Logo
image

‘সকলো জিলাৰ উপায়ুক্তক আয়ুক্ত হিচাপে গণ্য কৰা হ’ব’

আমাৰ অসম, ১৮ মে’: তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম তিনিদিনীয়া জিলা উপায়ুক্ত সন্মিলনৰ আজি নিশা সামৰণি পৰে৷ এই সন্মিলনৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক সাল-সলনি ঘটোৱা হ’ব৷ প্ৰতিখন জিলাৰ উপায়ুক্তক  এতিয়াৰে পৰা আয়ুক্ত হিচাপে গণ্য কৰা হ’ব৷ প্ৰতিটো সমষ্টিত হ’ব একোখনকৈ উপ-জিলা৷ উপ-জিলাত থাকিব উপায়ুক্ত৷ মহকুমাধিপতিকসকলক অতিৰিক্ত উপায়ুক্ত হিচাপে গণ্য কৰা হ’ব৷ প্ৰতিটো সমষ্টিতে থাকিব এটা ৰাজহ চক্ৰ৷ এই ব্যৱস্থাই সৰ্বসাধাৰণক উপকৃত কৰিব৷ উল্লেখ্য যে উপায়ুক্ত সন্মিলনত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মুখ্য সচিবকে ধৰি সকলো জিলাৰ উপায়ুক্ত আৰু শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷ মঙলবাৰেও পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ চলিছিল জিলা উপায়ুক্তৰ সমীক্ষা বৈঠক৷ এই বৈঠকত উপায়ুক্তসকলে ‘প্ৰেজেণ্টেশ্বন’ দাঙি ধৰাৰ লগতে এগৰাকী মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত মুখ্য সচিবে সেই প্ৰেজেণ্টশ্বনৰ ওপৰত তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰিছিল৷ আনহাতে আজিৰ সন্মিলনত ১২ খন ধবজাবাহী আঁচনি অসমত কিদৰে ৰূপায়ণ হৈছে সেই সন্দৰ্ভত আলোচনা হয়৷ মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে যে প্ৰতি ছমাহৰ মূৰে মূৰে অনুষ্ঠিত জিলা উপায়ুক্ত সন্মিলনৰ পৰৱৰ্তী সন্মিলনখন উত্তৰ লখিমপুৰত অনুষ্ঠিত হ’ব৷ আনহাতে জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকৰ সন্মিলন৷