Logo
image

নকল সোণৰ বেহাক লৈ জটিল হৈছে জোনমণিৰ মৃত্যু-ৰহস্য

আমাৰ অসম, ১৮ মে’: এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে৷ সাধাৰণ দৃষ্টিত নিশা ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাৰ ফলত নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৩০ বছৰীয়া জোনমণি ৰাভাৰ মৃত্যু হয় যদিও জোনমণিৰ মৃত্যুৰ পাছতেই এটাৰ পাছত এটাকৈ বিস্ফোৰক কাহিনী পোহৰলৈ অহাত আৰক্ষী বিষয়াগৰাকী পৰিকল্পিত হত্যা, আত্মহত্যা নে দুৰ্ঘটনাৰ বলি হৈছিল, সেয়া কাৰ্যতঃ ধূসৰ হৈ পৰিছিল৷ জোনমণিৰ মৃত্যুৰ পাছতেই উত্তৰ লখিমপুৰ থানাত জোনমণি ৰাভাৰ বিৰুদ্ধে ধনলুট-অপহৰণৰ গোচৰ ৰুজু হোৱাৰ তথ্য পোহৰলৈ অহাই নহয়, একে সময়তে লখিমপুৰৰ বঙালমৰাৰ হাচিনা বেগম নামৰ এগৰাকী মহিলাই  নকল সোণ আৰু জালনোট চক্ৰই আৰক্ষীয়ে মিলি জোনমণি ৰাভাক হত্যা কৰাৰো বিস্ফোৰক অভিযোগ কৰিছে৷ ইফালে, জোনমণিৰ মাতৃয়ে ঘটনাৰ দিনা গুৱাহাটীৰ পৰা নগাঁৱৰ কৰ্মস্থলীলৈ যোৱাৰ সময়ত বাটতে এটা গৰু সৰবৰাহকাৰী চক্ৰৰ হৈ এজন অধিবক্তাই জোনমণিক কোনো বিশেষ ‘দাদা’ এজনৰ বাবে ১৫ হাজাৰ টকা দিয়া বুলি মন্তব্য কৰা বিষয়টোৱে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে৷ সেয়েহে স্বাভাৱিকতেই প্ৰশ্ন হয়– নকল সোণ, জালনোট আৰু গৰুৰ স্মাগ্লিং চক্ৰটোৰ সৈতে জোনমণিৰ মৃত্যুৰ কিবা সম্পৰ্ক আছে নেকি? অৱশ্যে ডিজিপি জিপি সিঙে ঘটনাটোৰ চিআইডিক তদন্তৰ নিৰ্দেশ দিয়াত এই তদন্ততহে লেডী সিংঘম হিচাপে চৰ্চিত বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা হ’ব৷ আৰক্ষীয়ে দাবী কৰা মতে মঙলবাৰে পুৱতি নিশা ১.৪৫ বজাত কলিয়াবৰৰ জখলাবন্ধাত এখন চাহপাত কঢ়িওৱা কণ্টেইনাৰ ট্ৰাকৰ সৈতে জোনমণিয়ে চলাই যোৱা এছ প্ৰেছো বাহনখনৰ মুখামুখি সংঘৰ্ষত আৰক্ষী বিষয়াগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ অৱশ্যে জোনমণিৰ দুৰ্ঘটনাৰ ঠিক পাছতেই নিশা প্ৰায় ২ বজাত জোনমণিৰ চৰকাৰী আৱাসত অভিযান চলাইছিল নগাঁও এছপি লীনা দলে আৰু এএছপি ত্ৰিদীপ কুম্বাঙে৷ উত্তৰ লখিমপুৰ থানাত আমিনা খাতুন নামৰ এগৰাকী মহিলাই দাখিল কৰা এজাহাৰৰ ভিত্তিত সোমবাৰে ৰুজু হোৱা ১৮৩/২০২৩ নম্বৰৰ গোচৰটো সংক্ৰান্ততে অভিযুক্ত জোনমণি ৰাভাৰ আৱাসত তালাচী চলাই প্ৰায় ৪ লাখ টকা জব্দ কৰি লৈ যায় এছপি দলে বাহিনীয়ে৷ আমিনা খাতুনে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছিল যে ৬ মে’ত এছআই জোনমণি ৰাভাৰ নেতৃত্বত অহা এটা দলে তেওঁৰ পুত্ৰ আজগৰ আলীক আটক কৰি লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত পুত্ৰক মোকলাই দিয়াৰ নামত ৬.