Logo
image

ডাঃ ৱালি জে’ললৈ, সংগীতাক জেৰা

আমাৰ অসম, ১৬ মে’: গুৱাহাটীৰ চিকিৎসক দম্পতীৰ হাতত নিৰ্যাতিত শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ বিশেষ কোনো সফলতা লাভ কৰা নাই৷ এক কথাত শিশু দুটিৰ জন্মদাতা পিতৃ-মাতৃৰ সন্ধানত শূন্যত যেন গদা ঘূৰাই ফুৰিছে স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে৷ অভিযুক্ত চিকিৎসকদ্বয় সংগীতা দত্ত আৰু ৱালিউল ইছলাম জালত পৰাৰ পাছতেই ভুক্তভোগী শিশু দুটিক যোগান ধৰা মধ্যভোগী দালাল উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ আনকি উৎপলাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফটাশিলৰ পৰা লালবানু নেছা আৰু মালিগাঁৱৰ কালাপানীৰ পৰা ছুবেৰা বেগম নামৰ দুই আশাকৰ্মীকো আটক কৰিছিল৷ জেৰাত উৎপলাই স্বীকাৰ কৰা অনুসৰি এই দুই আশাকৰ্মীৰ জৰিয়তেই শিশু দুটিৰ জন্মদাত্ৰী মাতৃৰ সৈতে প্ৰথম চিনাকি হৈছিল৷ অৱশ্যে আৰক্ষীয়ে উৎপলা আৰু দুই আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটাকে ধৰি কেইবাস্থানত অভিযান চলায়ো শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ সন্ধান উলিওৱাত ব্যৰ্থ হ’বলগীয়া হৈছে৷ অৱশ্যে দেওবাৰে নিশা মহানগৰীৰ লালগণেশৰ পৰা বেগম উপাধিৰ এগৰাকী মহিলাক আটক কৰিছিল যদিও আৰক্ষীয়ে মহিলাগৰাকী শিশু যোগানকাৰী চক্ৰটোৰ লিংকমেন আছিল  বুলিহে জানিবলৈ দিছে৷ শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ কোনো সম্ভেদ লাভ নকৰাত স্বাভাৱিকতেই এতিয়া তদন্তকাৰী আৰক্ষীয়ে তদন্ত আগবাঢ়াবলৈ গৈ বিপাঙত পৰিছে৷ ইফালে ৫দিনকৈ মুঠ ১০দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত সোমবাৰে ডাঃ ৱালিউল ইছলামক পক্‌ছ’ আদালতত হাজিৰ কৰোৱায় তদন্তকাৰী আৰক্ষীয়ে৷ ভুক্তভোগী শিশু দুটিৰ প্ৰকৃত পৰিচয় উৎঘাটন নোহোৱাত আৰক্ষীয়ে নতুনকৈ জিম্মাত নিবিচৰাত আদালতে অভিযুক্ত ডাঃ ৱালিউলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা  দুই মহিলা কাবাই আৰু লক্ষ্মী ৰায়কো আৰক্ষীয়ে জিম্মাত লৈছিল যদিও সোমবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতৰ জৰিয়তে জে’ললৈ প্ৰেৰণ কৰে৷ লক্ষণীয়ভাৱে মধ্যভোগী দালাল উৎপলা বসুৱে জেৰাত নাম লোৱা  আশাকৰ্মী চুবেৰা বেগমৰো সোমবাৰে আদালতত জবানবন্দী লিপিবদ্ধ কৰোৱায় তদন্তকাৰী আৰক্ষীয়ে৷ উল্লেখ্য, শিশু নিৰ্যাতনৰ সন্দৰ্ভত পল্টন বজাৰ থানাত ৰুজু হোৱা ১৯৩/২০২৩ নম্বৰত গোচৰটোত আৰক্ষীয়ে দণ্ডবিধি ৩০৭/৩২৫/৩৪১/৩৪ ধাৰাৰ লগতে পক্‌ছ’ আইনৰ ধাৰাও আৰোপ কৰিছে৷ আনহাতে সোমবাৰে আৰক্ষীয়ে পুনৰ ডাঃ সংগীতা দত্তক উৎপলা বসুৰ সৈতে একেলগে জেৰা কৰে যদিও সংগীতাই বিশেষ মুখ খোলাৰ পৰা বিৰত থাকে৷ থানাৰ লকআপত সংগীতা দত্তক মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰাও দেখা গ’ল৷ ইফালে আইনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ স্বাৰ্থত সোমবাৰে শিশু দুটিৰ জবানবন্দী লিপিবদ্ধ কৰোৱাৰ সন্দৰ্ভত শিশু সুৰক্ষা সমিতিয়ে নিয়োগ কৰা বিষয়াৰ সৈতে আৰক্ষীয়ে আলোচনাত মিলিত হয়৷ অৱশ্যে শিশু সুৰক্ষা বিষয়াই শিশু দুটি বৰ্তমানেও মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলি জানিবলৈ দিছে৷