খাকী পোছাকত দাগ
‘জনহিত জনসেৱাৰ্থে’ বাণীৰে কাম কৰা অসম আৰক্ষীয়ে প্ৰকৃততেই জনসেৱাৰ্থে কাম কৰেনে? বাহ্যিকভাৱে চাবলৈ গ’লে আৰক্ষী বিভাগেই একমাত্ৰ বিভাগ, যিটো বিভাগক জনসাধাৰণে একেবাৰে কাষতে পায়৷ অৰ্থাৎ ব্ৰিটিছৰ আমোলত গঠন হোৱা অসম আৰক্ষীক ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গাঁৱে-ভূঞে দায়িত্ব দি অঞ্চল ভিত্তিত একোখনকৈ থানা পাতি দিয়ে আৰু এতিয়া গৰু চোৰৰ পৰা গহনা চোৰলৈ, সম্পত্তিৰ বিবাদৰ পৰা হত্যালৈকে সকলো বিবাদৰ ক্ষেত্ৰত কাষতে আৰক্ষীক পোৱা যায়৷ কিন্তু প্ৰকৃতাৰ্থতেই এইবোৰ কাম আৰক্ষীয়ে আন্তৰিকতাৰে কৰেণে? এক কথাত নকৰে৷ অসম আৰক্ষীয়ে গোচৰীয়া আৰু পদকীয়া দুয়োপক্ষৰ পৰা শকত অংকৰ ধনৰ টোপোলা নাপালে কাম নকৰে৷ আৰু যাৰেই ধনৰ টোপোলাটো বেছি শকত হ’ব, সেই পক্ষতে কাম কৰাৰ অভিযোগ আজিৰ নহয়৷ আনহে নালাগে, বহু আৰক্ষী বিষয়াই ধন নাপালে গোচৰেই ৰুজু নকৰে৷ আন আন বহু অভিযোগত অভিযুক্ত আৰক্ষী বাহিনী৷
কিন্তু ইমানৰ পাছতো আৰক্ষী বাহিনীৰ বিশ্বাসযোগ্যতা শেষ হৈ যোৱা নাই৷ অপৰাধ সংঘটিত হোৱাৰ লগে লগে আৰক্ষীৰ কাষলৈকে মানুহ যায়৷ এই আৰক্ষী বাহিনীটো পৰিচালনা কৰে দেশৰ গৃহ বিভাগে৷ গৃহবিভাগটো নিয়ন্ত্ৰণ কৰে এখন চৰকাৰে আৰু চৰকাৰৰ হৈ এজন মন্ত্ৰীয়ে৷ সাধাৰণতে যিজন মুখ্যমন্ত্ৰী হয়, তেওঁৰ হাততে গৃহ বিভাগটো থাকে৷ তেতিয়া সকলো ক্ষমতাৰ কেন্দ্ৰ যিহেতু আৰক্ষী প্ৰশাসন, সেয়ে নতুন মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে গৃহ বিভাগটোক নিজৰ ধৰণেৰে সজাই লোৱা দেখা যায় ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই আৰক্ষী প্ৰশাসনৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ জনগণৰ স্বাৰ্থত কাম কৰিবলৈ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল আৰু ৰাজ্যখন অপৰাধ মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ লোৱা সংকল্পৰ কথা দোহাৰিছিল৷ সেই দিনটোৰ পৰাই আৰক্ষী অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱা অসমৰ ৰাইজে দেখিছিল৷ প্ৰধানতঃ ড্ৰাগছবিৰোধী অভিযানে বিশেষ মাত্ৰা লাভ কৰিছিল আৰু শ শ ড্ৰাগ ব্যৱসায়ী আৰক্ষীৰ জালত বন্দী হৈছিল৷ এনে লাগিছিল