৮০ লাখ টকা আদায় কৰিছিল৷ লগতে আজগৰৰ ভাতৃৰ এখন ব্ৰীজা গাড়ীয়ো জব্দ কৰি লৈ যোৱা বুলি এজাহাৰত উল্লেখ কৰিছিল৷ ইফালে, আমিনা খাতুনৰ এই গোচৰৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতেই লখিমপুৰৰ হাচিনা বেগম নামৰ আন এগৰাকী মহিলাই আজগৰ আলী নকল সোণ আৰু জালনোট চক্ৰৰে জড়িত বুলি অভিযোগ কৰি লখিমপুৰ আৰক্ষীৰ সৈতে বুজাবুজি থকা এই গেংটোৰ পৰা জোনমণি ৰাভাই মৃত্যুৰ ভাবুকি লাভ কৰিছিল বুলি বিস্ফোৰক অভিযোগ কৰে৷ হাচিনা বেগমে সংবাদ মাধ্যমক সদৰী কৰি কয়– ‘মৃত্যুৰ পূৰ্বে অৰ্থাৎ সোমবাৰে বিয়লি ৩ বজাত জোনমণি ৰাভাই তেওঁলৈ ফোন কৰি প্ৰাণৰ প্ৰতি ভাবুকি লাভ কৰা কথা জানিবলৈ দিছিল৷ যিটো জালনোট চক্ৰৰ বিৰুদ্ধে জোনমণি ৰাভাই অভিযান চলাইছিল সেই চক্ৰটোৱে ওলোটাই নাওবৈচা থানাত এজাহাৰ দিয়া বুলি জনাইছিল৷ আনকি এজাহাৰ পঞ্জীয়ন নকৰিবলৈ নাওবৈচা থানাৰ আইচি সঞ্জীৱ বৰাই ৬ লাখ টকা দাবী কৰা বুলিও জোনমণিয়ে কৈছিল বুলি মহিলাগৰাকীয়ে দাবী কৰিছে৷ ইফালে, হাচিনা বেগমে নকল সোণ আৰু জালনোট চক্ৰটোৰ বিৰুদ্ধে এজাহাৰ দিলে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে বাধা দিয়াৰ লগতে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণৰো ভাবুকি দিয়া বুলি আন এক ভয়ংকৰ অভিযোগ কৰিছে৷ ইমানেই নহয়, জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই প্ৰাণৰ শংকাত ভুগি হাচিনা বেগমে মঙলবাৰে লখিমপুৰ জিলা উপায়ুক্তক এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ, নাওবৈচা থানাৰ আইচি সঞ্জীৱ বৰা, নাৰায়ণপুৰ আৰক্ষী চকীৰ এছআই বিষ্ণু দেউৰী, বঙালমাৰা থানাৰ নিলম্বিত অ’চি তৰুণ চন্দ্ৰ বড়ো আৰু নকল সোণ-জালনোট চক্ৰৰে জড়িত ৰফিকুল ইছলাম, আবু ছহিদ [লম্বু], জাকিৰ হুছেইন, ছফিকুল হুছেইন আৰু আজগৰ আলীৰ পৰা প্ৰাণৰ ভাবুকি পোৱা বুলিও উল্লেখ কৰিছে৷ অৰ্থাৎ হাছিনা বেগমৰ এই অভিযোগে স্পষ্ট কৰি যে নকল সোণ আৰু জালনোট গেঙৰ টাৰ্গেট হৈ পৰিছিল জোনমণি ৰাভা৷ ইপালে, জোনমণিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি ছুটিত ঘৰলৈ অহা জোনমণিয়ে সোমবাৰে গুৱাহাটীৰ পৰা নগাঁৱৰ কৰ্মস্থলীলৈ ঘূৰি যোৱাৰ সময়ত বাটতে এজন অধিবক্তাই ১৫ হাজাৰ টকা দিছিল৷ এই টকাখিনি আছিল গৰু ছিণ্ডিকেটৰ এটা গোচৰ সংক্ৰান্তীয়৷ অধিবক্তাজনৰ পৰা টকাখিনি লোৱাৰ পাছত জোনমণিয়ে কাৰোবালৈ ফোন কৰিছিল৷ দাদা সম্বোধন কৰা লোকজনক অধিবক্তাজনে ১৫ হাজাৰ টকাহে দিয়া বুলি কৈ পাছত বাকী