Logo
image

ধেমাজিত ৰাইজে খেদি খেদি ধৰিলে ৪ ড্ৰাগছ আসক্ত যুৱকক

ডিজিটেল সংবাদ, ধেমাজিঃ যুৱপ্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নিয়া নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনে ৰাজ্যৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আতংকৰ কাৰণ হৈ পৰাৰ সময়তে সোমবাৰে ধেমাজিৰ একাংশ সচেতন লোকে ড্ৰাগছ সেৱন কৰি থকা চাৰিগৰাকীকৈ যুৱকক খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ পুৱা ধেমাজি আৰক্ষী থানাৰ পৰা প্ৰায় ৪ কি:মি: নিলগৰ ন-পাম গাঁৱৰ পথাৰৰ দিশত জনসমাগম নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ উশৃংখল যুৱকে মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰে একাংশ গাঁৱৰ লোকে ৷ সামাজিক বাৰ্তাবৰণ বিনষ্ট কৰি এনেদৰে দিনদুপৰতে ড্ৰাগছ গ্ৰহণ কৰাৰ দৃশ্য দেখি গাঁওবাসীয়ে অতিষ্ঠ হৈ পিছত ড্ৰাগছ আসক্ত যুৱককেইজনক কৰায়ত্ত কৰিবৰ বাবে চেষ্টা চলাই ৷

গাঁৱৰ ৰাইজে যুৱককেইজনক ধৰিবৰ বাবে চেষ্টা চলোৱাত কেইবাজনো যুৱক পলাই সাৰে যদিও গাঁওবাসীয়ে চাৰিজন যুৱকক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী যুৱককেইজনক পিছত ৰাইজে কৰায়ত্ত কৰি ৰাজপথত আঁঠু কঢ়োৱাই উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে কৰায়ত্ত কৰা যুৱক চাৰিজন ক্ৰমে- মিন্টু বৰুৱা (চৌখাম গাওঁ), বিকাশ বৰগোহাঁই (গোহাঁই গাওঁ) , উৎপল বৰা (চৌখাম গাওঁ) আৰু কৃষ্ণ বৰুৱা (শিলিখাগুৰি)ক আটক কৰে৷ 

আৰক্ষীয়ে ড্ৰাগছ আসক্ত যুৱককেইজনৰ পৰা জব্দ কৰে AS-22B-1367 নম্বৰৰ এখন মাৰুতি ইক' গাড়ীৰ লগতে ১.৪ গ্ৰাম হিৰ’ইন, ট্ৰামাদল ৭.৫৯ গ্ৰাম, ১টা চিৰিঞ্জ আৰু নগদ ধনসহ দুটা ম’বাইল ফোন। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ সময়তে জিলাখনত পুনৰ এনেদৰে চাৰিজন ড্ৰাগছ আসক্ত তথা সৰৱৰাহকাৰীক পুনৰ আটক হোৱা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ৰাইজে শীঘ্ৰে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোক কৰায়ত্ত কৰাৰ দাবী জনাইছে ৷