Logo
image

বন্দনা, ২ সংগীৰ বিৰুদ্ধে ২৮ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল

আমাৰ অসম, ১৫ মে’:  দেশ কপাঁই যোৱা চাঞ্চল্যকৰ গুৱাহাটীৰ দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ দুই সংগীৰ বিৰুদ্ধে আজি নুনমাটি আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে৷ নাৰেংগীৰ দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ দুই সংগী ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকাৰ বিৰুদ্ধে আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পি আই ক’ৰ্টত ২৮ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰে৷ অভিযোগনামাত স্বামী আৰু শাহুক  কিদৰে কেনেকৈ মূল অভিযুক্ত বন্দনা কলিতাসহ দুই সংগী ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকাৰ সহযোগত হত্যা কৰিছিল সকলো কথা বিস্তিৃতভাৱে উল্লেখ কৰিছে আৰক্ষীয়ে৷ মৃতদেহৰ অবশিষ্ট অংশ উদ্ধাৰ কৰাৰ লগতে আন আন সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাৰ সময়ত চিজাৰ লিষ্ট প্ৰস্তুত কৰি অৰ্ধ শতাধিক সাক্ষীৰ নাম উল্লেখ কৰা হৈছে৷ অভিযোগনামাত হত্যাকাণ্ডৰ বৈজ্ঞানীক পদ্ধতিৰে কৰা পৰীক্ষা সমূহ স্পষ্টভাৱে উল্লেখ কৰে৷ মূলত: সম্পতিৰ লোভতেই মূল অভিযুক্ত বন্দনা কলিতাসহ দুই সংগী ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকাৰ সহযোগত সম্পূৰ্ণ পূৰ্বৰ পৰিকল্পিত ভাবে স্বামী আৰু শাহুক হত্যা কৰিছিল বুলি উল্লেখ কৰে৷ গ্ৰেপ্তাৰৰ ৭৬ দিনৰ মূৰত দাখিল কৰা অভিযোগনামাখন এক শক্তিশালী অভিযোগনামা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ উল্লেখ যে, কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰে এতিয়াও দ্বৈত হত্যাকাণ্ডটোৰ প্ৰতিবেদন আৰক্ষীৰ ওচৰত দখিল কৰা নাই৷ কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰে এতিয়াও দ্বৈত হত্যাকাণ্ডটোৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত পুনৰ অতিৰিক্ত ভাৱে আন এখন অভিযোগনামা আদালতত দাখিল কৰিব বুলি আৰক্ষীয়ে জনিবলৈ দিছে৷  ডাখিল কৰা অভিযোগনামাৰ জৰিয়তে তিনি অভিযুক্ত চূড়ান্ত শাস্তি পাব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে৷ মন কৰিব লগীয়া বিষয় যে দ্বৈত হত্যাকাণ্ডৰ অভিযোগনামাখন সম্পূৰ্ণ অসমীয়া ভাষাত আৰক্ষীয়ে লিপিবদ্ধ কৰিছে৷ উল্লেখ্য যে, সাধাৰণতে হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে অপৰাধীৰ মানসিক স্খলন বিঘ্নিত হয়৷ কাৰণ যিয়েই নহওক কিয় হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত স্বাভাৱিকতে অপৰাধীৰ মানসিক পৰিৱৰ্তন পৰিলক্ষিত হয়৷ কিন্তু দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পাচতো কোনো ধৰণৰ মানসিক পৰিৱৰ্তন হোৱা নাই বন্দনা কলিতাৰ৷ গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰাৰ ঘটনাৰ অভিযুক্ত বন্দনা কলিতা কোনো প্ৰফেচনেল কিলাৰ নহয়৷ বন্দনা কলিতাই অতি পৰিকল্পিতভাৱে নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল৷ কেৱল হত্যা কৰাই নহয়, বন্দনাই মৃতদেহ দুটা কাটি টুকুৰা টুকুৰকৈ মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল৷ ২০২২ চনৰ জুলাই আৰু আগষ্ট মাহত গুৱাহাটীৰ নুনমাটিত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ বৰ্তমান কাৰাগাৰত থকা বন্দনা কলিতাৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে৷ ৰাজ্য কঁপাই যোৱা ডাৱল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই জেৰাৰ সময়ত সঘনাই সলাইছিল কথাৰ সুৰ৷ যাৰ বাবে বিভ্ৰান্ত হৈছিল তদন্তকাৰী আৰক্ষী৷ বন্দনা কলিতা মানসিকভাৱে অসুস্থ হোৱা বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ফৰেনচিক দলে বন্দনাক পৰীক্ষা কৰাৰ পিচতে পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ৷ কাৰাবন্দী বন্দনা কলিতাক দিল্লীৰ পৰা অহা ফৰেনছিক বিশেষজ্ঞৰ দলে জে’লৰ ভিতৰতে পৰীক্ষা কৰিছিল৷ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী দলৰ লগতে বিশেষ ফৰেনছিক বিশেষজ্ঞৰ দলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে জেৰা কৰিছিল হত্যাকাৰী বন্দনা কলিতাক৷ জেৰাৰ পাচত হত্যাকাৰী বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ বুলি জনাই বিশেষজ্ঞৰ দলটোৱে৷ স্মৰ্তব্য যে, দুটাকৈ নৃশংস হত্যা সংঘটিত কৰি মাহৰ পাচত মাহ অতি স্বাভাৱিক জীৱন কটোৱা বন্দনা কলিতাই আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত কাৰাবন্দী হৈয়ো অতি স্বাভাৱিক জীৱন অতিবাহিত কৰি আছে৷ আনকি হত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি কাৰাবন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ পাছতো অলপো অনুশোচনাত ভোগা নাই বন্দনা কলিতাই৷ দুটাকৈ হত্যাকাণ্ডত জড়িত বন্দনা কলিতই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কক্ষত একেলগে অন্য ৭৫ গৰাকী কয়দীৰ সৈতে আছে৷ বিগত প্ৰায় আঢ়ৈ মাহ ধৰি অন্য কয়দীৰ দৰে বিছনাৰ সলনি বন্দনা কলিতাই শুবলগীয়া হৈছে কাৰাগাৰৰ পকী মজিয়াত৷ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত কৰি থকা আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে বন্দনা কলিতাৰ বন্দী জীৱনৰ শৈলী পৰীক্ষা কৰিছিল৷ স্বামী আৰু শাহুক হত্যা কৰিও কোনো ধৰণৰ অনুশোচনা নোহোৱা বন্দনা কলিতাই অৱশ্যে প্ৰায় অকলশৰীয়া জীৱন কটাইছে কাৰাগাৰৰ ভিতৰত৷ একেটা কোঠাতে ৭৫ গৰাকী বন্দীৰ সৈতে থকাৰ পাছতো তেওঁলোকৰ সৈতে কোনো কথা নাপাতে বন্দনা কলিতাই৷ বন্দনা কলিতাৰ অস্বাভাৱিক ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰাৰ আশংকা কৰা হৈছিল৷ বন্দনা কলিতাই সুস্থ মগজু আৰু শীতল মস্তিস্কৰেই তেওঁ দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলিও বিশেষজ্ঞই প্ৰতিবেদনখনত প্ৰকাশ কৰিছে৷ ইফালে এতিয়া এই হত্যাকাণ্ড সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰৰ অভিযোগনামা ৭৬; দিনৰ ভিতৰত দাখিল কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে আৰক্ষীয়ে ফাৰেনচিকৰ ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাৰ বাবে সম্পূৰ্ণ অভিযোগনামা দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