Logo
image

২০২০ত বিপত্তি, ২০২১ত আশা

সকলোৰে বাবে ২০২০ চনটো দুৰ্যোগময় আছিল৷ বিশেষকৈ মোৰ দৰে চাৰি কুৰি বছৰ ঊধবৰ্ৰ মানুহৰ বাবে৷ গোটেই পৃথিৱীখনকেই ‘ক’ভিড -১৯’ এ পংগু কৰি পেলালে৷ আমি প্ৰায়বোৰেই কিবা নহয় কিবা ধৰণে অজান-সংকট আৰু অনিশ্চয়তাৰ মাজেৰে কোনোমতে আহিলোঁ৷ বহুতৰ মৃত্যুও হ’ল, কিছুমান আকৌ সুস্থ হৈ উঠিও দেহৰ ক’ৰবাত ঘুণীয়া হৈ থাকিল, বিশেষকৈ হাঁওফাঁও, যকৃতৰ দৰে ভিতৰুৱা অংগবোৰত৷ আমাৰ বিজ্ঞানে আমাক এতিয়ালৈ সকাহ দিব পৰা নাই, এই অভিশাপটোৰ পৰা কেতিয়ালৈ পাৰিব, কোনে জানে? 

হয়তো এই কৰ’না ভাইৰাছ-১৯  টোও কোনোবা বিজ্ঞানাগাৰতেই আমি মানুহেই তৈয়াৰ কৰিছিলোঁ, এক মাৰণাস্ত্ৰ হিচাপে– সামৰিক আৰু অৰ্থনৈতিক সন্ত্ৰাস সৃষ্টি কৰিবলৈ৷ অন্ততঃ এগৰাকী ব্ৰিটিছ জীৱবিজ্ঞানীয়ে সেই বুলিয়েই বিশ্বাস কৰে৷ তেওঁৰ মতে, মই ‘ভাইৰাছ’টো ‘ডিজাইন’ কৰোঁতে এতিয়ালৈকে ব্যৱহাৰ হোৱা সকলো ‘এণ্টিবায়োটিক’ৰ প্ৰভাৱক নস্যাৎ কৰাৰ উদ্দেশ্য আছিল, যাতে তৎকালীন উপযুক্ত চিকিৎসা সম্ভৱ হ’ব নোৱাৰে৷ 

এইখিনিতে এটা আমোদজনক কথাত উল্লেখ কৰাৰ লোভটো সামৰিব নোৱাৰিলোঁ৷ অৱশ্যে, কিতাপত পঢ়া কথাহে, ইয়াৰ সত্যতা সম্বন্ধে মোৰ ক’বলৈ একো নাই৷ বেছিকৈ অনুসন্ধান কৰিব খোজাসকলে, ‘গুগল’ত বিচাৰি চাব পাৰিব৷ ২০১৩ চনতে মৃত্যু হোৱা আমেৰিকাৰ লেখিকা ছিলভিয়া বাউন নামৰ মহিলাগৰাকীয়ে  তেওঁৰ কিতাপ, ‘End of Days’ ৰ এঠাইত লিখিছিল যে ২০২০ চনৰ প্ৰথমভাগতে এবিধ বিষম মহামাৰীয়ে সমগ্ৰ পৃথিৱীবাসীক বিব্ৰত কৰি তুলিব, বহুতৰ প্ৰাণহানি হ’ব আৰু বিস্তৰ ক্ষতি হ’ব৷ তেতিয়ালৈ উপলব্ধ কোনো ‘এণ্টিবায়োটিক’ দৰৱে কাম নিদিব৷ পিছে, ভালেমান দিন বহুতো ক্ষয়-ক্ষতি কৰি হঠাতে যেনেকৈ আহিছিল, ৰোগটো তেনেকৈয়েই নাইকিয়া হ’ব৷ তেওঁৰ সাত বছৰ আগতে কৰা ভৱিষ্যদ্বাণী সঁচা যে প্ৰমাণিত হ’ল৷ প্ৰাৰ্থনা কৰোঁ, তেওঁৰ শেষৰ কথাষাৰো ফলিয়াওক৷ 

