সপ্তাহত উচ্ছতৰ মাধ্যমিক ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে৷ উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ উত্তৰ বহী মূল্যায়ন সম্পূৰ্ণ হৈছে যদিও টেবুলেশ্বন প্ৰক্ৰিয়া বৰ্তমান চলি থকা বুলি পৰিষদৰ সূত্ৰটোৱে নিশ্চিত কৰিছে৷ উল্লেখ্য, এইবাৰ ৩ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত সৰ্বমুঠ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ পৰীক্ষা অনুষ্ঠিত হৈছিল ৯১২টা কেন্দ্ৰত৷ অৱশ্যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰি নতুনকৈ অনুষ্ঠিত কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ গণিতৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰিছিল যদিও ৰহস্যজনক কাৰণত ছেবা বা চি আই ডিয়ে এই অভিযোগৰ তদন্ত নকৰাকৈ গাপ দি ৰখা বুলিও চৰ্চা চলিছিল৷ ইফালে ২০ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল৷

মঙলবাৰে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফলঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ চুড়ান্ত ফলাফল ১৬ মে’ত ঘোষণা হ’ব৷ ১,৬২৬টা পদৰ বাবে অনুষ্ঠিত স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল প্ৰকাশ পোৱাৰ পাছত ৪৫ হাজাৰ নিবনুৱাক ২৫মে’ত খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলিও সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয়– স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল ১৬ মে’ত ঘোষণা কৰা হ’ব৷ এই ফলাফল দিয়াৰ পাছতেই ৪৫ হাজাৰ প্ৰাৰ্থীৰ নিযুক্তিৰ পথ প্ৰশস্ত হ’ব৷ চ্ছ মে’ত খানাপাৰা খেলপথাৰত নিযুক্তি পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো৷ ইয়াৰোপৰি যিসকল দিব্যাংগ প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছিল, তেওঁলোকেৰ কাইলৈৰ পৰা স্বাস্থ্য পৰীক্ষা আৰম্ভ হ’ব৷ আমি চেষ্টা কৰিম প্ৰাৰ্থীসকলক যিমান দূৰ সম্ভৱ গৃহ জিলা বা ঘৰৰ কাষৰ জিলাত নিযুক্তি দিব পাৰো নেকি? বিশেষকৈ মহিলা আৰু দিব্যাংগ সকলক ভাল ঠাইত দিব পাৰি নেকি চেষ্টা কৰিছো৷ কিছুমান বিভাগত সম্ভৱ নহ’ব যদিও কিছুমান বিভাগত সম্ভৱ হ’ব৷ যিমান দূৰ পাৰো আমি চেষ্টা কৰিম৷