টকাখিনি আদায় দিব বুলিও কৈছিল৷ জোনমণিয়ে নগাঁও সদৰ থানাৰ অ’চি আৰু হয়বৰগাঁও থানাৰ এছআই আভাজ্যোতি ৰাভাকহে কেৱল দাদা বুলি মতাৰ কথা জানিবলৈ দি জোনমণিয়ে গৰু ছিণ্ডিকেট চক্ৰটোৰে সম্পৰ্ক থকা তেওঁলোকৰ কথাই কোৱা বুলিও মাতৃয়ে ইংগিত দিয়ে৷ ইফালে, জোনমণিক হত্যা কৰা বুলি দাবী কৰি মাতৃয়ে এই হত্যাকাণ্ডৰ আঁৰত নগাঁৱৰ এছপি লীনা দলে, এএছপি ত্ৰিদীপ কুম্বাঙৰ লগতে ষ্টাফ জড়িত থকা বুলিও অভিযোগ কৰিছে৷ তদুপৰি জোনমণিৰ মাতৃয়ে ৰাজা ইৰছাদ নামৰ এজন আৰক্ষী বিষয়াৰো নাম লৈছে৷ যিজন আৰক্ষী বিষয়া বৰ্তমান ধিং থানাত অ’চি হিচাপে কৰ্মৰত৷ ইফালে, জোনমণিয়ে দুটা মোবাইল ফোন ব্যৱহাৰ কৰিছিল যদিও আৰক্ষীয়ে এটা ফোনহে উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাত  আনটো মোবাইল ক’ত বুলিও প্ৰশ্ন কৰিছে পৰিয়ালৰ লোকে৷ ইফালে, দুৰ্ঘটনাগ্ৰস্ত যোৰহাটৰ পৰা চাহপাত কঢ়িয়াই অনা কণ্টেইনাৰ ট্ৰাকখনৰ চালকজন উত্তৰ প্ৰদেশৰ কানপুৰৰ সুমিত কুমাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ অৱশ্যে চালকজনক চিনাক্ত কৰিলেও বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে বুধবাৰে গুৱাহাটীৰ পৰা যোৱা চিআইডিৰ দলে জখলাবন্ধাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰাৰ লগতে তদন্তৰ বাবে আন এটা দল লখিমপুৰলৈ ৰাওনা হৈছে৷ লক্ষণীয়ভাৱে জোনমণিৰ মাহীয়েক সুৱৰ্ণা বড়োৱে জোনমণিৰ মৃতদেহৰ নিম্নংশত ৰ’ডেৰে আঘাত কৰাৰ চিহ্ন দেখা পাইছিল বুলি দাবী কৰা বিষয়টোৱে আন এক ৰহস্যৰ সৃষ্টি কৰিছে৷ এই ৰহস্যৰ মাজতে মঙলবাৰে পুৱতি নিশা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এজন যুৱকে ঘটনাস্থলীত উপস্থিত থকা বুলি দাবী কৰা কাৰ্যই বিষয়টো অধিক জটিল কৰি তুলিছে৷ দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনে সংবাদ মাধ্যমৰ আগত কয়– ‘ঘটনাৰ দিনা মই গুৱাহাটীৰ পৰা উজনি অসমৰ দিশে গৈ আছিলোঁ৷ নিশা প্ৰায় ২ মান বজাত টোপনি ধৰাত জখলাবন্ধা নৌপাওতেই এখন সৰু দোকানৰ সন্মুখত মোৰ গাড়ীখন ৰাখিছিলোঁ৷ তেতিয়া ৰাজপথত এখন সৰুগাড়ী ছিগ্‌নেল লাইট জ্বলাই ৰখাই থোৱা দেখিছিলোঁ৷ গাড়ীখন নিজৰ দিশত ৰখাই থোৱা হৈছিল যদিও কিছু সময়ৰ পাছত কণ্টেইনাৰ ট্ৰাকখন আহি সন্মুখৰ পৰা সৰু গাড়ীখনক খুন্দা মাৰে৷ ইয়াৰ পাছতেই গাড়ীখনৰ পৰা ক’লা পেণ্ট আৰু ক’লা জোটা পিন্ধা এজন পুৰুষক ওলাই যোৱা দেখিছিলোঁ আৰু ট্ৰাক চালকজনো পলাই যোৱা দেখা পাইছিলোঁ৷ ১৫ মিনিটৰ পাছত আৰক্ষী অহাত গাড়ীখনৰ ওচৰলৈ যোৱাত এগৰাকী যুৱতী গাড়ীখনৰ ভিতৰত পৰি