Logo
image

শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰা যুৱকক চিনাক্ত

ডিজিটেল সংবাদ, গুৱাহাটীঃ শৰাইঘাটৰ নতুন দলঙৰ পৰা দেওবাৰে জপিয়াই ব্ৰহ্মপুত্ৰত আত্মহত্যা কৰা যুৱকজনক চিনাক্ত কৰা হৈছে। যুৱকজন হ'ল শিলপুখুৰী অঞ্চলৰ চিন্ময় চৌধুৰী (২৭)। সন্ধিয়া টেলিভিছন চেনেলৰ বাতৰিত শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰা এজন যুৱকৰ মৃতদেহ পাণ্ডু নদী আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পাৰি যুৱকজনৰ পিতৃ আৰু পৰিয়ালৰ আন লোক নিশা পাণ্ডু নদী আৰক্ষী চকীত উপস্থিত হয়। তাৰ পাছত তেওঁক চিনাক্ত কৰে পৰিয়ালৰ লোকে৷ পৰিয়ালৰ লোকে আৰক্ষীক সদৰি কৰা অনুসৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰা উচ্চ শিক্ষাৰে শিক্ষিত চিন্ময় চৌধুৰী বিগত কিছুদিন ধৰি মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল। যাৰ বাবে পৰিয়ালৰ লোকে তেওঁক ঘৰৰ পৰা ওলাব দিয়া নাছিল। কিন্তু দেওবাৰে পুৱাৰ ভাগত চিন্ময় চৌধুৰী ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু দুপৰীয়া পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে দুপৰীয়া চানমাৰী থানাত তেওঁ সন্ধানহীন হোৱা বুলি এখন এজাহাৰ দাখিল কৰে। আনহাতে সোমবাৰে জি এম চি এইছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰক্ষীয়ে পৰিয়ালক তেওঁৰ মৃতদেহটো চমজাই দিয়ে।