Logo
image

তিতাবৰৰ চুঙী চাহ বাগিচাত নাহৰফুটুকীৰ বিচৰণঃ কেইবাটাও পশুধন নিধন কৰি আতংকৰ সৃষ্টি

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তর্গত তথা ৮৩ নং নামচুঙী গাঁও পঞ্চায়তৰ চুঙী চাহ বাগিচা অঞ্চলত বিগত প্ৰায় ২০ দিনে নাহৰফুটুকীয়ে ভয়াবহ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ চৰণীয়া পথাৰ, বাগিছা অঞ্চলত চৰি থকা কেইবাটাও পশুধন নিধন কৰি নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিগত ৬ দিনত ধাৰাবাহিকভাৱে মুঠ ৬ জনী গৰু নিধন কৰিছে। মূল্যবান পশুধন হেৰুৱাই অঞ্চলটোৰ কৃষক ৰাইজ বিপাঙত পৰিছে। সম্প্ৰতি সমগ্ৰ অঞ্চলটোত এক কৰুণ পৰিৱেশে বিৰাজ কৰিছে। জানিব পৰা মতে অঞ্চলটোত এজনী নাহৰফুটুকীৰ সৈতে ৩ টাকৈ পোৱালীয়ে বিচৰণ কৰিছে। মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডফলাটিং উপ-শাখাৰ সভাপতি নিতুল কুৰ্মী, সম্পাদক কিৰণ ৰাও স্বাক্ষৰিত এখন পত্ৰ তিতাবৰৰ খণ্ড বন বিষয়াক প্ৰদান কৰি বাঘ ধৰিবৰ বাবে অচিৰেই অঞ্চলটোত পিঞ্জৰা স্থাপনৰ অনুৰোধ জনাইছে। ইতিমধ্যে বন বিভাগৰ এটি দল অঞ্চলটোত উপস্থিত হৈ বাঘৰ মুক্ত বিচৰণ ৰোধৰ বাবে পৰিকল্পনা কৰিছে।