Logo
image

আই পি এল আৰু ক্ৰিকেটাৰৰ আঘাত

২০০৮ চনত আৰম্ভ হোৱা ফ্ৰেঞ্চাইজী লীগ আই পিএলৰ [ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ] ষষ্ঠদশ ছীজন চলি আছে৷ দহটা দলে প্ৰতিদ্বন্দ্বিতা কৰা আই পি এল আয়োজনত বৃহৎ সফলতা দাবী কৰিব পাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই]৷ টুৰ্নামেণ্টখন আয়োজন কৰি কেৱল যে বি চি চি আই আৰ্থিক দিশত লাভৱান হৈছে তেনে নহয়, বহুতো ক্ৰিকেটাৰেও নিজৰ প্ৰতিভাৰ প্ৰমাণ দিয়াৰ উপযুক্ত মঞ্চ এখন পাইছে৷ আই পি এলত দেখুওৱা প্ৰদৰ্শনে বহু যুৱ ক্ৰিকেটাৰৰ ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ দুৱাৰো মুকলি কৰিছে৷ আই পি এলত  যি পৰিমাণৰ  ধন বিনিয়োগ কৰা হয়, তাৰ দ্বাৰা বহুতো আগশাৰীৰ বিদেশী ক্ৰিকেটাৰো টুৰ্নামেণ্টখনৰ প্ৰতি আকৰ্ষিত হৈছে৷ এনে ক্ৰিকেটাৰো আছে, যিসকলে ৰাষ্ট্ৰীয় দলত খেলাৰ পৰিৱৰ্তে আই পি এলত খেলাতহে গুৰুত্ব দিছে৷ দৰ্শকৰ সঁহাৰিৰ ফালৰ পৰাও আই পি এল যথেষ্ট সফল হোৱা বুলি ক’ব পাৰি৷ আই পি এলৰ আৰ্হিত আন কেইবাখনো দেশত ফ্ৰেঞ্চাইজী ক্ৰিকেট লীগ আৰম্ভ কৰা হৈছে  যদিও সেইবোৰ টুৰ্নামেণ্টে আই পি এলৰ সৈতে ফেৰ মাৰিব পৰা নাই৷ আই পি এল যদিও বিশ্বৰ সবাতোকৈ জনপ্ৰিয় টুৱেণ্টী২০ লীগত পৰিণত হৈছে, টুৰ্নামেণ্টখনক লৈ সমালোচনাও নোহোৱা নহয়৷ শেহতীয়াকৈ আই পি এলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমালোচনাটো হৈছে টুৰ্নামেণ্টখনৰ সূচীৰ লগতে ক্ৰিকেটাৰৰ আঘাতক লৈ৷ আই পি এলৰ ষষ্ঠদশ ছীজন আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে কেইবাজনো আগশাৰীৰ ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হৈ টুৰ্নামেণ্টখনৰ পৰা বাহিৰ হ’বলগীয়া হৈছে৷ নিঃসন্দেহে এই বিষয়টোৱে ফ্ৰেঞ্চাইজী দলবোৰৰ লগতে ৰাষ্ট্ৰীয় দলবোৰকো চিন্তাত পেলাইছে৷  এই সমস্যাটো কেৱল এইবাৰৰ নহয়৷ পূৰ্বেও ক্ৰিকেটাৰৰ এনেধৰণৰ আঘাতৰ সমস্যা প্ৰত্যক্ষ কৰি অহা হৈছে৷

