Logo
image

বাংলাদেশ, ম্যানমাৰত ২১০ কিঃমিঃ বেগী মোখাৰ খুন্দা

আমাৰ অসম, ১৫ মে’: চাইক্লনৰ পৰা ছুপাৰ চাইক্লনৰ ভয়ংকৰ মূৰ্তি ধৰি প্ৰায় একে সময়তে বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলত খুন্দা মাৰিলে প্ৰৱল ঘূৰ্ণীবৃষ্টি মোখাই৷ প্ৰতিঘণ্টাত ২১০ কিলোমিটাৰ বেগত মোখাৰ ‘লেণ্ডফল’ ঘটিল বাংলাদেশৰ কক্সবাজাৰৰ উপকূল আৰু ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ চিতাৱাটে চহৰত৷ প্ৰৱল ঘূণীৰ্বৃষ্টিত পৰিণত  হোৱা মোখাৰ তাণ্ডৱত ম্যানমাৰত প্ৰাথমিকভাৱে এজন ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ আহত হৈছে শতাধিক৷ আনহাতে বাংলাদেশত মোখাৰ প্ৰচণ্ড তাণ্ডৱত তিনি শতাধিক লোক আহত হৈছে৷ এতিয়াও বাংলাদেশৰ পৰা মৃত্যুৰ খবৰ অহা নাই৷ বাংলাদেশৰ কক্স বাজাৰ, চেণ্টমাৰ্টিন দ্বীপত এই ছুপাৰ চাইক্লন দিনৰ প্ৰায় ডেৰ বজাত আচাৰ খাই পৰে৷ ঘণ্টাত ২১০ কিলোমিটাৰ বেগত বলা বতাহে সেই অঞ্চলৰ তিনি শতাধিক ঘৰ-দুৱাৰ ভাঙি-ছিঙি তছনছ কৰি পেলায়৷ সমুদ্ৰৰ পৰা মোখাই কঢ়িয়াই নিয়া পানীয়ে সমগ্ৰ উপকূলীয় অঞ্চলত প্লাৱনৰ সৃষ্টি কৰে৷ প্ৰচণ্ড ধুমুহাত গছ-গছনি ভাগি পৰাত আৰু ধুমুহা শাম নকটাত উদ্ধাৰ কাৰ্য সম্ভৱ হৈ উঠা নাই৷ অৱশ্যে বাংলাদেশৰ তুলনাত ক্ষতিৰ পৰিমাণ ম্যানমাৰত বেছি বুলি  সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে৷ ৰাখাইন প্ৰদেশৰ চিতাৱাটে চহৰত ২১০ কিলোমিটাৰ গতিৰ বতাহ আৰু চাইক্লনে মৰা খুন্দা সমগ্ৰ অঞ্চলটোত ভয়ংকৰ তাণ্ডৱৰ সৃষ্টি হৈছে৷ ম্যানমাৰৰ সেনাবাহিনীয়ে উদ্ধাৰ অভিযান চলাবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে৷ ঘাইকৈ প্ৰৱল বেগত বতাহ বলি থকাৰ বাবে আৰু সমুদ্ৰৰ পানীয়ে প্লাৱিত কৰি তোলাৰ বাবে উদ্ধাৰ কাৰ্য সম্ভৱ হোৱা নাই৷ ধুমুহাত ঘৰ-দুৱাৰ ভাগি যোৱা সকলো লোক এতিয়া নিৰাশ্ৰয় হৈ থাকিব লগা হৈছে৷ অভাৱনীয় বেগৰ বতাহ আৰু ছুপাৰ চাইক্লন মোখাই সৃষ্টি কৰা প্ৰৱল বৃষ্টিপাতত অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে৷ ম্যানমাৰৰ সেনাবাহিনীয়ে জনোৱা অনুসৰি উপকূলীয় অঞ্চলৰ পৰা তিনিলাখ বাসিন্দাক আগতীয়াকৈ স্থানান্তৰ কৰাৰ বাবে ক্ষতিৰ পৰিমাণ সামান্য কম হৈছে৷ তীব্ৰবেগৰ বতাহ শাম কাটিলে আৰু বৰষুুণৰ মাত্ৰা হ্ৰাস পালেহে উদ্ধাৰ অভিযান সম্ভৱ হ’ব বুলি স্বয়ং সেনাবাহিনীয়ে মন্তব্য কৰিছে৷ মোখাৰ সামান্য প্ৰভাৱ বাংলাদেশ হৈ দক্ষিণ অসমলৈ অহাৰ আশংকা আছে৷ সেই অনুসৰি বৰাকত মোখাৰ প্ৰভাৱ কিছু পৰিমাণে থাকিব৷ গুৱাহাটীত সেমেকা বতাহ বলিলেও বৰষুণ হোৱাৰ আশংকা নাই৷