Logo
image

মোদী হটাও অভিযানত কংগ্ৰেছলৈ সমৰ্থন মমতাৰ

আমাৰ অসম, ১৬ মে’: কংগ্ৰেছ এতিয়া অচ্যুৎ নহয় মমতাৰ বাবে৷ মাথোঁ ৪৮ ঘণ্টা পূৰ্বেও কৰ্ণাটকৰ বিপুল বিজয়ৰ পাছত কংগ্ৰেছৰ নাম উচ্ছাৰণ নকৰাকৈ বিজেপিৰ পৰাজয়ৰ বাবে উল্লাস প্ৰকাশ কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আন আন বিৰোধী নেতা যেনে অৰবিন্দ কেজৰিৱাল আৰু অখিলেশ যাদবেও কংগ্ৰেছৰ নাম নোলোৱাকৈ কৰ্ণাটকত বিজেপিৰ পৰাজয়ক লৈ সেয়া বিৰোধী দলৰ বিজয় বুলি বৰ্ণনা কৰিছিল৷ এনে লাগিছিল যেন কৰ্ণাটকত বিজেপিৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত বিজয়ী হৈও এতিয়াও দেশৰ প্ৰাচীনতম ৰাজনৈতিক দলটো আন আন বিৰোধী দলৰ বাবে অচ্যুৎ৷ কিন্তু সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আকস্মিকভাৱে তেওঁৰ দুদিনৰ পূৰ্বৰ সেই স্থিতি সলনি কৰি মোদীক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে হাত মিলাবলৈ আপত্তি নথকা বুলি মন্তব্য কৰিছে৷ সোমবাৰে নবান্নত অনুষ্ঠিত এখন সাংবাদিক মেলত মমতা বেনাৰ্জীয়ে কয়– ‘য’ত কংগ্ৰেছ শক্তিশালী তাত আমি তেওঁলোকক সমৰ্থন কৰিম৷ কোনো সমস্যা নাই৷ কিন্তু তেওঁলোকেও অন্য দলক সমৰ্থন কৰা উচিত৷ আমি কৰ্ণাটকত সমৰ্থন কৰিম৷ কিন্তু আপোনালোকে সদায় ইয়াত, পশ্চিমবংগত আমাৰ সৈতে যুঁজ কৰিব, সেই নীতি ঠিক নহয়৷ ভাল কিছু পাবলৈ হ’লে নিজেও কিছু ত্যাগ কৰিব লাগে৷’ 
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অৰ্থাৎ ছোনিয়া গান্ধীৰ সৈতে মমতা বেনাৰ্জীৰ সু-সম্পৰ্ক আছে৷ কিন্তু শেহতীয়াকৈ গোৱা, মেঘালয়ৰ নিৰ্বাচন আৰু বিগত মাৰ্চত পশ্চিমবংগৰ সাগৰদিঘিৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত পোনপটীয়া সংঘাতৰ সৃষ্টি হৈছিল৷ গোৱাৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত প্ৰত্যক্ষ সংঘাত হৈছিল৷ মেঘালয়ত ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছৰ সেই ইতিহাস সোঁৱৰাই দলটোক কটাক্ষ কৰিছিল৷ তাৰ ঠিক পাছতে সাগৰদিঘিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক বাওঁপন্থী দলে সমৰ্থন কৰাক লৈ সংঘাত তীব্ৰতৰ হৈছিল দুয়ো দলৰ৷ সেই উপ-নিৰ্বাচনত বাওঁপন্থী সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থীয়ে শাসনাধিষ্ঠিত তৃণমূলৰ প্ৰাৰ্থীক পৰাজিত কৰিছিল৷ লগে লগে ক্ষুব্ধ মমতাই ঘোষণা কৰিছিল– ভৱিষ্যতে তৃণমূল আৰু মানুহৰ জোঁট হ’ব৷ কোনো দলৰ সৈতে নহয়৷ তৃণমূলে অকলেই যুঁজ কৰিব৷
মমতা বেনাৰ্জীৰ সেই ঘোষণাৰ পাছত আৰু শনিবাৰে কংগ্ৰেছৰ বিপুল বিজয় সত্ত্বেও মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলৰ নাম উচ্ছাৰণ নকৰাত আগন্তুক সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ বিৰোধী ঐক্যত জীণ নাযাব বুলি নিশ্চিত ধাৰণা সৃষ্টি হৈছিল৷ কিন্তু সোমবাৰে স্বয় মমতা বেনাৰ্জীয়ে ৪৮ ঘণ্টাৰ পূৰ্বৰ স্থিতিৰ পৰা ১৮০ ডিগ্ৰী ঘূৰি নৰেন্দ্ৰ মোদীক উৎখাত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে হাত মিলাব বুলি প্ৰকাশ কৰে৷ মমতাৰ এই বাৰ্তাই তাৎক্ষণিকভাৱে বিৰোধী দলৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে৷ কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পাছত দেশৰ প্ৰাচীনতম দলটো যে এতিয়াও শেষ হৈ যোৱা নাই সেয়া মমতাই উপলব্ধি কৰিছে৷ তাৰ ফলতে তেওঁ কংগ্ৰেছৰ সৈতে হাত মিলোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলি স্পষ্ট হৈ পৰিছে৷ বিগত কিছুদিনত জে ডি [এছ]ৰ নেতা এইছ ডি কুমাৰাস্বামী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদেৱ মমতা বেনাৰ্জীক পশ্চিমবংগত সাক্ষাৎ কৰিছিল৷ মমতাই নিজেও ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পট্টনায়কক সাক্ষাৎ কৰিছিল৷ এনেদৰে মমতা বেনাৰ্জীয়ে দেশত বিজেপি বিৰোধী ঐক্য গঢ়ি তুলিবলৈ চেষ্টা চলাই আছিল৷ কিন্তু তাৰ মাজত বিগত এক-ডেৰ বছৰত নাছিল কংগ্ৰেছৰ প্ৰৱেশ৷ কিন্তু সোমবাৰে মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্যৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা দি কয়– ‘ভৱিষ্যতে কি হয় ক’ব নোৱাৰো৷ মই কোনো যাদুকৰ নহয়৷ জ্যোতিষীও নহয়৷ কিন্তু এটা কথা ক’ব পাৰো, য’ত আঞ্চলিক দল শক্তিশালী তাত বিজেপিয়ে যুদ্ধ কৰিব নোৱাৰিব৷ কৰ্ণাটকত বিজেপিৰ বিৰুদ্ধে জনতাই ৰায় দিছে৷ সেয়ে  সকলোৱে একেলগে যুদ্ধ কৰিব লাগিব৷ বাংলাত যিদৰে আমি যুদ্ধ কৰিম, দিল্লীত সেইদৰে আপ, বিহাৰত জেডিইউ-আৰজেডি-কংগ্ৰেছে যুঁজ কৰিব৷ চেন্নাই, ঝাড়খণ্ড, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাসহ অন্যান্য ৰাজ্যতো এনেদৰেই যুঁজ হ’ব৷ উত্তৰ প্ৰদেশত অখিলেশে প্ৰাধান্য পাব৷ কিন্তু এইটো ক’ব খোজা নাই যে কংগ্ৰেছে তাত যুঁজ নকৰিব৷ সেয়া আলোচনা কৰি ঠিক হ’ব৷’