Logo
image

গুৱাহাটীত ২১৭জনক নিযুক্তি সোণোৱালৰ

আমাৰ অসম, ১৭ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাৰ জৰিয়তে ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে ভিডিঅ’ কনফাৰেন্সিযোগে ভাষণ দিয়ে৷ দেশৰ ৪৫ স্থানত কালি ৰোজগাৰ মেলা অনুষ্ঠিত হয়৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনিপ্ৰাপ্ত সকলে গ্ৰামীন ডাক সেৱক, পৰিদৰ্শক, কাৰ্যালয় সহায়ক, টাইপিষ্ট, একাউটেণ্ট, ট্ৰেক মেইণ্টেনাইৰ, কনিষ্টবল, মুখ্য কনিষ্টবল আদি পদত নিযুক্তি পত্ৰ লাভ কৰে৷ ৰোজগাৰ মেলাৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আয়োজিত অনুষ্ঠানত নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাৰ্চুৱেলী সংযুক্ত থাকে৷ এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপ্ত সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয় যে কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ এই ৰোজগাৰ মেলাসমূহে, যুৱক-যুৱতীসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বিগত ৯ বছৰত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াক ক্ষিপ্ৰ, স্বচ্ছ আৰু নিৰপেক্ষ হিচাপে অগ্ৰাধিকাৰ দিছে৷ নিযুক্তি প্ৰক্ৰিয়াত সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে কৰ্মচাৰী বাছনি ব’ৰ্ডে নতুন নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক অন্তৰ্ভূক্ত কৰিবলৈ প্ৰায় ১৫-১৮ মাহ সময় লৈছিল যদিও বৰ্তমান মাত্ৰ ৬-৮ মাহ সময় লাগে৷ তেওঁ কয় যে আবেদন প্ৰ-পত্ৰ লাভ কৰাৰ পৰা ডাকযোগে জমা দিয়ালৈকে পূৰ্বে যি বিৰক্তিকৰ নিযুক্তি প্ৰক্ৰিয়া আছিল, এতিয়া ইয়াক অনলাইন কৰি সৰল কৰা হৈছে, য’ত নথি-পত্ৰৰ স্ব-প্ৰমাণীকৰণৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গ্ৰুপ ‘চি’ আৰু গ্ৰুপ ‘ডি’ৰ বাবে সাক্ষাৎকাৰো বাতিল কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ আটাইতকৈ ডাঙৰ লাভ হ’ল সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা স্বজন-তোষণ নিঃশেষ হোৱাটো৷ প্ৰধানমন্ত্ৰীয়ে আজিৰ তাৰিখৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে কাৰণ ৯ বছৰ পূৰ্বে এই তাৰিখতে অৰ্থাৎ ১৬ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল৷ দিনটোৰ উৎসাহৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সবকা সাথ’ৰ মনোভাৱেৰে আৰম্ভ হোৱা যাত্ৰা ‘সবকা বিকাশে’ এক বিকশিত ভাৰতৰ বাবে কাম কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে আজি ছিকিমৰো প্ৰতিষ্ঠা দিৱস৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৯ বছৰৰ ভিতৰত নিয়োগৰ সম্ভাৱনাক প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত কৰা হৈছে৷ আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত পদক্ষেপ, গ্ৰাম্য উদ্‌গনি বা জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ সম্প্ৰসাৰণ, ভাৰত চৰকাৰৰ প্ৰতিটো নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত ৯ বছৰত চাকৰিৰ প্ৰকৃতিৰ ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে য’ত দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন খণ্ডৰ উন্মেষ ঘটিছে৷ প্ৰধানমন্ত্ৰীয়ে এই নতুন খণ্ডসমূহক কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ সহায় আগবঢ়াই থকা বুলি পুনৰ উল্লেখ কৰি ৰাষ্ট্ৰই প্ৰত্যক্ষ কৰা ষ্টাৰ্টাআপ বিপ্লৱৰ ওপৰত আলোকপাত কৰে৷ তেওঁ জনায় যে দেশত ২০১৪ চনৰ পূৰ্বৰ ১০০টা ষ্টাৰ্টআপৰ পৰা এই সংখ্যা বৰ্তমান এক লক্ষাধিক হৈছে, যাৰ ফলত ১০লাখতকৈ অধিক যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে৷ ইফালে, আজি গুৱাহাটীত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ‘ভাৰতৰ মূল শক্তি হৈছে যুৱশক্তি৷ এই যুৱশক্তিৰ সবলীকৰণেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷ ৰোজগাৰ মেলাৰ জৰিয়তে যুৱপ্ৰজন্মৰ নিযুক্তি মোদীৰ যুৱপ্ৰজন্মৰ প্ৰতি থকা দায়বদ্ধতা আৰু পূৰ্ব প্ৰতিশ্ৰুতিৰ এক সফল ৰূপায়ণ৷ আজি অনুষ্ঠিত পঞ্চম ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ ৭১, ০০০ৰো অধিক প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷ মুঠ পাঁচটা ৰোজগাৰ মেলাৰ জৰিয়তে এতিয়ালৈকে ৩.৫৮ লাখতকৈও অধিক প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে, যিয়ে ত্বৰান্বিত কৰিছে ১০ লাখ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়াৰ আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি৷’ আজি গুৱাহাটীত সৰ্বমুঠ ২১৭ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়৷ উল্লেখ্য যে, কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে বিজেপিয়ে দলীয় সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিছে৷ ইয়াৰ অংশ হিচাপে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে দেশজুৰি এক অভিযান আৰম্ভ কৰিব বিজেপিয়ে৷ অহা ৩০ মে’ৰ পৰা এক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহা ৰাজ্যসমূহত একোখনকৈ মেগা ৰেলি সম্বোধন কৰিব৷ সমগ্ৰ দেশতে বিজেপিয়ে মুঠ ৫১খন বৃহৎ ৰেলী অনুষ্ঠিত কৰাৰ লগতে সমাজৰ ১ লাখ বিশিষ্ট প্ৰভাৱ লোকৰ ঘৰলৈ গৈ মত বিনিময় কৰিব৷