Logo
image

'কৰ্ণাটকত হনুমানৰ গদাৰ কোব খালে বিজেপিয়ে’

আমাৰ অসম, ১৬ মে’: শ্ৰীৰাম বিজেপিৰ পৈতৃক সম্পত্তি নহয়৷ শ্ৰীৰাম ৰাজীৱ ভৱনত আগৰ পৰাই আছিল৷– এই ভাষ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ সোমবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– বিজেপিয়ে কৈছিল কৰ্ণাটকৰ নিৰ্বাচন ’২৪১ নিৰ্বাচনৰ এটা দিক্‌ নিৰ্দেশনা৷ বিজেপিয়ে যেতিয়া কৈছে যে কৰ্ণাটকৰ নিৰ্বাচন ’২৪ৰ দিক্‌ নিৰ্দেশনা সেই দিক্‌ নিৰ্দেশনাত বজৰংবলীৰ আশীৰ্বাদ পৰিল কংগ্ৰেছৰ ওপৰত৷ কৰ্ণাটকত হনুমানৰ গদাৰ কোব খালে বিজেপিয়ে৷ বজৰংবলীক লৈ বিজেপিয়ে কৰা ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে কৰ্ণাটকবাসীয়ে৷ তেওঁ বিজেপিক কটাক্ষ কৰি কয়– জয় শ্ৰীৰাম মোৰ নহয় নেকি? ভাওনাত মই ৰামৰ ভাও লৈছোঁ৷ বিজেপিয়ে ৰামৰ ঠিকা লৈছে নেকি? বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী মোৰ লগত ৰামৰ সম্পৰ্কত মুকলি বিতৰ্কত ভাগ লওক৷ বিজেপিয়ে স্বয়ং বজৰংবলী লগত থকা বুলি কৈছে৷ হনুমানৰ গদাৰ কোব বাৰুকৈ মূৰত পৰি মুচকচ গৈছে বহুজন৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুবিবাহ বন্ধ কৰিবলৈ শীঘ্ৰেই আইন প্ৰণয়ন কৰিব বুলি কৰা ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বৰাই কয়– বহুবিবাহ বন্ধ কৰিবলৈ কোনো আইন প্ৰণয়নৰ দৰকাৰ নাই৷ বিজেপিৰ ‘এলায়েন্স পাৰ্টনাৰ’ বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিলেই ৰাজ্যত বন্ধ হ’ব বহুবিবাহ৷ আজমলে মুখ্যমন্ত্ৰীক কৈছে আৰু ৩/৪জনী আনক বুলি৷ ইমান কুৰুচিপূৰ্ণ কথা কোৱাৰ পাছতো আজমলৰ বিৰুদ্ধে বিজেপিৰ কোনো নেতা বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে গোচৰ দিয়া নাই৷ তাৰমানেই কি ৰাজ্যবাসীয়ে জানে৷ এলায়েন্স নাথাকিলে আজমল কেনেকৈ বাছি আছে ইমান কুৰুচিপূৰ্ণ কথা কোৱাৰ পাছতো?