থকা দেখা পাইছিলোঁ৷’ ইফালে, লখিমপুৰ সদৰ থানাত জোনমণিৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰত ৬মে’ত জিলাখনৰ ২নং বৰছলাত জোনমণিয়ে চলোৱা এক ৰহস্যজনক অভিযানৰ কথা কোৱা হৈছে৷ নাওবৈচাৰ আইচিয়ে সঞ্জীৱ বৰাই দাবী কৰা মতে জোনমণিয়ে অভিযানৰ কথা নাওবৈছা আৰক্ষীক জনোৱা নাছিল৷ অৱশ্যে এই অভিযোগ-প্ৰতি অভিযোগৰ এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে সংবাদ মাধ্যমৰ হাতত পৰিছে চিচি কেমেৰাত আৱদ্ধ কিছু দৃশ্য৷ এছআই জোনমণি ৰাভাই ৬মে’ৰ নিশা ২নং বৰছলাত আজগৰ আলীৰ ঘৰত চলোৱা অভিযানৰ চিচি টিভিত দেখা পোৱা গৈছে যে পুৱতি নিশা ২ বাজি ৫৭ মিনিটত সোমাই গৈছিল ৩খন গাড়ী৷ আৰু ৩ বাজি ৪৫ মিনিটত ওলাই আহিছিল গাড়ীকেইখন৷ জোনমণিৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰত আছিল– এখন ব্ৰীজা গাড়ী লৈ উধাও হৈছিল জোনমণি৷ কিন্তু চিচি কেমেৰাত সেই কথা স্পষ্ট হোৱা নাই৷ ৩খন গাড়ীয়ে সোমাইছিল, ৩খন গাড়ীয়ে ওলাই গৈছিল৷

জোনমণিৰ মৃত্যু সন্দৰ্ভত চিআইডিৰ তদন্ত আৰম্ভ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে দুৰ্ঘটনাত মৃত্যুঘটাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আজি চি আই ডিৰ এটি দল আহি নগাঁও সদৰ আৰক্ষী থানা আৰু মৰিকলং আৰক্ষী চকীত উপস্থিত হোৱাৰ লগতে দলটোৱে জখলাবন্ধাৰ সৰুভগীয়াত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তথ্য আহৰণ কৰে৷ এইপৰ্যন্ত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে অথবা নগাঁও আৰক্ষীৰ উচ্ছপদস্থ বিষয়াই এই ঘটনাক লৈ মুখ খুলিব বিচৰা নাই৷ আজি বিয়লি সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক লীনা দলেয়ে চি আই ডিৰ তদন্তৰ কথা দোহাৰি এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷ সাংবাদিকে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে মাথোঁ কয়-‘‘ন’ কমেণ্ট’’৷ এক দুৰ্ঘটনাত নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা নিহত হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ ন-ন দিশ উন্মোচিত হোৱাত সমগ্ৰ বিষয়টোৱে নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে৷ জোনমণি ৰাভাৰ দুৰ্ঘটনাক লৈ এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে, দুৰ্ঘটনাত এছ আই জোনমণি ৰাভাই চলাই যোৱা চাৰিচকীয়া গাড়ীখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ পাছতো গাড়ী চালকৰ আসনত থকা জোনমণিৰ দেহত নাছিল বিশেষ কোনো দাগ অথবা শৰীৰৰ হাড় ভগা