Logo
image

সোণাপুৰত খিলঞ্জীয়াক আক্ৰমণঃ আক্ৰমণকাৰীয়ে শ্ল'গান দিলে- 'খেদ ঐ খেদ, অসমীয়াক খেদ'

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে সংঘাতৰ ঘটনা। হিন্দু-মুছলমান, হিন্দু-বাঙালীৰ মাজত প্রায়ে সংঘটিত হৈছে সংঘাতৰ ঘটনা। শেহতীয়াকৈ সোণাপুৰত একাংশ বাঙালী লোকে খিলঞ্জীয়াক বৰ্বৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম যুৱক আদৰ্শ বহুমূখী কৃষিপাম সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এই অভিযোগ উত্থাপন কৰি কয়- বৃহত্তৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা গাঁৱৰ ডিগাৰু নৈৰ পাৰত থকা 'অসম যুৱক আদর্শ বহুমূখী কৃষিপাম সমবায় সমিতি'ৰ সদস্য সকলে ৭ মে'ত সমবায়ৰ ধানখেতি পৰিদৰ্শন কৰি থকা সময়ত অতর্কিতে প্রায় দুই শতাধিক বাঙালী লোকে হাতে হাতে দা, যাঠি আৰু লোহাৰ ৰ'ড আদিৰে অতি নিৰ্মমভাৱে আক্ৰমণ কৰি সমবায়ৰ সদস্যসকলক ধাৰাশায়ী কৰি দিয়ে। সমবায় সমিতিৰ তিনিগৰাকী মহিলা সদস্যকো মাটিত বগৰাই প্ৰহাৰ কৰে।