আকৌ এতিয়াৰ বাস্তৱলৈ আহোঁ– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেতো প্ৰকাশ্যে এই ‘ভাইৰাছ’ক ‘চাইনীজ ভাইৰাছ’ বুলি আখ্যা দিছে৷ চীনৰ মহান ভাইৰাছ ৰিছাৰ্চ’ গৱেষণাগাৰতেই ইয়াৰ সৃষ্টি কৰা হৈছিল বুলি বহুতে সন্দেহ কৰে৷ এই অনুষ্ঠানটোক তেতিয়াৰ ‘ছাৰছ’ নামে অভিহিত কৰা ‘ভাইৰাছ’টোৰো উৎপত্তিস্থল বুলিও ভবা হৈছিল৷ 

সন্দেহৰ প্ৰতিবাদ কিন্তু চীনে এতিয়াও কৰা নাই, যদিও স্বীকাৰ কৰে যে এই মহামাৰীটোত বহুতো চীনা নাগৰিকৰ মৃত্যু হৈছিল আৰু চীনৰ অৰ্থনীতিত বেয়া প্ৰভাৱ পেলাইছিল৷ কুটনৈতিক কাৰণতে হয়তো আন দেশ প্ৰায় মৌন হৈ আছে, কাৰণ চীনক আমেৰিকাৰ বাদে আন কোনো দেশৰেই স্পষ্টকৈ প্ৰত্যাহ্বান মানে ‘চেলেঞ্জ’ কৰাৰ শক্তি নাই৷ আমাৰ দেশৰ কথাটো অৱশ্যে আৰু বেছি আচৰিত হ’ব লগা৷ 

দেশখন ক’ভিড’ত আক্ৰান্ত হৈ থকাৰ সময়তে, লাডাখৰ সীমাত চীনে আহি আমাৰ মাটিত বাহৰ পাতিলে, তথাপি আমাৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ একোকেই নক’লে৷ মাথোঁ  লোকসভাৰ মজিয়াতত ‘একো হোৱা নাই’ বুলি চমুকৈ কৈ থ’লে৷ আচৰিত কথা, অমিত শ্বাহেও নেহৰু-গান্ধী পৰিয়ালকো দায়ী বুলি নক’লে৷ বিদেশ মন্ত্ৰী, ৰক্ষা মন্ত্ৰী, আদিবোৰতো প্ৰায় অৱসৰপ্ৰাপ্ত যেন লগা হৈছে৷ আমাৰ বাতৰিকাকত, টিভি আদিতো একো বিশেষ গৰম চৰ্চা হ’ল৷ ‘ৰিপাব্লিক’ও নীৰৱ-নিথৰ হৈ থাকিল৷ ৰাইজেও প্ৰশ্ন নকৰিলে, কি আচৰিত কথা৷ মানে চীনৰ আগ্ৰাসনটো আমি মানি লৈছোঁ নেকি? মাত্ৰ অলপদিনৰ আগতে তেওঁ মহাবালিপুৰমত ছি জিনপিয়ঙক আথে-বেথে আদৰি চীন-ভাৰত মৈত্ৰীক নতুন মাত্ৰা দিছিল৷ পিছে, মোদীয়ে কেতিয়াও আমাক নজনালে তেওঁলোকৰ মাজত কিনো বুজাবুজি হৈছিল৷ ঘৰতে দম দি দুৰ্বল মানুহৰ আগত বুকু ফিন্দাই ফুৰা চীনক শক্তিৰে সীমাৰ পৰা খেদি পঠোৱাটো একে কথা নহয়৷ নহয় জানো? চীনৰ আগত আমি কাগজৰ বাঘহে ৷ পাঁচখন ‘ৰাফেল’ৰে কাম নচলে৷ ৰক্ষামন্ত্ৰীয়ে যিমানেই তিলক লগাই পূজা নকৰক কেলেই, সেইটো এটি শিশুৱেও বুজিব৷ বৰ্তমানে আমি, ‘আমাৰ’ মানুহে, কোনে কি মাংস খাব পাৰে নে নোৱাৰে, এটা ধৰ্মৰ ডেকা-গাভৰুৱে আন এটা ধৰ্মৰ ডেকা-গাভৰুক বিয়া কৰাব পাৰে নে নোৱাৰে, ইত্যাদি ডাঙৰ ডাঙৰ প্ৰশ্নবোৰ লৈ ব্যস্ত আছোঁ৷ দেশবাসী, ‘মিডিয়া’ আদি ২৪ ঘণ্টাই কেৱল ৰাজনীতি আৰু ‘ইলেকশ্যন’লৈ ব্যস্ত৷

