Logo
image

তৰোৱাল লৈ শিক্ষয়িত্ৰীয়ে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা বচালে ৯০টা শিশুক

ইম্ফল, ১৬  মে':  বিগত কেইবাদিন ধৰি অগ্নিগৰ্ভ পৰিস্থিতিয়ে বিৰাজ কৰা মণিপুৰ এতিয়া শান্ত হোৱাৰ দিশে আগবাঢ়িছে৷ দুটা জনগোষ্ঠীৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষই উত্তৰ-পূবৰ ৰাজ্যখনত বহু লোকৰ  প্ৰাণ কাঢ়ি নিয়াৰ লগতে আন বহুতকে চিৰদিনৰ বাবে ঘূণীয়া কৰিলে৷ ধবংস হ’ল বহু চৰকাৰী সা-সম্পত্তি৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে  এগৰাকী অদম্য সাহসী শিক্ষয়িত্ৰীৰ কাহিনী৷ যিগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি ৯০টা স্কুলীয়া শিশুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল৷ শিক্ষয়িত্ৰীগৰাকীৰ নাম বহনেইলাম বাইফেই৷ মণিপুৰৰ চূড়াচান্দপুৰস্থিত ব্লুমিংডলছ বৰ্ডিং স্কুলৰ অধ্যক্ষা তেওঁ৷ উল্লেখ্য যে মণিপুৰৰ চৌদিশে হিংসাৰ দাবানল চলি থকাৰ মাজতে সেইদিনা অধ্যক্ষাগৰাকীয়ে বিদ্যালয়ৰ পৰা কিছু নিলগত হাই-উৰুমি ভাহি অহা শুনে৷ লগে লগে তেওঁ নিশ্চিত হয় যে এয়া আন কোনো নহয় দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনলৈ অগ্ৰসৰ হোৱাৰ সময়ত কৰা চিঞৰ-বাখৰ৷ এনে অৱস্থাত মুহূৰ্ততে তেওঁ নিজৰ কোঠালৈ গৈ এখন তৰোৱাল হাতত তুলি লয়৷ আৰু উদ্যত তৰোৱালখন লৈ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আক্ৰমণকাৰীক বাধা দিয়াৰ বাবে থিয় হৈ ৰয়৷ লগতে তেওঁ সেনাবাহিনীক ঘটনাৰ বিষয়ে জনায়৷ এটা সময়ত সেনাই পাহাৰীয়া অঞ্চলটোত থকা বিদ্যালয়খন ঘেৰি লৈ আক্ৰমণকাৰীৰ পৰা বিদ্যালয়ৰ লগতে কণ কণ শিশুসকলৰ প্ৰাণ ৰক্ষা কৰে৷ পৰৱৰ্তী সময়ত শিশুসকলক নিৰাপদে তাৰ পৰা উদ্ধাৰ কৰি নিয়ে সেনাই৷ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ এই সাহসিকতাৰ বিষয়ে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