Logo
image

সাৱধান হওঁকঃ গুৱাহাটীত মোবাইল ফোন চুৰিৰ নতুন কায়দা, দুৰ্বৃত্তৰ আক্ৰমণত আহত এগৰাকী যুৱতী

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী চহৰ  গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী-মহিলা৷ মহানগৰীত পুনৰ সংঘটিত হ'ল আন এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান নাৰেঙ্গীৰ কেণ্ডগুৰী। সহায় বিচৰাৰ কৌশলেৰে এগৰাকী যুৱতীক আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিয়ে মোবাইল ফোন। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱতীগৰাকীৰ মূৰত ৯ টা কৈ চিলাই মাৰিব লগা হয়। ভুক্তভোগী যুৱতীগৰাকীৰ নাম এমিকা জোজো। কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

নতুন কায়দাৰে দুৰ্বৃত্তই যুৱতীগৰাকীৰ মোবাইল ফোনৰ পৰা ফোন কৰিব বিচাৰত যুৱতীগৰাকীয়ে মোবাইলটো ব্যবহাৰ কৰিবলৈ দিয়ে। ফোন কৰা অচিলা লৈ দুৰ্বৃত্তই যুৱতীগৰাকীক গতা মাৰি নলাত পেলাই মোবাইল ফোনটো লৈ পলায়ন কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেংগীৰ ফৰেষ্টগেটৰ পৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত দুৰ্বৃত্তটো হল ধুবুৰীৰ মহীবুল হক (১৯)।

ইতিমধ্যে আৰক্ষীয়ে দুৰ্বৃত্তটোৰ কবলৰ পৰা যুৱতীগৰাকীৰ মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ধুবুৰীৰ নিবাসী ধৃত মহিবুলে দীর্ঘদিন ধৰি শ্ৰমিকৰ বেশত থাকি মহানগৰীত একাধিক চুৰি কাৰ্য চলাই আহিছিল।