Logo
image

ছিদ্দাৰামায়াৰ ওজন বাঢ়িছে, শিৱকুমাৰৰ সপোন অপূৰ্ণ

আমাৰ অসম, ১৭ মে’: কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ নিশ্চিত হোৱাৰ ৭২ ঘণ্টাৰ পাছতো মুখ্যমন্ত্ৰী নিশ্চিত হোৱা নাই৷ দক্ষিণ ভাৰতৰ শক্তিশালী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া জানিবলৈ আৰু এদিন অপেক্ষাৰ প্ৰয়োজন হ’ব৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই বুধবাৰে বেংগালুৰুত নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব৷ তাৰ পূৰ্বে তেওঁ  এই সন্দৰ্ভত পুনৰ এবাৰকৈ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে আলোচনা কৰিব৷ সংবাদ সংস্থা এএনআয়ে দলটোৰ শীৰ্ষ সূত্ৰ উদ্ধৃত কৰি এই খবৰ জনাইছে৷ কিন্তু শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী পদৰ দৌৰত একেবাৰে ‘ফিনিশ্ব লাইন’ৰ প্ৰান্তত উপনীত হৈছে বৰ্ষীয়ান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া৷ তেনে ক্ষেত্ৰত আনজন দাবীদাৰ ডি কে শিৱকুমাৰে কোনো মন্ত্ৰীপদ গ্ৰহণ নকৰি সাধাৰণ বিধায়ক হিচাপে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে অৰ্থাৎ কৰ্ণাটকৰ ৰাজনীতিৰ ক্ষমতাৰ অলিন্দ নতুন দিল্লীলৈ স্থানান্তৰ হোৱাৰ দ্বিতীয় দিনটোত ছিদ্দাৰামায়াৰ পক্ষে ওজন বৃদ্ধি পাইছে আৰু ৰাজ্যিক সভাপতি শিৱকুমাৰ এই দৌৰত সামান্য পিছপৰি আছে৷

মঙলবাৰে নতুন দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই মুখ্যমন্ত্ৰী প্ৰত্যাশী ছিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰৰ সৈতে পৃথকে পৃথকে আলোচনাত বহে৷ সোমবাৰে খৰ্গেই ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে আলোচনা কৰাৰ পাছত বুধবাৰে পুনৰ ৰাহুল গান্ধীৰ সৈতে আন এবাৰ আলোচনাত মিলিত হয়৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত খৰ্গেই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা নকৰে বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ ইমান কেইলানি  আলোচনাৰ অন্ততো সমাধান বাহিৰ নোহোৱাত কংগ্ৰেছ সভাপতি খৰ্গেই বুধবাৰে পুনৰ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে আলোচনাত বহি সিদ্ধান্ত চূড়ান্ত কৰিব৷ খুব সম্ভৱতঃ মল্লিকাৰ্জুন খৰ্গেই বুধবাৰে বেংগালুৰুলৈ গৈ তাতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব৷

কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ অনুসৰি ছিদ্দাৰামায়াৰ পক্ষত ৮০ জনমান আৰু শিৱকুমাৰৰ পক্ষত ৪৫ জনমান বিধায়কৰ সমৰ্থন আছে৷ তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ প্ৰশ্নত শিৱকুমাৰৰ সমৰ্থনত থকা বিধায়কৰ অধিকাংশই নিৰপেক্ষ ভূমিকা পালন কৰিছে৷ কিয়নো নিৰ্বাচনত তেওঁলোকৰ হৈ ছিদ্দাৰামায়ায়ো প্ৰচাৰ চলাইছিল৷ তদুপৰি প্ৰবীণ, দক্ষ, অভিজ্ঞ আৰু দুৰ্নীতিৰ কোনো অভিযোগ নথকাৰ বাবে অধিকাংশ বিধায়কেই ছিদ্দাৰামায়াৰ পক্ষত অৱস্থান লৈছে৷