আক্ৰমণকাৰীসকলে 'জয় মা কালী' আৰু 'খেদ ঐ খেদ, অসমীয়াক খেদ, ধ্বনিৰে আমাৰ সমিতিৰ সদস্যসকলক আক্ৰমণ কৰে। গুৱাহাটী মহানগৰৰ অন্তৰ্গত উক্ত অঞ্চলত দিনতেই খিলঞ্জীয়াক চোকা অস্ত্ৰেৰে দলবদ্ধ আক্ৰমণ কৰা আৰু এতিয়ালৈ আক্ৰমণকাৰীসকলে নিৰাপদে থকা কার্যত আমি আশ্চৰ্য প্ৰকাশ কৰিছো। আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে চৰকাৰে এই পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ভয়ঙ্কৰ ঘটনা সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ পাছতো কোনো দল-সংগঠনৰ আজিলৈ কোনো প্রতিবাদ নোহোৱা কার্যত বিস্ময় প্রকাশ কৰিছো। তদুপৰি এই ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সংবাদ মেলত সমবায় সমিতিৰ প্ৰতিষ্ঠাপক সদস্য তথা বর্তমান সভাপতি নিত্যানন্দ গগৈয়ে কয়- এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ ৪ ঘণ্টা পলমকৈ সোণাপুৰ আৰক্ষী উপস্থিত হোৱাত আমাৰ আৰক্ষীৰ ভূমিকাকলৈ সন্দেহ উপজিছে। লোহাৰ ৰ'ডেৰে প্ৰহাৰ কৰি আৰু দাৰে ঘপিয়াই এতিয়ালৈ আক্ৰমণকাৰীসকল নিৰাপদে থাকিব পৰা ঘটনা সমগ্ৰ জাতিটোৰ বাবেই দুর্ভাগ্যজনক। এই বৰ্বৰ আক্ৰমণৰ বলি হোৱা সকল হৈছে ক্রমে- ববিতা দাস, সুজাতা শর্মা, নিজৰা আৰন্ধৰা, ৰাজকুমাৰ বৈশ্য, বসন্ত দাস, হৰসুন্দৰ মণ্ডল, দেৱেন ডেকা, নৱকান্ত ৰাজবংশী, মোহন শৰ্মা, ৰাজেশ বড়ো আৰু ডম্বৰুধৰ নেওগ। বিশেষকৈ মৰিগাঁও আৰু মঙলদৈৰ চৰত বসবাস কৰা একাংশ বাঙালী লোক এই বৰ্বৰ আক্ৰমণত জড়িত হৈ আছে।
অসমত বাস কৰা যিসকল বঙালী লোকে অসমখনক নিজৰ বুলি লৈ অসমীয়া জাতিৰ সৈতে ভাষিক আৰু সাংস্কৃতিক একাত্ম গঢ়ি তুলিছে সেইসকল লোকক এই ক্ষেত্ৰত আগভাগ লৈ অক্ৰমণকাৰীসকলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আমি আহ্বান জানাইছো। মনকৰিবলগীয়া যে 'অসম যুৱক আদর্শ বহুমূখী কৃষি পাম সমবায় সমিতি' নামৰ সমবায়খনক অসম চৰকাৰে ১৯৭০ চনতে ৮০০ বিঘা মাটি আৱণ্টন দিছিল যদিও ইয়াৰ পৰিচালনা সমিতখন ১৯৮০ চলতা পঞ্জীয়ন হৈছিল। ১৯৯৬ চনত সমিতিৰ সভাপতি মনু গগৈৰ মৃত্যু হোৱাও সমবায় সদস্য কামৰূপ, গুৱাহাটীৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ত নতুন সমিতি দাখিল কৰিছিল যদিও সহকাৰী পঞ্জীয়কে ষড়যন্ত্ৰকমূলকভাৱে সমিতিখনত অনুমোদন জনোৱা নাছিল। অনুমোদন নহ'লেও সমবায়ৰ সদস‍্য সকলে আবণ্টিত ভূমি দখল ভোগ কৰি আছিল। কিয়নো সমিতিখন অনুমোদনৰ সৈতে ভূমি আবণ্টনৰ বিষয়টোৰ কোনো সম্পর্ক নাই। ২০০০ চনত সহকাৰী পঞ্জীয়কৰ সম্পূৰ্ণ সহযোগত কিছুমান প্ৰব্ৰজনকাৰী বঙালী লোকে উক্ত সমবায়খনৰ নামতে এখন বেলেপ সমিতি পঞ্জীয়ন কৰে। পাছত প্ৰকৃত সমবায়ৰ সদস্য সকলে ইয়াৰ বিৰুদ্ধে পঞ্জীয়কৰ ওচৰত অভিযোগ দাখিল কৰাত বিভাগীয় তদন্ত কৰি ২০১৪ চনত আদেশ নং-Co-39/2003/382 যোগে ভুৱা সমিতিখনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে সমিতিখনৰ কাম বন্ধ কৰি দিছিল। সেই দিনধৰি ভুৱা সমিতিৰ বঙালী লোকসকলে প্ৰকৃত সমবায়ৰ সদস্যসকলক খেতি কৰাত বিভিন্ন ধৰণে বাধা প্ৰদান কৰি আহিছে। ভুৱা সমিতিৰ প্ৰব্ৰজনকাৰী বঙালীসকলে প্ৰকৃত সমবায়ৰ মাটি বেদখল কৰা আৰু মনে মনে খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ঘটনা মাজ-সময়ে সংঘটিত কৰি আছিল যদিও যোৱা ৭ মে'ৰ দৰে ঘটনা কৰিবলৈ সাহস কৰা নাছিল। সমবায়খনৰ প্ৰকৃত সমিতিক অনুমোদন নজনাই প্ৰব্ৰজনকাৰী বঙালী লোকৰ দ্বাৰা গঠিত সমিতিয়ে খিলঞ্জীয়া লোকক ৰাজপথত দলবদ্ধ প্ৰহাৰ কৰা ঘটনাৰ বাবে সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় সম্পূৰ্ণ দায়ী৷ এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছোঁ। লগতে ইয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি  চৰকাৰক দাবী জনাইছোঁ। অন্যথা  সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ'ব৷ আমি শীঘ্ৰে এখন নাগৰিক অনুষ্ঠিত কৰি সমগ্ৰ অসমত খিলঞ্জীয়া লোকক নিজৰ ভূমিত প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে জনমত গঠনৰ বাৱস্থা গ্ৰহণ কৰিম।" সংবাদ মেলত সমিতিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।