Logo
image

সঠিক তথ্যৰ প্ৰয়োজন

এখন দেশৰ উন্নয়নৰ আঁচনিৰ প্ৰস্তুতি আৰু ৰূপায়ণৰ ক্ষেত্ৰত সঠিক তথ্যৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ বিষয়৷ দৰিদ্ৰতা, নিবনুৱাৰ সংখ্যা, অশিক্ষিতৰ হাৰ, ৰোগী আৰু চিকিৎসকৰ সংখ্যাৰ মাজৰ ভাৰসাম্য আদি সকলোৰে সঠিক তথ্যৰ ওপৰতে ভিত্তি কৰি আঁচনি প্ৰস্তুত কৰিলেহে বাজেট আদিৰ দ্বাৰা সমস্যাৰ সমাধান সম্ভৱ৷ আমাৰ দেশত গুৰিতেই গণ্ডগোল৷ ক’ভিড অতিমাৰীৰ সময়ত মৃতকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা তথ্যৰ মাজত বৃহৎ ব্যৱধান আছিল৷ বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় জনসংখ্যাৰ তথ্য সম্পৰ্কতো সন্দেহৰ উদ্ৰেক হৈছে৷ এই বছৰ ব’হাগত আমাৰ দেশ ১.৪ বিলিয়ন জনসংখ্যাৰে সৰ্ববৃহৎ জনবহুল দেশত পৰিণত হৈছে৷ কিন্তু প্ৰকৃততে আমাৰ জনসংখ্যা কিমান বৃদ্ধি হ’ল এই সম্পৰ্কত সঠিককৈ জানিবলৈ আৰু এবছৰ লাগিব৷ কাৰণ ২০২১ চনৰ দেশৰ লোকপিয়ল অতিমাৰীৰ বাবে সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল৷ ইতিমধ্যে আমাৰ দেশৰ বিভিন্ন খণ্ডৰ তথ্য এটা দশকতকৈ পুৰণি হৈ গৈছে৷ আমি এতিয়াও ২০১১ চনৰ লোকপিয়ল আৰু আনুমানিক তথ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ আছোঁ৷ দেশৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ মুঠ জনসংখ্যা ১.২১ বিলিয়ন৷ সংযুক্ত ৰাষ্ট্ৰসংঘৰ মতে, ১৪ এপ্ৰিলত চীন দেশক অতিক্ৰমি আমি ১,৪২৫,৭১৫,৮৫০সংখ্যক জনসংখ্যাৰ অধিকাৰী হ’লোঁ৷ এইক্ষেত্ৰত বৃদ্ধিৰ হাৰ সঠিক যদিও সংখ্যা নিশ্চয় ভৰসাযোগ্য নহ’ব৷ ইয়াৰ বিপৰীতে সঠিক জনসংখ্যা আৰু ইয়াৰ বিভিন্ন গুণাগুণ, বৈশিষ্ট্য আদিৰ বিতং বিৱৰণ সঠিক সময়ত লাভ কৰাটো প্ৰশাসন আৰু ৰাইজ উভয়ৰ পক্ষেই প্ৰয়োজনীয়, অন্যথা বিভিন্ন আঁচনি, ধনৰ আবণ্টন আদিত খেলিমেলি লগাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ ইতিমধ্যে বিৰোধীয়ে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসুবিধাজনক তথ্য লুকুওৱাৰ বাবে বৰ্তমানৰ চৰকাৰে অপ্ৰয়োজনীয়ভাৱে লোকপিয়লত বিলম্ব ঘটাইছে বুলি দোষাৰোপ কৰিবলৈ লৈছেই৷ 

সমস্যা আৰু আছে৷ বৰ্তমান চৰকাৰে জনোৱা মতে, দেশৰ নিবনুৱা সমস্যা যথেষ্ট নিয়ন্ত্ৰিত হৈছে৷ ইয়াৰ বিপৰীতে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ সূত্ৰ অনুসৰি যোৱা বছৰৰ অক্টোবৰত ৭.৭৭ শতাংশ নিবনুৱাৰ বিপৰীতে এপ্ৰিলত এই হাৰ যোৱা ৭ মাহৰ সৰ্বোচ্ছ সীমাত আছিল [৮.১১]৷ এই হাৰ জানুৱাৰীত সৰ্বনিম্নৰ সীমাত আছিল [৭.১৪ শতাংশ]৷ এই একেই সূত্ৰ অনুসৰি সাধাৰণতে অনুমান কৰাৰ বিপৰীতে দেশৰ গ্ৰামাঞ্চলৰ নিবনুৱাৰ বৃদ্ধিৰ হাৰ নগৰ অঞ্চলতকৈ কম [এপ্ৰিল, ২০২৩-নগৰীয়া ৯.৮১, গ্ৰামাঞ্চল ৭.৩৪ শতাংশ]৷ নিবনুৱা সংখ্যা হ্ৰাস-বৃদ্ধিক দেশৰ উন্নয়নৰ এক বিশেষ সূচক হিচাপে গণ্য কৰা হয়৷ দেশৰ গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ নিবনুৱাৰ বৈশিষ্ট্য আৰু সমস্যা স্বাভাৱিকতে ভিন্ন৷ গতিকে এই সমস্যা দূৰীকৰণৰ বাবে আঁচনিও সঠিক তথ্যভিত্তিক, উপযুক্ত, প্ৰায়োগিক হ’ব লাগিব৷ অন্যথা এই সমস্যাৰ বৰ্ধিত হাৰে দৰিদ্ৰতা বৃদ্ধি কৰি দেশৰ অৰ্থনৈতিক খণ্ডত অন্য এক হেঁচাৰ প্ৰয়োগ কৰিব৷ 

দেশ এখনৰ উন্নয়নৰ বাবে সঠিক, নিখুঁত আঁচনি প্ৰস্তুতৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত হ’ল– সঠিক তথ্যৰ যোগান৷ উপযুক্ত তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু সঠিক ব্যৱহাৰত দেশৰ সকলো খণ্ডৰে আঁচনিৰ ৰূপায়ণ নিৰ্ভৰশীল৷ এই কাম যিমান খৰটকীয়া আৰু নিৰ্ভুল হ’ব সিমানে প্ৰশাসন আৰু ৰাইজৰ মংগল৷