Logo
image

ময়দাৰ ৰুটি-পৰঠা খোৱাৰ পৰা বিৰত থাকক

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ আমাৰ প্ৰধান আহাৰ ভাত আৰু ৰুটিৰ ভিতৰত ৰুটিৰ বাবে ব্যৱহাৰ কৰা হয় ঘেঁহুৰ পৰা গুৰি কৰি উলিওৱা আটা আৰু ময়দা৷ ইয়াৰ ভিতৰত অতি মিহিকৈ গুৰি কৰি পৰিষ্কাৰ কৰি উলিওৱা ঘেঁহুৰ পিঠাগুৰিয়েই হ’ল ময়দা আৰু ময়দাতকৈ কিছু কম মিহিগুৰিয়েই হ’ল আটা৷ শুকান আটাৰ ৰুটি, আটা-ময়দাৰ পৰা তেলত ভজা ফুলা ৰুটি, পৰঠা আদি খোৱাৰ সুস্বাদু আৰু উপযোগীকৈ প্ৰস্তুত কৰি উলিওৱা হয়৷ এনেদৰে আমি আটা-ময়দা দুয়োবিধৰে পৰা ৰুটি-পুৰি-পৰঠা প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰি আহিছো যদিও চিকিৎসকসকলে অধ্যয়নৰ জৰিয়তে প্ৰকাশ কৰিছে যে ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য শৰীৰৰ বাবে বিপদজনক৷ চিকিৎসকে ময়দাৰ লুচি-পৰঠা খোৱাতো বাৰণ কৰিছে৷ কিয়নো ময়দাত কোনো ধৰণৰ পুষ্টি গুণ নাথাকে, বৰঞ্চ ইয়াত বেছি পৰিমাণে কেলৰি থাকে৷ ঘেঁহুৰ পৰা যেতিয়া বিভিন্ন প্ৰক্ৰিয়াৰে গুৰি কৰি ময়দা প্ৰস্তুত কৰা হয়, তেতিয়া প্ৰস্তুতকৰণৰ সময়ত ঘেঁহুত থকা ‘এণ্ডোস্পাৰ্ম’পৃথক হৈ পৰে৷ সেয়ে এনেদৰে গুৰি কৰি প্ৰস্তুত কৰি উলিওৱা ময়দাত ঘেঁহুত থকা ভিটামিন, আঁহ, লো আৰু মেগনেছিয়াম নষ্ট হৈ পৰে৷ আনহাতে ময়দাত থকা বৃহৎসংখ্যক কাৰ্বোহাইড্ৰেটে ইনছুলিনৰ ক্ষয় বৃদ্ধি কৰাৰ লগতে ওজন বৃদ্ধি কৰে৷ ময়দা সম্পূৰ্ণৰূপে আঁহযুক্ত হৈ পৰা বাবে ময়দাৰে প্ৰস্তুত কৰা ৰুটি খালে হজম শক্তিত বিৰূপ প্ৰভাৱ পৰে৷ ইয়াৰ উপৰিও ময়দাই কোষ্ঠ-কাঠিন্যৰ সৃষ্টি কৰে৷ এনে পৰিপ্ৰেক্ষিতত ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য খোৱাৰ সলনি আটাৰে প্ৰস্তুত কৰা ৰুটি, পৰঠা খোৱাৰহে পৰামৰ্শ দিছে চিকিৎসকসকলে৷