Logo
image

জ্ঞানৰ মূল্যায়ন

আজিৰ সময়ত জ্ঞানৰ মূল্য কিমান? শতাংশৰ ওচৰত জ্ঞানে হাৰ মানিছে নেকি? স্থান প্ৰাপ্তিয়েহে যোগ্যতাৰ মাপকাঠী হৈ পৰিছে নেকি? ৰিজাল্টৰ বতৰত চাৰিওফালৰ পৰিৱেশে এনেবোৰ কথা ভাবিবলৈ বাধ্য কৰাই তোলে৷ শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰধান উপাদান৷ শিক্ষাৰ দ্বাৰা মানুহৰ জ্ঞান প্ৰাপ্ত হয় আৰু সেই জ্ঞানে মূল্যবোধৰ সৃষ্টি কৰি মানৱ সভ্যতাৰ অগ্ৰগতি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শিক্ষাৰ তত্ত্বসমূহৰ দ্বাৰা বিশে¡ষিত যে শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া, যাক প্ৰদান আৰু আহৰণ কৰি শেষ কৰিব নোৱাৰি৷ কিন্তু বৰ্তমান সময়তো শিক্ষা কেৱল জ্ঞান আহৰণৰ মাধ্যম হৈ আছেনে? নে ই হৈ পৰিছে নম্বৰ আহৰণৰ প্ৰতিযোগিতা, ব্যৱসায় অথবা মন্ত্ৰীৰ দক্ষতা নিৰূপণৰ মাপকাঠী? বহু যুগ ধৰি মাধ্যমিক শিক্ষা ব্যৱস্থাত স্থান প্ৰাপ্তিয়ে এক বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ সামাজিকভাৱেও স্থানপ্ৰাপ্তসকলক বিশেষ মৰ্যাদা প্ৰদান কৰা হয়৷ দিনক দিনে এই মৰ্যাদাৰ প্ৰকোপ বাঢ়িবহে ধৰিছে৷ কিন্তু প্ৰশ্ন হ’ল– স্থান পোৱা-নোপোৱাটো বেছি দৰকাৰী নে গুণগত শিক্ষা প্ৰদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ ঘটাই মানৱ সভ্যতাৰ অগ্ৰগতি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো বেছি দৰকাৰী? বৰ্তমানৰ শিক্ষা ব্যৱস্থাত শতাংশই জ্ঞানৰ মাত্ৰা নিৰূপণ কৰিব নোৱাৰে৷ দহ-পোন্ধৰ বছৰ আগলৈকে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা ব্যৱস্থা, প্ৰশ্নকাকতৰ মান, পৰীক্ষা-বহী মূল্যায়নৰ অনুদেশ আছিল যথেষ্ট কটকটীয়া আৰু ওপৰ খাপৰ৷ সেয়েহে উচ্ছ বা উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ জ্ঞানো আছিল যথেষ্ট৷ উচ্ছ বা উচ্ছতৰ মাধ্যমিক পৰ্যায়ত প্ৰথম বিভাগত উত্তীৰ্ণ একোজন ছাত্ৰ-ছাত্ৰীয়ে বহু কথা জানিছিল৷ এই পৰ্যায়তে আহৰণ কৰা জ্ঞানৰ বাবেই সেইসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাৰ যাত্ৰাত যথেষ্ট কম বাধাৰ সন্মুখীন  হৈছিল, যিয়ে তেওঁলোকৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বাৰুকৈয়ে অৰিহণা যোগাইছিল৷ কিন্তু সময়ৰ গতিত মাধ্যমিক স্তৰৰ প্ৰশ্ন প্ৰস্তুতকৰণ প্ৰণালী, পৰীক্ষাৰ বহী মূল্যায়নৰ পদ্ধতিকে ধৰি বিভিন্ন দিশ বহু নিম্নখাপৰ হোৱা যেন অনুমান হয়৷ অতি নিম্নমানৰ উত্তৰৰ বাবেও ছাত্ৰ-ছাত্ৰীয়ে বহু বেছি নম্বৰ পোৱা হ’ল; যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শতাংশ নম্বৰ যথেষ্ট বৃদ্ধি পাবলৈ ধৰিলে৷ পৰিতাপৰ বিষয় যে যথেষ্টসংখ্যক শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসীমা কিন্তু অতি নিম্নখাপৰ হৈয়েই থাকিল৷ আজি স্থান পাই বিদ্যালয় তথা সমাজ উজলোৱা ছাত্ৰ-ছাত্ৰীয়ে দহ বছৰৰ পাছত সমাজ বা দেশৰ প্ৰতি কিমান দায়বদ্ধ হৈ থাকে, সেইটোহে গুৰুত্বপূৰ্ণ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে স্থান পাই শৰাই-গামোচা লোৱা বহুজনেই কিন্তু পৰৱৰ্তী সময়ত আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰে৷ স্থান পাই অহা বিদ্যালয়খন বা শিক্ষাগুৰুসকলকো ঘূৰি চাবলৈ সময় নোহোৱা হয়৷ অথবা জ্ঞানৰ নাতিদীৰ্ঘ পৰিসীমাৰ বাবে তেওঁ হৈ পৰে দিকবিদিকহীন৷ লক্ষ্যত সুস্থিৰ, বিশ্বাসত অটল আৰু জ্ঞানৰ পিপাসুজনেহে পৰৱৰ্তী সময়ত নিজকে প্ৰতিষ্ঠা কৰি দেশ বা জাতিৰ প্ৰতি দায়িত্বশীল ভূমিকা ল’ব পাৰে৷ কেৱল পাঠ্যপুথিৰ সংশোধন কৰাই বা শিক্ষকক গালি পাৰি এটা শিক্ষাব্যৱস্থাক সংশোধন কৰিব নোৱাৰি৷ কম জ্ঞানেৰে বেছি নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীতকৈ বেছি জ্ঞানেৰে তুলনামূলকভাৱে কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ উজ্জ্বল৷ চৰকাৰী বা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষা প্ৰদান প্ৰণালীৰ প্ৰতি চোকা নজৰ দিয়াৰ লগতে বহী মূল্যায়ন আৰু নম্বৰ প্ৰদানৰ দিশটোত সচেতন আৰু কঠোৰ হ’বৰ হ’ল৷ অন্যথা অতি কম জ্ঞানেৰে বেছি শতাংশ নম্বৰ পোৱা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিকৰ লগতে উচ্ছ শিক্ষাৰ মানো অৱনমিত কৰিব৷