Logo
image

বিশ্বাসে মিলয় বিদ্যুৎ, তৰ্কে বহুদূৰ

আমাৰ অসম, ১৮ মে’: অসম শক্তি বিতৰক কোম্পানী লিমিটেড [এপিডিচিএল] তথা ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰৰ ৰিডিং নিখুঁত আৰু সন্দেহমুক্ত, গ্ৰাহকৰ হিতৰ পক্ষত বুলি বাৰম্বাৰ দাবী কৰি আহিলেও বিদ্যুৎ গ্ৰাহকৰ মাজত সাম কটা নাই স্মাৰ্ট মিটাৰ বিতৰ্ক৷ বিশেষকৈ মোবাইল [Mybijulee] এপৰ দ্বাৰা দৈনিক বিদ্যুতৰ খৰচৰ তালিকা প্ৰত্যক্ষ কৰি বহু গ্ৰাহক চিন্তিত হৈ পৰিছে৷ স্মাৰ্ট মিটাৰত গ্ৰাহকৰ দৈনিক খৰচ হোৱা যি বিদ্যুতৰ ইউনিটৰ তালিকা ‘মাই বিজুলী’ এপত উপলব্ধ হৈছে– সেয়া কিমান দূৰ নিখুঁত আৰু বাস্তৱসন্মত ইয়াক লৈও প্ৰশ্ন উঠিছে৷ অনেক স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ দৈনিক বিদ্যুৎ খৰচৰ ইউনিট কেতিয়াবা হঠাৎ অস্বাভাৱিকভাৱে বেছি আহে৷ দৈনিক দুইৰ পৰা তিনি ইউনিট বিদ্যুৎ খৰচ হোৱা গ্ৰাহকৰো কেতিয়াবা বিজুলী এপত ১৮-২০ ইউনিট বিদ্যুৎ খৰচ হোৱাৰ হিচাপ আহে৷ কেতিয়াবা আকৌ দুই-এদিনৰ বিদ্যুতৰ খৰচৰ বিল নাহেই৷ এপিডিচিএলৰ মতে যোগাযোগৰ অসুবিধাৰ বাবে হেনো কেতিয়াবা দুদিনৰ বিল এদিনত এডজাষ্ট কৰা হয়৷ মুঠতে স্মাৰ্ট মিটাৰৰ মহিমা অপাৰ৷ বিস্ময়াম্বিত অবুজ গ্ৰাহকৰ কৌতূহল প্ৰশ্ন– ‘বিশ্বাসে মিলয় বিদ্যুৎ, তৰ্কে বহু দূৰ৷’ ‘স্মাৰ্ট মিটাৰ লুণ্ঠনৰে এক নতুন ফন্দি নেকি? স্মাৰ্ট মিটাৰৰ স্মাৰ্ট ফান্দৰ জৰিয়তে ইচ্ছা আৰু প্ৰয়োজন মতে ৰাজ্যৰ লক্ষ লক্ষ  বিজুলী গ্ৰাহকৰ পৰা প্ৰকৃত বিদ্যুৎ খৰচৰ তুলনাত দুই তিনিগুণ বিল আদায় কৰি উদং ৰাজকোষলৈ হাজাৰ হাজাৰ কোটি টকা সৰকোৱাৰ পাং পাতিছে নেকি এপিডিচিএলে৷’ যোৱা ১১ মে’ত গ্ৰাহকৰ বিদ্যুতৰ বিল আনদিনৰ তুলনাত হঠাৎ ২-৩ গুণ বেছি আহিল৷ এই সন্দৰ্ভত গ্ৰাহকৰ মাজত হাহাকাৰ লগাৰ লগতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাত এপিডিচিএলে পূৰ্বৰ গতানুগতিক ধৰণে এক বিজ্ঞপ্তি জাৰি কৰি গ্ৰাহকক আশ্বস্ত কৰাৰ চেষ্টা কৰে৷ বিজ্ঞপ্তিত এপিডিচিএলে কয় যে যোগাযোগৰ সমস্যাৰ বাবে কিছু স্মাৰ্ট মিটাৰে হেনো ৯ আৰু ১০ মে’ত প্ৰি-পেইড বেলেঞ্চ কৰ্তন কৰিব পৰা নাছিল৷ সেয়েহে দুদিনৰ বেলেঞ্চ একেলগে ১১ মে’ত ৯ আৰু ১০ মে’ৰ দুদিনৰ বেলেঞ্চ একেলগে কৰ্তন কৰাতহে বিদ্যুতৰ ইউনিট বৃদ্ধি পালে৷ কাজেই এপিডিচিএলৰ ব্যাখ্যাত আশ্বস্ত হ’ব পৰা নাই গ্ৰাহক৷ এনেই স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিলক লৈ আৰম্ভণিৰে পৰা গ্ৰাহকৰ মাজত সন্দেহ আৰু সংশয় আছিলেই৷ কোনো কাৰণ নোহোৱাকৈয়ে পূৰ্বৰ তুলনাত গ্ৰাহকৰ বিদ্যুৎ মাচুল দুগুণ-তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে৷ পূৰ্বতে ৫০০ টকাৰ ভিতৰত বিদ্যুতৰ বিল পৰিশোধ কৰা গ্ৰাহকৰ এজনেও স্মাৰ্ট মিটাৰ হোৱাৰ পাছত হাজাৰ টকাৰ ওপৰত বিল পৰিশোধ কৰিবলগীয়া হৈছে৷ পূৰ্বতে এচি, ফ্ৰীজ চলায়ো দৈনিক ৮০-৯০ টকা খৰচ নোহোৱা লোক এজনৰ ঘৰত