পুঁজিপতি বেপাৰী আৰু ৰাজনীতিকৰ টকাৰেই হেনো আমাৰ সংবাদমহল চলি আছে আৰু সাংবাদিকসকলে আৰামেৰে খাই-বৈ আছে, বুলি এসময়ৰ এগৰাকী গণ্য-মান্য সম্পাদকে অলপতে কৈছিল৷ অৱশ্যে, আন কিছুমান চহকী দেশতো এনেকুৱাই হয়৷ আমাৰ চিন্তানায়কসকলে বা কি কয়? আনকি, নেপালেও আমাক লজ্জিত কৰি মাটি কাঢ়ি নিলে৷ বাংলাদেশেও আমাক আগৰ দৰে নাচায়৷ সন্দেহ কৰে, ‘কা’ৰ দ্বাৰা অকাৰণতে তেওঁলোকৰ প্ৰতি বেয়াকৈ উল্লেখ কৰা বাবে৷ কাৰণ, বাংলাদেশৰ সৃষ্টিৰ দিনৰে পৰা  তাত হিন্দু বিৰোধী কোনো ঘটনা হোৱা আমি শূনা নাই৷ মোৰ এই উক্তিত যদি কিবা ভুল আছে, মোক অনুগ্ৰহ কৰি কোনোবাই শুধৰাই দিলে বাধিত হ’ম৷ মোৰ প্ৰশ্নটো হ’ল, এনেকুৱা মানসিকতাৰে আমি চীনৰ সাম্ৰাজ্য বিস্তাৰ অভিযানক জানো বাধা দিবলৈ সক্ষম হ’ম? ছি জিনপিঙৰ ভাষণবোৰলৈ মন কৰিলেই বুজা যায়, চীনৰ উদ্দেশ্যটো৷ 

সেয়ে এতিয়া আমি এটা শক্তিশালী ভাৰতীয় জাতি [হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, নহয়] হিচাপে দেশৰ সীমাৰেখাডাল ৰক্ষা কৰাৰ সংকল্প ল’ব লাগিব৷ ভোট পাবলৈ সস্তীয়া ভেল্কীবাজি, সাম্প্ৰদায়িক সংঘৰ্ষ, বাদানুবাদ, বৰ বৰ ভাষণ আৰু মৰ্চা শ্লোগান আদি এৰিব লাগিব৷ ইমান আভ্যন্তৰীণ অনৈক্যৰে শক্তিশালী চীনক ৰুধিব পৰা নাযাব বুলি বিশ্বাস কৰোঁ৷  

এইবুলি ক’লেও কিজানি মোকেই ‘আৰ্বান নক্সাল’ বুলি দেশদ্ৰোহৰ অপৰাধত ধৰি নিব আৰু ৰাষ্ট্ৰীয় তদন্ত সন্থা [NIA]ই মোৰ ‘ব্লাড প্ৰেছাৰ’ৰ দৰবো লগত আনিব নিদিব৷ আমাৰ দেশত বৰ্তমানে এনেকুৱা দুখ লগা স্বেচ্ছাচাৰিতাৰ বতৰ চলি আছে৷ ‘পাৰ্কিনছন’ ৰোগত ভুগি থকা ৮৪ বছৰীয়া ফাদাৰ ষ্টেনৰ খবৰ ৰাখে নে? জানি বৰ দুখ পাইছিলোঁ, আমাৰ পুলিচ আৰু ‘জেইল’ অধিকাৰীসকলৰ, আৰু ন্যায়াপালিকাৰ অমানুষিক ব্যৱহাৰবোৰৰ বাবে৷ আমাৰো অখিল গগৈহঁতৰ দৰে মানুহৰ প্ৰতি ইমান নিৰ্দয়তা কেলেই? বাৰ্তাপত্ৰৰ সম্পাদক, সাংবাদিকসকলে এনেবোৰ কথাত বৰ উৎসাহী যেন নলগা হৈছে৷ দুৰ্ভাগ্যজনক নহয়নে? অৱশ্যে, এটা জাতি হিচাপে আমি বহুদিন ধৰি, ‘ভেণ্টিলেটৰ’ত আছোঁ বুলি জানো৷ এই সত্যটো ছি জিনপিঙেও জানে৷ অৱশ্যে এনেদৰে কিমানদূৰলৈ চলিব, সেইটো আমাৰ ৰাইজেইহে নিৰ্ণয় কৰিব৷ 

