Logo
image

উচ্ছেদৰ বাবে ৩০০ মাদ্ৰাছাৰ তালিকা সাজু, ঘোষণা মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ১৮ মে’: ৩০০খন মাদ্ৰাছা বন্ধ কৰাৰ বাবে তালিকা এখন সাজু হৈছে৷ বুধবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ তিনিশখন মাদ্ৰাছা বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ তেওঁৰ স্পষ্ট কথা চৰকাৰী   ধনেৰে ধৰ্মীয় শিক্ষা দিবলৈ দিয়া নহ’ব৷ চৰকাৰী ধনেৰে কোৰানৰ শিক্ষাও নহ’ব, গীতা-বাইবেলৰ শিক্ষাও নহ’ব৷ তিনিশখন মাদ্ৰাছা বন্ধ কৰাৰ বাবে তালিকা সাজু কৰা হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই তিনিচুকীয়াত প্ৰকাশ কৰে৷ পূৰ্বেও বন্ধ কৰা হৈছিল ৭০০খন মাদ্ৰাছা৷ মাদ্ৰাছা বন্ধ কৰিবলৈ ইতিমধ্যে আইন প্ৰণয়ন কৰা হৈছে৷ তিনিচুকীয়াত বিজেপিৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ বন্ধ হ’বলগীয়া তিনিশখন মাদ্ৰাছাৰ তালিকা সাজু বুলি প্ৰকাশ কৰে৷ বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ গায়নবায়নেৰে আদৰি নিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ফিতা কাটি আৰু নাৰিকল ভাঙি দলীয় কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত সমগ্ৰ কাৰ্যালয় পৰিদৰ্শন কৰে৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সকলো জিলা আৰু সকলো মণ্ডলতে বিজেপিৰ এটাকৈ কাৰ্যালয় স্থাপনৰ বাবে চেষ্টা চলাই অহাৰ কথা উল্লেখ কৰি তিনিচুকীয়াৰ কাৰ্যালয়টো ২০ নম্বৰ জিলা সমিতিৰ কাৰ্যালয় বুলি প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে আৰু ৮খন জিলা সমিতিৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে৷ সেইদৰে প্ৰায় ৪০০ মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কামো হাতত লোৱা হৈছে৷ ডিচেম্বৰৰ ভিতৰত ১২৬টা মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কাম সমাপন কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ মাদ্ৰাছাৰ ওপৰত পুনৰ বুলডজাৰ চলাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজি বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মাদ্ৰাছা চৰকাৰে বন্ধ কৰি থকাৰ কথা সকলোৱে জানেই বুলি উল্লেখ কৰিএতিয়া ৩০০খন মাদ্ৰাছা বন্ধৰ লিষ্ট এখন ৰেডি হোৱাৰ কথা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নিজৰ ক্ষোভ উজাৰে দলৰ পুৰণি কৰ্মী তথা তিনিচুকীয়া পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ কমিচনাৰ অশোক আগৰৱালে৷ উল্লেখ্য, কিছুদিন পূৰ্বে বিজেপিৰ দখলত থকা তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ত বিজেপি দলৰে ৱাৰ্ড কমিচনাৰ অশোক আগৰৱালে স্থানীয় ৰাইজৰ সৈতে প্ৰতিবাদত বহিছিল৷ ২২ এপ্ৰিলৰ নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত গছ উভালি পৰাৰ ফলত প্ৰবল ক্ষতিৰ সন্মুখীন হোৱা ১০ নং ৱাৰ্ডৰ অন্তৰ্গত লালবাংলা অঞ্চলৰ বাসিন্দাসকলে ন্যায় নোপোৱাৰ অভিযোগত আগৰৱালে ভুক্তভোগী ৰাইজৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আজি তিনিচুকীয়াৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিতে বিজেপিৰ ৱাৰ্ড কমিচনাৰজনে মুখ্যমন্ত্ৰীৰ সন্মুখত দীৰ্ঘদিনৰ পৰা বিজেপিৰ কৰ্মীৰূপে সেৱা আগবঢ়াই অহাৰ পাছতো দলৰ মজিয়াত তেওঁ উপেক্ষিত হোৱা বুলি ক্ষোভ উজাৰে৷ 

মঞ্চত স্থান নেপালে মন্ত্ৰী ৰঞ্জিত দাসে

বাজপেয়ী ভৱন উদ্বোধনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে আন একাধিক মন্ত্ৰী, বিধায়কে মঞ্চ শুৱনি কৰে যদিও তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত ৰাইজৰ সৈতে দৰ্শকৰ আসনৰ শেষৰফালে বহি থকা দেখা যায়৷ কিয় অভিভাৱক মন্ত্ৰী দাসে মঞ্চত স্থান নেপালে তাকে লৈ সাধাৰণ ৰাইজ বাদেই দলৰ ভিতৰ’চৰাতো ব্যাপক চৰ্চা হোৱা দেখা গৈছে৷