Logo
image

এইবোৰ অভ্যাসে কেন্সাৰ প্ৰতিৰোধ কৰে

উন্নত জীৱন যাপনশৈলীৰ জৰিয়তে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি৷ এই বিষয়ে হোৱা গৱেষণাত বিভিন্ন তথ্য পোহৰলৈ আহিছে৷ কেন্সাৰ প্ৰতিৰোধৰ প্ৰথম পদক্ষেপেই হ’ল শৰীৰ চৰ্চা৷ স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ জৰিয়তে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি৷ দৈনন্দিনৰ অভ্যাসৰ লগতে পুষ্টিকৰ খাদ্য নিয়মীয়াকৈ খালে শৰীৰত কেন্সাৰ প্ৰতিৰোধ শক্তি বৃদ্ধি পায়৷ গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে, যিসকলৰ স্বাস্থ্যকৰ খাদ্যাভ্যাস নিয়মীয়া সেইসকলৰ স্তন কেন্সাৰ বা অন্য কেন্সাৰত মৃত্যুৰ আশংকা ৪৫ শতাংশ কম হয়৷ স্বাস্থ্যকৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ জৰিয়তে প্ৰাকৃতিকভাৱে কেন্সাৰ প্ৰতিৰোধ কৰাটো সম্ভৱ৷ এইকেইটা অভ্যাসে কেন্সাৰ প্ৰতিৰোধ কৰে৷ 

⬛প্ৰতিদিনে ৰ’দ লওকঃ যাৰ শৰীৰত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে সেইসকল মলাশয়, স্তন কেন্সাৰৰ পৰা হাত সাৰি থাকিব পাৰে৷ সেইবাবে নিয়মীয়াকৈ ৰ’দ লোৱাটো কেন্সাৰ প্ৰতিৰোধক বুলি গণ্য কৰা হয়৷ বিশেষকৈ ছালত হোৱা মাৰাত্মক কেন্সাৰৰ পৰা ইয়াৰ জৰিয়তে হাত সাৰি থাকিব পাৰি৷

⬛ প্ৰতিদিনে এটাকৈ কমলা খাওকঃ কেন্সাৰ সৃষ্টিকাৰী এইচ পাইলোৰি বেক্টেৰীয়া প্ৰতিৰোধ কৰাত ভিটামিন চিয়ে সহায় কৰে৷ সেয়েহে ভিটামিন চি সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খাব লাগে৷ প্ৰতিদিনে সেয়ে এটাকৈ কমলা খাওক৷

⬛ব্ৰকলিঃ প্ৰতিদিনে প্ৰচুৰ পৰিমাণে ব্ৰকলি খালে ডিম্বাশয়, পাকস্থলী, হাঁও-ফাঁও, মূত্ৰাশয় আদিত হ’ব পৰা কেন্সাৰৰ পৰা হাত সাৰিব পাৰি৷ ব্ৰকলিত আছে ছালফৰোফেন নামৰ এবিধ বিশেষ উপাদান৷ যি স্তন কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে৷

⬛ওজন নিয়ন্ত্ৰণত ৰাখকঃ অতিৰিক্ত ওজনে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে৷ এইক্ষেত্ৰত ২০ শতাংশ মহিলা আৰু ১৪ শতাংশ পুৰুষ মাত্ৰাধিক ওজনৰ বাবেই কৰ্কট ৰোগত আক্ৰান্ত হ’লে সহজে মৃত্যুমুখত পৰাৰ আশংকা থাকে৷ সেয়েহে ওজন নিয়ন্ত্ৰণত সদায় গুৰুত্ব দিব লাগে৷

⬛প্ৰতিদিনে কল খাওকঃ গৱেষণাত প্ৰকাশ পাইছে যে সপ্তাহত অন্ততঃ চাৰিৰ পৰা ৬টা কল যিসকলে খায় সেইসকলৰ কিডনীত হোৱা কেন্সাৰৰ আশংকা প্ৰায় ৫৪ শতাংশ কম হয়৷

⬛সামান্য বিষ অনুভৱ কৰিলেও সতৰ্ক হওকঃ সাধাৰণতে বহুতৰে পেটৰ বিষ বা পেট ফুলি উঠাৰ দৰে সমস্যা হয়৷ এনেদৰে পেটৰ বিষ বা ফুলি উঠাৰ দৰে সমস্যা হ’লে তাৎক্ষণিকভাৱে ডাক্তৰৰ কাষ চাপিব লাগে৷ এনেকৈ বিষত আক্ৰান্ত হ’লে কোনো কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷

⬛কেলছিয়ামযুক্ত আহাৰঃ কেলছিয়ামযুক্ত আহাৰ নিয়মীয়াকৈ খালে কেন্সাৰৰ আশংকা হ্ৰাস পায়৷

⬛প্ৰতিদিনে ৩০ মিনিট শৰীৰ চৰ্চা কৰকঃ শৰীৰ চৰ্চাই সকলো ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ প্ৰতিদিনে কমেও ৩০ মিনিট শৰীৰ চৰ্চা কৰিলে কেন্সাৰৰ আশংকাও হ্ৰাস পায়৷

⬛ধূমপান ত্যাগ কৰকঃ ধূমপান কৰা সকল সাধাৰণতে হাঁও-ফাঁওৰ কেন্সাৰত আক্ৰান্ত হয়৷ তদুপৰি খাদ্যনলী কেন্সাৰৰ অন্যতম কাৰণ ধূমপান হ’ব পাৰে৷ সেয়েহে ধঁপাত সেৱনৰ পৰা বিৰত থাকিব লাগে৷