আকৌ ক’ভিড৷ এই ক’ভিড-১৯ প্ৰথমবাৰলৈ চীনৰ বাহিৰত ধৰা পৰিছিল, ২০১৯ ৰ বৰদিনৰ আগতে জাপানত৷ ইউৰোপীয় নাগৰিক কিছুমানে জাপানত সমুদ্ৰ-প্ৰমোদ ভ্ৰমণ কৰি আছিল৷ তাৰে দুজনমান ইটালীৰ ভ্ৰমণকাৰীৰ পাতল জ্বৰ আৰু উশাহ লোৱাত অসুবিধা হৈছিল৷ জাহাজৰ পৰিচালকৰ তৎপৰতাত জাহাজ অনতিপলমে উভতি বন্দৰ পাইছিল আৰু যাত্ৰা বন্ধ কৰি দি যাত্ৰীসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ এনেকুৱা ক্ষিপ্ৰতা আৰু প্ৰস্তুতি বোধকৰো অকল জাপানতে সম্ভৱ৷ আগতেও, ছুনামিত নষ্ট হোৱা নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট’ৰ সময়তো তেওঁলোকে বিষয় পৰিস্থিতি এটা সফলভাৱে চম্ভালিব পাৰিছিল৷ 

যি নহওক, সোনকালেই অকমান সুস্থ হৈ উঠি ইটালীৰ পৰ্যটকসকল নিজ দেশলৈ উভতি গ’ল৷ তেতিয়াও কোনেও সঠিককৈ নাজানিছিল, অসুখটোৰ বিষয়ে৷ পিছে সোনকালেই ইটালী, স্পেইন, জাৰ্মানী, আমেৰিকা আদি দেশতো ৰোগটো সংক্ৰমিত হৈ বিয়পি পৰিছিল৷ সোনকালেই আটাইকেখন মহাদেশেই আক্ৰান্ত হৈ পৰিছিল৷ তেতিয়াহে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীটো ‘কৰ’না ভাইৰাছ ২০১৯’  বুলি ঘোষণা কৰিছিল৷ কিমান সাংঘাতিক গাফিলতি, বুজিলেনে?  সেই কাৰণতেই বিৰক্ত হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাৰ বৰঙণি বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল৷ মোৰ বোধেৰে, হয়তো চীনৰ পৰা কিবা প্ৰলোভন দেখি, বিশ্ব স্বাস্থ্য সংস্থাৰ  কৰ্মকৰ্তাসকলে এনেকুৱা আচৰণ কৰিছিল৷ তাতে চীনক সবেই ভয়ো কৰে৷ আমিও নকৰা নহয়৷ মিছা ক’লোঁ নেকি? 

ইতিমধ্যে এটা আশাজনক খবৰ যে আমাৰেই চহৰ পুনাৰ ছিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়াই  মোৰেই শিক্ষা-তীৰ্থস্থান তাহানিৰ লণ্ডনৰ ‘ইম্পেৰিয়েল কলেজ’ৰ সহযোগত এবিধ প্ৰতিষেধক [ভেকচিন’] বনাই উলিয়াইছে৷ এতিয়া, টিকাকৰণ চলি আছে৷ আশা কৰা গৈছে, সুফলেই পোৱা যাব৷ অৱশ্যে, ইয়াৰ কৰ্মক্ষমতাৰ পূৰ্ণ-ম্যাদৰ পৰীক্ষাৰ বাবে দীঘলীয়া সময় লাগিব৷ মানিব লাগিব, দেশৰ কিছুমান বিবেক বুদ্ধি সম্পন্ন মানুহে, ডাক্তৰ, নাৰ্ছ, পুলিচ, হাস্পতাল কৰ্মচাৰী আদিয়ে বহুতো বাধা বিপত্তিৰ মাজতো সৰ্বসাধাৰণ ৰাইজক বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচণ্ড যুঁজ দি আছে৷ এজন নাগৰিক হিচাপে ৷ তাৰ বাবে নতমস্তক হৈ ধন্য মানিছোঁ৷ 

ফোনঃ ৯৪২২৩-০১৪৩৮