তেজত ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়াওক এইদৰে
দেহত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে বহুতৰ বাবে ই চিন্তাৰ কাৰণ হৈ পৰে৷ কিয়নো কলেষ্টেৰল বঢ়াৰ লগে লগে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ বিশেষকৈ হৃদৰোগৰ আশংকা বাঢ়ে৷ একেদৰে আৰম্ভ হয় ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা৷ পিছে, কলেষ্টেৰল মানেই স্বাস্থ্যৰ বাবে অনিষ্টকাৰক নহয়৷ দেহত কিছুমান ভাল কলেষ্টেৰলো থাকে৷ ইয়াক এইচ ডি এল বা হাইডেনচিটি লিপ’প্ৰ’টিন বুলি কোৱা হয়৷ এইচ ডি এলে বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাৰ লগতে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ সেয়ে এইচ ডি এলৰ মাত্ৰা বৃদ্ধি কৰি ৰখাটো জৰুৰী৷ তেজত এইচ ডি এলৰ মাত্ৰা বৃদ্ধি বা স্বাভাৱিক ৰাখিবলৈ হ’লে কেইটামান অভ্যাস কৰিব লাগিব৷ উল্লেখ কৰা হ’ল এনে কেইটামান অভ্যাস–
[১] দেহত ভাল কলেষ্টেৰল বৃদ্ধি কৰিবলৈ হ’লে প্ৰথমেই ধূমপানৰ অভ্যাস এৰিব লাগিব৷ ধূমপানে তেজত ভাল কলেষ্টেৰলৰ মাত্ৰা কমাই আনে৷ লগতে সুৰাপানৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব৷
[২] ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়াবলৈ হ’লে দেহৰ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ দেহত মেদ জমা হোৱাৰ লগে লগে বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়িবলৈ ধৰে আৰু এইচ ডি এল বা ভাল কলেষ্টেৰল হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ সেয়ে মেদ কমাবলৈ খাদ্যাভাসৰ সাল-সলনি কৰাটো জৰুৰী৷
[৩] নিয়মিত শৰীৰ চৰ্চা কৰিলে এইচ ডি এল বা সুস্বাস্থ্যৰ বাবে উপকাৰী কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়৷ সেয়ে সময় নাথাকিলেও এৰ’বিক ব্যায়াম বা শৰীৰ চৰ্চা কৰাটো উচিত৷ যিসকলৰ বয়স বেছি তেওঁলোকৰ বাবে যিহেতু গধুৰ শৰীৰ চৰ্চা কৰাটো সম্ভৱ নহয়, সেয়ে তেনে লোকে খোজ কঢ়া কৰক৷ বয়সস্থসকলে নিতৌ অন্ততঃ আধা ঘণ্টা সময় খোজ কাঢ়িলে উপকৃত হ’ব৷
[৪] ভাল কলেষ্টেৰল বঢ়াবলৈ হ’লে খাদ্যৰ তালিকাৰ পৰা চেনি বাদ দিব লাগিব৷ অত্যধিক চেনিয়ে দেহত কেল’ৰিৰ মাত্ৰা বঢ়ায়৷ ইয়াৰ লগে লগে বাঢ়িবলৈ ধৰে বেয়া কলেষ্টেৰলৰ মাত্ৰা৷
[৫] হাইডেনচিটি লিপ’প্ৰ’টিন অৰ্থাৎ এইচ ডি এলৰ মাত্ৰা বঢ়াবলৈ হ’লে স্বাস্থ্যকৰ ফেটযুক্ত খাদ্য খাব লাগিব৷ এই ক্ষেত্ৰত আপুনি আমণ্ড বাদাম, আখৰোট, তিচি, ফেটযুক্ত মাছ, সৰিয়হৰ তেল, জলফাই, উৰহী আদি খোৱাটো জৰুৰী৷ তদুপৰি বেগুনীয়া ৰঙৰ পাচলিয়েও ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়৷