Logo
image

ৰাম মোদী, লক্ষ্মণ অমিত শ্বাহ... ৰূপজ্যোতি নিজে হৈ গ’ল নাৰদ

আমাৰ অসম, ১৮ মে’: ৰাম কোন, ৰাৱণ কোন তাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছে ৰাম-ৰাৱণৰ প্ৰসংগ৷ শেহতীয়াভাৱে ৰাম-লক্ষ্মণ আৰু নাৰদ কোন সেয়া নিৰ্ধাৰণ কৰিছে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ ন-বিজেপি ৰূপজ্যোতিৰ মতে ৰাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ লক্ষ্মণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা হনুমান৷ ৰূপজ্যোতি নিজে নাৰদ৷ তেওঁৰ দাবী– ২০১৪ চনতে দেশত ৰামৰাজ্য স্থাপন হৈছে৷ নৰেন্দ্ৰ মোদীয়ে ৰামৰ অৱতাৰ হৈ ৰামৰাজ্য প্ৰতিষ্ঠা কৰিছে৷ ৰাৱণ হৈছে গান্ধীৰ পৰিয়াল৷ কুম্ভকৰ্ণ নেহেৰুৰ পৰিয়াল৷ কৰ্ণাটকৰ জয়ক লৈ কংগ্ৰেছ উৎসাহী হোৱাৰ দৰকাৰ নাই৷  ৰাৱণেও জয়লাভ কৰা বুলি ভাবিছিল৷ ইতিমধ্যে দেশত ৰামৰাজ্য প্ৰতিষ্ঠা হৈছে৷ হিমন্তবিশ্ব শৰ্মাই হনুমানৰ দৰে ৰামৰূপী মোদীক ৰামৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছে, কৰি যাব৷ অমিত শ্বাহ নাগৰ ৰূপত আছে ৰামৰূপী মোদীৰ কাষত৷ উল্লেখ্য, কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ চমকপ্ৰদ সফলতা আৰু বিজেপিৰ বিপৰ্যয়ৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে ৰাম-ৰাবনৰ প্ৰসংগক কেন্দ্ৰ কৰি৷ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে বজৰং দলক নিষিদ্ধ কৰিম বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে৷ কংগ্ৰেছৰ এনে নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে ভগৱান ৰাম আৰু ভক্ত হনুমানক অপমান কৰা বুলি নিৰ্বাচনত বিজেপি দলে ব্যাপক প্ৰচাৰ চলায়৷ ৰাম-ৰাবনৰ বিষয়টোক কেন্দ্ৰ কৰি অসমতো অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি দলক এই প্ৰসংগত কটাক্ষ কৰি কয়–জয় শ্ৰী ৰাম মোৰ নহয় নেকি? ভাওনাত মই ৰামৰ ভাও লৈছো৷ বিজেপিয়ে ৰামৰ ঠিকা লৈছে নেকি? বিজেপিয়ে স্বয়ং বজৰংবলী তেওঁলোকৰ লগত থকা বুলি কৈছে৷ কিন্তু হনুমানৰ গদাৰ কোব বাৰুকৈয়ে মূৰত পৰি মুচকচ গৈছে বহুজন৷ বজৰংবলীৰ আশ¹বাদ পৰিল কংগ্ৰেছৰ মূৰতহে৷