ভাৰতীয় ক্ৰিকেট দলৰ বাবে বিশেষ চিন্তাৰ কাৰণটো হৈছে যে আই পি এলৰ পাছতে ইংলেণ্ডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এই খেলখনৰ পূৰ্বে আই পি এলত খেলি টীম ইণ্ডয়াৰ কেইবাজনো নিৰ্ভৰযোগ্য সদস্য আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছে৷ এই আঘাতৰ বাবে তেওঁলোকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ লগতে ভাৰতত অক্টোবৰ-নৱেম্বৰত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপতো খেলিব পৰাটো অনিশ্চিত হৈ পৰিছে৷ উইকেটকীপাৰ-বেটাৰ ঋষভ  পণ্টৰ লগতে পেচ বলাৰ যশপ্ৰীত বুমৰা আৰু শ্ৰেয়স আয়াৰ আই পি এলৰ আগৰ পৰাই আঘাতৰ সমস্যাত ভুগি আছিল৷ কিন্তু আই পি এল চলি থকা সময়ত আঘাতপ্ৰাপ্ত হৈ নিজ নিজ দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছে  লোকেশ ৰাহুল, জয়দেৱ উনাড়কাট, দীপক চাহৰৰ দৰে ক্ৰিকেটাৰ৷ এইসকল ভাৰতীয় ক্ৰিকেটাৰৰ লগতে নিউজীলেণ্ডৰ কেন উইলিয়ামছনৰ লগতে আন কেইবাজনো আগশাৰীৰ ক্ৰিকেটাৰ আই পি এলত আঘাতৰ তালিকাত আছে৷ ক্ৰিকেট বিশেষজ্ঞসকলৰ মাজত এটা বিষয় বহু আগৰ পৰা চৰ্চিত হৈ আছে যে বৰ্তমান ক্ৰিকেটৰ সংখ্যা অত্যধিক বৃদ্ধি পাইছে আৰু সেইবাবে ক্ৰিকেটাৰৰ  আঘাতৰ সংখ্যাও বৃদ্ধি পাইছে৷ এটা সময় আছিল, গ্ৰীষ্মকালত সাধাৰণতে ক্ৰিকেট শৃংখলাবোৰ অনুষ্ঠিত কৰা নহৈছিল৷ কিন্তু আজিকালি বছৰটোৰ সকলো সময়তে ক্ৰিকেট শৃংখলাৰ লগতে প্ৰতিযোগিতাবোৰ চলি থাকে৷ স্বাভাৱিকতে ক্ৰিকেটাৰসকল শাৰীৰিক আৰু মানসিক চাপত থাকিবলগীয়া হয়৷ পৰ্যাপ্ত জিৰণিৰ সুযোগ নাপায় তেওঁলোকে৷ বছৰটোৰ ব্যস্ত ক্ৰিকেট-সূচীৰ মাজতে অনুষ্ঠিত হয় আই পি এল৷ অপ্ৰয়োজনীয়ভাৱে টুৰ্নামেণ্টখনৰ সূচী দীঘলীয়া কৰা হয় বুলিও মাজে-সময়ে সমালোচনা শুনিবলৈ পোৱা যায়৷ নক’লেও হয় যে আই পি এলৰ দীঘলীয়া সূচী ক্ৰিকেটাৰৰ আঘাতৰ অন্যতম কাৰণ হ’ব পাৰে৷ এইবাৰৰ আই পি এল আৰম্ভ হৈছে ৩১ মাৰ্চৰ পৰা আৰু সামৰণি পৰিব ২৮ মে’ত৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগৰ সূচীক লৈও সমালোচনা হোৱাৰ পাছত লীগৰ সূচী চমু কৰাৰ সিদ্ধান্ত লৈছে৷

একাংশ ক্ৰিকেট বিশেষজ্ঞৰ অভিমত যে আই পি এলৰ সমাপ্তিৰ পাছতে আন্তঃৰাষ্ট্ৰীয় শৃংখলা অথবা কোনো প্ৰতিযোগিতাত ভাগ ল’বলগীয়া ক্ৰিকেটাৰসকলক আই পি এলৰ পৰা আঁতৰাই ৰখা উচিত৷ এয়া অৱশ্যে সকলো সময়তে সম্ভৱ নহ’বও পাৰে৷ কিন্তু  আই পি এলৰ সূচী যদি চমু কৰা হয়, তেন্তে তাৰ দ্বাৰা ক্ৰিকেটাৰসকলে যথেষ্ট সকাহ পাব৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা উচিত৷