Logo
image

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাফিলতি, দুৰ্ঘটনাত অ'এনজিচিৰ বিষয়াৰ মৃত্যু

ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত বৃহস্পতিবাৰে  পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙৰ  তলত গাড়ীসহ সোমাই এজন নিহত হয়। দুৰ্ঘটনাত নিহত যুৱক জনৰ নাম ভাষ্কৰ বৰ্মন বুলি জানিব পৰা গৈছে।  নিহত ভাষ্কৰ বৰ্মনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদানৰ ৰে'লৱে কলনী পথৰ হাউচ নম্বৰ-১১। দুৰ্ঘটনাগ্ৰস্ত টয়টা ইত্ৰিয়চ গাড়ী শখনৰ নম্বৰ AS-06-P-9587। নিহত ভাষ্কৰ বৰ্মন অ' এন জি চিৰ যোৰহাটত কৰ্মৰত আছিল। অ' এন জি চিৰ ভূ-তত্ববিদ হিচাপে কৰ্মৰত আছিল বৰ্মন। নাজিৰা অ' এন জি চি ক'লনিৰ পৰা যোৰহাটৰ কৰ্মস্থলীলৈ আহি আছিল ভাষ্কৰ বৰ্মন।তেনেতে পথৰ দুৰবস্থা তথা পথ নিৰ্মাণৰ কোনো সাংকেতিক চিহ্ন নথকাৰ ফলত এইদৰে অৰ্ধনিৰ্মিত দলঙত সোমাই প্ৰাণ হেৰুৱালে বৰ্মনে। ইতিমধ্য টীয়ক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।