যে পূৰ্বৰ চৰকাৰসমূহেও এইবোৰ অপৰাধীৰ কথা জানিছিল৷ কিন্তু কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ বহু অপৰাধীক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছিল ৷ বহু এনকাউণ্টাৰ যে ভুৱা আছিল সেই কথা সহজেই ধৰিব পৰাও হৈছিল৷ তাৰ সমানে সমানে চুপাৰি চিণ্ডিকেট, মাটিৰ দালাল আদিৰ বিৰুদ্ধেও আৰক্ষী সমান শক্তিৰে নামি পৰিছিল৷ ৰাজ্যখনত গঁড় হত্যা বন্ধ হোৱা বুলি সকলো পতিয়ন গৈছিল৷ কিন্তু জোনমণি ৰাভাৰ মৃত্যুৱে ৰাজ্যখনৰ অপৰাধ জগতখনৰ আন কিছুমান ভয়ংকৰ দিশ উন্মোচিত কৰি দিয়া দেখা গ’ল৷ ৰাজ্যখনত কেৱল অবৈধ ড্ৰাগ, চুপাৰি বা মাটিৰ দলালে বা গঁড়ৰ খৰ্গৰ বেপাৰেই নহয়, অবৈধ নকল সোনৰ এখন বৃহৎ বজাৰে কাম কৰি আছে৷ ইয়াৰ লগত জড়িত হৈ আছে নকল টকাৰো এখন বৃহৎ বজাৰ৷ আৰু এই নকল বজাৰখনৰ লগত জড়িত হৈ আছে আৰক্ষী বিভাগটোৰে একাংশ বিয়াগোম বিষয়া৷ আনহাতে দেখা গ’ল আৰক্ষী বিষয়াসকলৰ মাজতে আছে ক্ষমতাক লৈ সাংঘাতিক অৰিয়াঅৰি৷ আৰক্ষী বিভাগটোৰ ভিতৰতে চলি থাকে এখন বৃহৎ কমিছনৰ বজাৰ৷ ইজন আৰক্ষীয়ে সিজন আৰক্ষীক দিব লাগে অপৰাধ জগতৰ পৰা সংগৃহীত ধনৰ ভাগ৷ আৰক্ষী বিভাগত সততাৰে কাম কৰিব বিচাৰিলে সেইসকলক কৰা হয় এঘৰীয়া৷ আৰু উচ্ছ বিষয়াৰ অনৈতিক নিৰ্দেশ অমান্য কৰি হত্যা পৰ্যন্ত কৰা হয়৷ সেই কথাই প্ৰতীয়মান কৰিলে জোনমণি ৰাভাৰ মৃত্যুৱে৷ প্ৰাথমিক পৰ্যায়ত জোনমণি ৰাভাৰ মৃত্যুক সাধাৰণ দুৰ্ঘটনা বুলি ভবাৰ বহু থল আছিল যদিও পিছৰ ঘটনা প্ৰৱাহে ৰাভা যে হত্যাৰ বলি হৈছে সেই কথা ওলাই পৰিছে৷ ৰৈ থকা গাড়ীখনত আহি ট্ৰাকখনে খুন্দা মৰা আৰু গাড়ীখনৰ পৰা এজন ব্যক্তি ওলাই যোৱা, হাছিনা নামৰ তথ্য যোগান ধৰাগৰাকীয়ে দিয়া ভাষ্য, জোনমণি ৰাভাই মাতৃৰ আগত ব্যক্ত কৰা নিজৰ মানসিক অৱস্থা আদিয়ে অসম আৰক্ষীত যে সততা-ন্যায়নিষ্ঠতা, সমাজৰ প্ৰতি দায়বদ্ধতা আদি বিষয়বোৰৰ কোনো মূল্য নাই আৰু কেৱল অনৈতিকতাৰে ভৰা এক বতাবৰণ চলি আছে তাকে প্ৰমাণ কৰে৷ সেয়ে সহজ অৰ্থত সমাজত যিদৰে প্ৰদূষণ সৃষ্টি হয়, সেইদৰে অসমৰ আৰক্ষী বাহিনীতো প্ৰদূষণে ভৰি পৰিছে৷ সেয়ে এই প্ৰদূষণ আঁতৰ নকৰালৈকে অসম আৰক্ষীৰ পৰা ভাল কাম আশা কৰাটো হ’ব পৰ্বতত কাছ কণী বিচৰাৰ সমতুল্য৷