Logo
image

অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানে অচিৰেই হ’ব লাগিব শাৰীৰিক পৰীক্ষাৰ সন্মুখীন

ডিজিটেল সংবাদ, গুৱাহাটীঃ শীঘ্ৰেই হয়তো অসম আৰক্ষীৰ বহুতো বিষয়া-জোৱানে ল’বলগা হ’ব পাৰে বাধ্যতামূলক অৱসৰ  ৷ কাৰণ অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰিছে এক বিশেষ ঘোষণা ৷ অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানে অচিৰেই হ’ব লাগিব শাৰীৰিক পৰীক্ষাৰ সন্মুখীন ৷ মঙলবাৰে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে এই বিষয়ে এক বিশেষ ঘোষণা কৰে ৷ ঘোষণা অনুসৰি, ৰাজ্যৰ সকলো আৰক্ষী-বিষয়া আৰু জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব ৷

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে শীঘ্ৰেই সম্পূৰ্ণ বৃত্তিগতভাৱে এক 'বডী মাছ ইনডেক্স’ (Body Mass Index, BMI) পৰীক্ষা সম্পন্ন কৰিব  ৷ আইপিএছ, এপিএছ বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী সংস্থাৰ জোৱান আদি সকলোৱে এই পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব । অহা ১৫ আগষ্টলৈকে সকলোকে নিজক সক্ষম প্ৰমাণিত কৰিবৰ বাবে তিনিমাহৰ সময় দিছে অসম আৰক্ষী কৰ্তৃপক্ষই ৷ ১৬ আগষ্টৰ পৰা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ এই পৰীক্ষা আৰম্ভ হ’ব ৷ পৰৱৰ্তী পোন্ধৰ দিন ধৰি ৩০ আগষ্ট পৰ্যন্ত চলিব এই BMI নিৰ্ধাৰণ প্ৰক্ৰিয়া ।যিসকল মেদবহুল নাইবা শকত লোক BMI ৩০+ শাখাত পৰিব তেওঁলোকক অতিৰিক্ত ৩ মাহৰ সময় দিয়া হ’ব নিজৰ শৰীৰৰ সক্ষমতা বৃদ্ধি কৰিবৰ বাবে ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম নোহোৱাসকলক নৱেম্বৰ মাহৰ শেষলৈ সময় দিব অসম আৰক্ষী কৰ্তৃপক্ষই ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰযোগে এই বিশেষ ঘোষণা কৰে । নৱেম্বৰ মাহৰ শেষলৈ যিসকলে নিজৰ স্বাস্থ্য আৰক্ষীৰ বাবে নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিব তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷অৱশ্যে থায়ৰয়েড আদিৰ দৰে যুক্তিসংগত চিকিৎসাজনিত কাৰণ থাকিলে সেই শকত মেদবহুল আৰক্ষী বিষয়া-জোৱানসকলৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰা হ’ব ৷ উল্লেখযোগ্য যে যোৱা মাহত দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সযোগে আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল  । এই বৈঠকতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এনে বিষয়া-জোৱানৰ প্ৰথমখন তালিকা দাখিল কৰিছিল ৷তেতিয়াৰে পৰা অসম আৰক্ষীত শকত-মেদবহুল তথা শাৰীৰিকভাৱে অযোগ্য বিষয়া-জোৱানসকলক স্বেচ্ছামূলক বিদায় দিয়াৰ প্ৰসংগতো বিশেষভাৱে চৰ্চিত হৈ আহিছে ৷ উপদেশতকৈ যে আৰ্হি ভাল, সেই কথাৰ আৰ্হি দেখুৱাব আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে ৷ সেয়ে ১৬ আগষ্টত সকলোতকৈ আগতে নিজেই প্ৰথমজন আৰক্ষী হিচাবে BMI শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব জি পি সিং  ।