এতিয়া এচি, ফ্ৰীজ নচলোৱাকৈয়ে ৮০-৯০ টকা বিল অহা হৈছে৷ এনেবোৰ কাৰণত হাজাৰ হাজাৰ গ্ৰাহকৰ পূৰ্বৰ পৰাই এপিডিচিএলৰ বিৰুদ্ধে সন্দেহ আছিল৷ কিন্তু শেহতীয়াকৈ এপিডিচিএলে যোগাযোগৰ সমস্যাৰ বাবে দুদিনৰ বিল এদিনত মিলোৱা বুলি যি বেপেৰোৱা বিবৃতি দিলে এই বিবৃতিয়ে যেন গ্ৰাহকক বাৰুকৈয়ে ক্ষোভিত কৰি তুলিছে৷ বহু গ্ৰাহকে সামাজিক মাধ্যমত তথ্যসহ নিজ নিজ অস্বাভাৱিক বিদ্যুতৰ বিল তুলি ধৰি জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন এপিডিচিএল তথা চৰকাৰক কৰিছে৷ এপিডিচিএললৈ গ্ৰাহকৰ যুক্তি পূৰ্ণ প্ৰশ্নবান– ‘যোগাযোগৰ সমস্যাৰ বাবে কিছুমান স্মাৰ্ট মিটাৰে ১০ মে’ত যোগাযোগ স্থাপন কৰিব পৰা নাছিল’ বোলে৷ বাহ!এয়া আকৌ কেনে স্মাৰ্ট মিটাৰ? মানে তেওঁলোকে ইমান দিনে আমাক স্মাৰ্ট মিটাৰ বুলি এনে কাৰিকৰী ত্ৰুটি থকা মিটাৰৰ কথাহে কৈ আছিল৷ স্মাৰ্ট মিটাৰত এটা দিনত বেলেঞ্চ কৰ্তন নহ’ল বুলি ক’লেই হ’বনে? কথাটো ইমান সাধাৰণ নে? যদি সেইদিনা ইমান গুৰুতৰ বিসংগতি এটা হৈছিলেই গ্ৰাহকক এটা মেছেজ দি কিয় জনোৱা নহ’ল? মানে আপোনালোকৰ স্মাৰ্ট মিটাৰৰ এই ‘স্মাৰ্টনেছ’ আপোনালোকে লুকুৱাই ৰাখিছিল? ৯ মে’ আৰু ১১ মে’ৰ ব্যৱহাৰৰ ভিত্তিত ১০ মে’ৰ বেলেঞ্চ কাটিলে? মানে এভাৰেজ উলিয়াই ল’লে? আপোনালোকৰ বুদ্ধি-বৃত্তি দেখোন তুলনাবিহীন! কোনে অধিকাৰ দিলে আপোনালোকক গ্ৰাহকক নজনোৱাকৈ এভাৰেজ উলিয়াই মাছুল কাটিবলৈ? সেইদিনা এক ইউনিটি শক্তি ব্যৱহাৰ নকৰাজনকো আপোনালোকে মাছুল লগাই দিলে? আপোনালোকৰ এয়া স্মাৰ্ট মিটাৰৰ স্মাৰ্টনেছ? আজি বিয়লি হঠাৎ মেছেজ আহিল - মোৰ বেলেঞ্চ মাইনাছ ৩৮ টকা, হ’ব পাৰে, মই চোৱা নাছিলো৷ লগে লগে ১,০০০ টকাৰ ৰিচাৰ্জ কৰিলো, এইবাৰ বেলেঞ্চ দেখুৱালে ৮৭১ টকা৷ ইমানেই স্মাৰ্ট এই মিটাৰ৷’ মুঠতে গ্ৰাহক এপিডিচিএলৰ ভাষ্যত তিলমাত্ৰও আশ্বস্ত হ’ব পৰা নাই৷ স্মাৰ্ট মিটাৰ হোৱাৰ পাছত বিদ্যুতৰ বিল পূৰ্বৰ তুলনাত কমিব বুলি দিয়া চৰকাৰৰ অভয়বাণীও পৰিণত হৈছে ফুটুকাৰ ফেনত৷

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কৰ্মচাৰীৰ বিজুলী ভৱনৰ সন্মুখত অৱস্থান বিক্ষোভ কাৰ্যসূচী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীক স্থায়ী নিযুক্তি দিয়া, ৩৩/১১ কেভি উপকেন্দ্ৰৰ আউটছ’চিং বন্ধ কৰা, এন পি এছ বাতিল কৰি অ’ পি এছ প্ৰৱৰ্তন কৰা, বিদ্যুৎ কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, সকলো বিদ্যুৎ কৰ্মচাৰীক প্ৰবেচন কালৰ সম্পূৰ্ণ দৰমহা দিয়া আদি দাবী পুৰণ কৰিবলৈ আছাম ষ্টেট ইলেক্ট্ৰিচিটী চাপ্পাই ৱাৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত বুধবাৰে বিজুলী ভৱনৰ সন্মুখত পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৪: ০০ বজালৈ বিদ্যুৎ কৰ্মচাৰীৰ দিনজোৰা অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমাবেত হোৱা বিদ্যুৎ কৰ্মচাৰীয়ে এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷  এই কাৰ্যসূচীৰ জৰিয়তে আছাম ষ্টেট ইলেক্ট্ৰিচিটী চাপ্পাই ৱাৰ্কাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই কয়– বিদ্যুৎ প্ৰতিষ্ঠানত কৰ্মৰত বুজন সংখ্যক অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত কতৃৰ্পক্ষই আজিকোপতি ফলপ্ৰসূ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ এইসন্দৰ্ভত বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত ইউনিয়নৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰৱৰ্তী সময়তো কতৃৰ্পক্ষই অস্থায়ী কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণৰ স্পষ্ট পথনিৰ্দেশনা ঘোষণা কৰা নাই৷ বৰঞ্চ দিনে দিনে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলশ্ৰুতিত ৰাজহক্ষেত্ৰত বুজন সংখ্যক অস্থায়ী কৰ্মচাৰী কৰ্মহীন হৈ পৰাৰ আশংকা ঘণীভূত হৈছে৷ ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি শ্ৰমিকৰ নূ্যনতম মজুৰি বৃদ্ধি নকৰাৰ অজুহাততে বিদ্যুৎ খণ্ডত কৰ্মৰত হাজাৰ হাজাৰ অস্থায়ী কৰ্মচাৰীয়ে নামমাত্ৰ দৰত কাম কৰি যাবলৈ বাধ্য হৈছে৷ নকলেও হ’ব যে প্ৰতি মুহূৰ্ততে জীৱনৰ প্ৰতি শংকা বুকুত বান্ধি অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে দিন ৰাতি একাকাৰ কৰি বিদ্যুৎ সেৱা নীৰৱচ্ছিন্নভাৱে চলায় নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ইউনিয়নে পূৰ্বে দাবী জনোৱা অনুসৰি স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত কৰ্মচ্য়ুত হ’বলগীয়া ৰাজহৰ সৈত সম্পৰ্কিত অস্থায়ী কৰ্মচাৰীসকলক উপযুক্ত কাৰিকৰী প্ৰশিক্ষণ দি বিদ্যুৎ পৰিচালনাৰ আন আন দৰকাৰী ক্ষেত্ৰত প্ৰত্যক্ষ নিযুক্তি দি ক্ষেত্ৰীয় স্তৰত কৰ্মচাৰীৰ অভাৱ পূৰণ কৰাৰ যথেষ্ট থল আছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎ কতৃৰ্পক্ষই এনেবোৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ একেদৰে বিদ্যুৎ বিতৰণ ক্ষেত্ৰত ব্যয়সংকোচন তথা কৰ্মচাৰীৰ অভাৱৰ দোহাই দি ৩৩/১১ কেভি উপ-কেন্দ্ৰৰ পৰিচালনা আউটছ’ৰ্চিং কৰা হৈছে৷ ৰাজহুৱা বিদ্যুৎ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ এই পদক্ষেপ বন্ধ কৰাৰ বাবে ইউনিয়নে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো কতৃৰ্পক্ষই আউটছ’ৰ্চিং ব্যৱস্থা বন্ধ কৰা নাই৷ এনে পটভূমিত বিদ্যুৎ প্ৰতিষ্ঠানৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, ৩৩/১১ কেভি উপ- কেন্দ্ৰৰ আউটছ’ৰ্চিং বন্ধ কৰাৰ লগতে এন পি এছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰাৰ লগতে ১৫দফীয়া দাবীচনদ কাৰ্যকৰী কৰাৰ দাবী আমি জনাইছোঁ৷’ এই কাৰ্যসূচীত ইউনিয়নৰ সভাপতি মুকুটমণি দাস, কাৰ্যকৰী সভাপতি নয়নজ্যোতি চক্ৰৱৰ্তী, কোষাধ্যক্ষ কুমুদ শৰ্মা আদিকে ধৰি প্ৰায় দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে দাবীসম্বলিত এখন স্মাৰক-পত্ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, অসম শক্তি উৎপাদন নিগম লিমিটেড, অসম শক্তি সংবহণ নিগমৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে৷

