Logo
image

নিৰাপত্তাৰ দাবীত ই-ৰিক্সা চালক ইউনিয়নৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ই-ৰিক্সা চালকক হাৰাশাস্তি বন্ধ কৰা আৰু চালকসকলক কৰ্মস্থলীত নিৰাপত্তা প্ৰদানৰ দাবীত বৃহস্পতিবাৰে খানাপাৰাস্থিত পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ই-ৰিক্সা চালক ইউনিয়নে। প্ৰদূষণমুক্ত ই-ৰিক্সা চালকসকলক নিৰাপত্তা প্ৰদান কৰক, ইতিমধ্যে আৱদ্ধ কৰি ৰখা বাহনসমূহ বিনাচৰ্তে অতি শীঘ্ৰে মুক্ত কৰাৰ দাবী জনায় ইউনিয়নে। এই প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে গুৱাহাটী মহানগৰকে ধৰি অন্যান্য চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ই-ৰিক্সাৰ চলাচলৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা, মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ইউনিয়ৰ সভাপতি বীৰেন শৰ্মাই কয়- দীৰ্ঘদিন ধৰি ই-ৰিক্সা চালকসকলক অত্যাধিক হাৰত জৰিমনা আদায় কৰা আৰু জৰিমনা দিব নোৱাৰিলে গাড়ীবোৰ পৰিবহন বিভাগতে পেলাই ৰখা লক্ষ্য কৰা গৈছে। যথেষ্ট কষ্টেৰে ক্ৰয় কৰা এই গাড়ীবোৰ বেছিদিন থাকিলে নষ্ট হৈ যোৱাৰ সম্ভাৱনাই বেছি। প্ৰদূষণমুক্ত ই-ৰিক্সাবোৰ চালকসকলে বেঙ্কৰ লোন, মাটি নতুবা বিভিন্ন সম্পদ বিক্ৰী কৰি ক্ৰয় কৰিছিল বা এতিয়াও ক্ৰয় কৰি আছে। ই-ৰিক্সাবোৰ সম্পূৰ্ণভাৱে প্ৰদূষণমুক্ত আৰু জ্যেষ্ঠ নাগৰিক, মহিলা তথা ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত জনপ্ৰিয় বাহন হিচাপে পৰিগণিত। এনে এখন ৰিক্সা নষ্ট হৈ গ'লে চালকসকলে বেলেগ এখন ই-ৰিক্সা ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা নাথাকে। আজি প্ৰায় সাত-আঠ বছৰ ধৰি চলি থকা এই ই-ৰিক্সাৰ পৰা আহৰণ কৰা ধনেৰে ৰিক্সাচালকসকলে প্ৰত্যেকেই নিজৰ নিজৰ পৰিয়ালৰ পোহপালৰ লগতে ল'ৰা-ছোৱালীৰ শিক্ষা প্ৰদান কৰা পৰিলক্ষিত হৈ আহিছে। বহুতে চাকৰিৰ আশা বাদ দি  ই-ৰিক্সাখনকে জীৱনৰ একমাত্ৰ কৰ্মসংস্থান হিচাপে লৈ পৰিয়াল চলাই আহিছে। বহু চালকৰ ই-ৰিক্সাখন ক্ৰয়ৰ লগত এটা স্পৰ্শকাতৰ ইতিহাস আছে। গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনত হাজাৰ হাজাৰ ই-ৰিক্সা বিক্ৰী হৈ আছে। এই ই-ৰিক্সাৰ বেচা-কিনাৰ ক্ষেত্ৰত একেবাৰে আৰম্ভণিৰে পৰা চালকসকল নিৰ্যাতিত হৈ আহিছে। সংশ্লিষ্ট বিভাগে ই-ৰিক্সাসমূহ বিক্ৰী অথবা ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই। মাথোন বহু কষ্টেৰে ক্ৰয় কৰা এই বাহনখন চলাবৰ সময়তহে বিভাগৰ নানা ধৰণৰ নিয়ম-কানুনৰ দ্বাৰা বাধা আৰোপ কৰি আহিছে। চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই সঠিকভাৱে বাহনখন চলাচলৰ নিয়ম-নীতিৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰদৰ্শন কৰি ৰাইজক অৱগত কৰিব পৰা নাই। কম দূৰত্বৰ যাত্ৰী চলাচল কৰাৰ ক্ষেত্ৰত অন্য বাহনৰ সুবিধা নথকাত ই-ৰিক্সাই ৰাইজক অনা-নিয়া কৰি এটা গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে।' এনে ক্ষেত্ৰত ই-ৰিক্সা চালকসকলক বিভিন্ন সুবিধা প্ৰদানৰ বিপৰীতে আৰম্ভণিৰে পৰা কেৱল নিৰ্যাতনহে কৰি আহিছে বুলি সদৌ অসম ই-ৰিক্সা চালকৰ নেতৃবৃন্দই উদ্বেগ প্ৰকাশ কৰে। ইউনিয়নে প্ৰদূষণমুক্ত বাহন এখনক চলাচলত বাধা আৰোপ নকৰি অঞ্চল বিশেষে সংখ্যাৰ ক্ষেত্ৰত সীমাৱদ্ধতা ধৰি নিৰ্দিষ্ট নিয়মেৰে ই-ৰিক্সাখন চলিবলৈ দিয়াৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনায়।  সদৌ অসম ই-ৰিক্সা চালক ইউনিয়ৰ নেতৃত্বত বৃহস্পতিবাৰে খানাপাৰাস্থিত পৰিবহন বিভাগৰ কাৰ্যালয়ৰ জৰিয়তে অসমৰ  মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। জিলাখনৰ সহকাৰী পৰিবহন আয়ুক্ত তথা জিলা বিষয়া গৌতম দাস, এনফোৰ্চমেন ডিটিঅ'  হিমাশু দাস, আৰ টি এ ৰকিবুল ইছলামসহ কেবাগৰাকী উচ্চস্তৰৰ আৰক্ষী বিষয়াৰ সন্মুখত এই স্মাৰক পত্ৰ প্ৰদান কৰা হয়।  স্মাৰক পত্ৰ প্ৰদানৰ আগত উপস্থিত প্ৰায় এহাজাৰ চালকক সম্বোধন কৰি ইউনিয়নৰ সভাপতি বীৰেন শৰ্মা, উপ-সভাপতি নৰেন পাঠক, সহকাৰী সম্পাদক লক্ষীনাথ চেতিয়াৰ লগতে কেইবাজনো বিষয়ববীয়াই ই-ৰিক্সা চালকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে বক্তব্য আগবঢ়ায়।