নাছিল, মূৰ ফটা নাছিল৷ যাৰ বাবে এই দুৰ্ঘটনাই সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰাৰ লগতে আন কেতবোৰ আনুষংগিক বিষয়ে এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্বেগ ঘটিছে৷ আনহাতে, জোনমণি ৰাভাৰ এই ৰহস্যজনক দুৰ্ঘটনাৰ পাছত উত্থাপিত আন কেতবোৰ বিষয়ক লৈ সৰ্বত্ৰ তীব্ৰচৰ্চা চলিছে৷ বিশেষকৈ নগাঁও আৰক্ষীয়ে দুৰ্ঘটনাৰ নিশা কি কাৰণত জোনমণি ৰাভাৰ চৰকাৰী বাসভৱনত তালাচী চলাইছিল সেইটো এতিয়াও স্পষ্ট হোৱা নাই৷ তদুপৰি, এই তালাচীৰ দিনা জোনমণি ৰাভাৰ বাসভৱনৰ পৰা নগদ এক লাখ টকা আৰু কিছু নথি-পত্ৰ জব্দ কৰা কথা এতিয়াও ৰহস্য হৈয়ে আছে৷ ইপিনে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্য অনুসৰি, জোনমণি ৰাভা দুৰ্ঘটনাত নিহত হোৱাৰ দিনাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জোনমণিক ৰিজাৰ্ভ ক্ল’জ কৰিছিল৷ কি কাৰণত জোনমণি ৰাভাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল সেই বিষয়টোও এতিয়া অন্ধকাৰত আছে৷ তদুপৰি, লখিমপুৰ জিলাত জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা ঘটনাৰ আঁৰত এক বৃহৎ ষড়যন্ত্ৰ থকা বুলি চৰ্চা চলিছে৷ জাল নোট আৰু নকল সোণৰ চক্ৰৰ ষড়যন্ত্ৰৰ বলি হ’ল নেকি জোনমণি ৰাভা!এনে বহু প্ৰশ্ন উত্থাপন হৈছে এতিয়া জোনমণি ৰাভাৰ ক্ষেত্ৰত৷

ট্ৰাকখনৰ চালক সুমিত কুমাৰৰ ঘৰ উত্তৰপ্ৰদেশত

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদকঃ কলিয়াবৰৰ জখলাবন্ধা সমীপৱৰ্তী সৰুভগীয়াত কালি পুৱতি নিশা সংঘটিত পথ দুৰ্ঘটনাত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা নিহত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ট্ৰাকৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল৷ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বাহনৰ লগত সংঘৰ্ষ হোৱা কণ্টেইনাৰ ট্ৰাকখনৰ চালক বা গৰাকী সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই যদিও ট্ৰাকখনৰ সবিশেষ তথ্য পোহৰলৈ আহিছে৷ সুনেইনা ট্ৰেন্সপ’ৰ্টৰ অধীনস্থ ইউ পি ৭৮ এইচ টি ৪৫১৮নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ গৰাকী হৈছে উত্তৰ প্ৰদেশ কানপুৰৰ সুমিত কুমাৰ৷ সুমিতৰ ভাতৃ নীৰজ কুমাৰে গাড়ীখন পঠাইছিল অসমৰ যোৰহাটলৈ৷ যোৰহাটত চাহপাত বোজাই কৰি ট্ৰাকখন গৈ আছিল গুজৰাটৰ আহমদাবাদ অভিমুখে৷ আনহাতে, সুমিত কুমাৰ নিজে ট্ৰাকখনৰ চালকৰ আসনত আছিল বুলিও জানিব পৰা গৈছে৷ অৱশ্যে চি আই ডিৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব৷