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে ঘেৰাও কৰিব বিজুলী ভৱন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ ৰাজ্যৰ শক্তিখণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ যৌথ মঞ্চ আসাম ষ্টেট্‌ আউটছ’ৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে অচিৰেই ঘেৰাও কৰিব বিজুলী ভৱন৷ তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰাৰ বাবেই ইউনিয়নে এনেদৰে বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে ইউনিয়নৰ সভাপতি দিব্যজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ ৰায়ে৷ শক্তিখণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ১১ দফীয়া দাবী শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ইউনিয়নে৷ উল্লেখ্য,২০২২ বৰ্ষত অক্টোবৰ মাহত ইউনিয়নৰ প্ৰতিনিধিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনোৱাৰ পাছত মুখ্যমন্ত্ৰীজনে ইউনিয়নক দিয়া আশ্বাস আজিও পূৰণ নকৰিলে বুলি ইউনিয়নে খেদ প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে শক্তিমন্ত্ৰীৰ লগত আলোচনা কৰি তেনে সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও এইপৰ্যন্ত চৰকাৰখনে দাবীসমূহ কাৰ্যকৰী নকৰিলে বুলি সন্থাই অভিযোগ উত্থাপন কৰিছে৷ যাৰ ফলত সন্থাই শেহতীয়াকৈ বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি কয়৷ ৰাজ্যৰ শক্তিখণ্ডত তথা বিদ্যুৎ বিভাগত ৮০শতাংশ কামেই অস্থায়ী কৰ্মচাৰীৰ জৰিয়তে সম্পাদন কৰা হয় যদিও সংখ্যাগৰিষ্ঠ এই কৰ্মচাৰীসকলে আজিও চাকৰি নিয়মীয়াকৰণৰ মুখ নেদেখিলে বুলি সন্থাই ক্ষোভ ব্যক্ত কৰিছে৷ যাৰ ফলত এনে কৰ্মচাৰীসকলৰ মাজত উত্তেজনাই বিৰাজ কৰিছে বুলি ইউনিয়নে বিবৃত্তিটোত জানিবলৈ দিছে৷ বিদ্যুৎ বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ সমস্যাৰাজিক গুৰুত্ব প্ৰদান নকৰাৰ বাবেই অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সন্থাই ডিচেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে চাৰিবাৰকৈ  আন্দোলন কৰাৰ পাছতো এই কৰ্মচাৰীসকলে কোনোধৰণৰ সু-ফল লাভ কৰা নাই৷ ইফালে বিভাগটোৱে শক্তিখণ্ডৰ অস্থায়ী মিটাৰ ৰিডাৰ নামৰ এটা সন্থা আছে, তাত আদালতৰ ৰায় পোৱা কেইজনমানক লৈ বিভাজন নীতিত নামি পৰিছে বুলি সন্থাই অভিযোগ তুলিছে৷ সেয়েহে শেহতীয়াকৈ ইউনিয়নে এনেদৰে বিজুলী ভৱন ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি আসাম ষ্টেট্‌ আউটছ’ৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে জানিবলৈ দিছে৷