Logo
image

জোনমণি-মৃত্যুৰ জঁট খোলা নাই

আমাৰ অসম, ১৯ মে’: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত যিমানেই আগবাঢ়িছে সিমানেই যেন ছবিখন অস্পষ্ট হৈ পৰিছে৷ এক কথাত জোনমণিৰ মৃত্যুৰ জঁট খুলিবলৈ এতিয়াও যেন বহুদূৰ বাকী৷ কিয়নো এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই এটাৰ পাছত এটা নতুন নতুন অধ্যায় পোহৰলৈ আহিব ধৰিছে৷ নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ  মঙলবাৰে পুৱতি নিশা ১.৪৫ বজাত জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা আৰু মৃত্যুৰ পিছ মুহূৰ্ততে জোনমণিৰ চৰকাৰী আৱাসত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে নেতৃত্বত আৰক্ষীয়ে তালাচী চলোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ ইয়াৰ পাছতেই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত অপহৰণ আৰু ধন লুটৰ অভিযোগ তুলি আমিনা খাতুন নামৰ এগৰাকী মহিলাই গোচৰ ৰুজু কৰা বিস্ফোৰক তথ্য চৰ্চালৈ অহাৰ সমান্তৰালভাৱে লখিমপুৰ হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণিয়ে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ লগতে নকল সোণ আৰু জাল নোট চক্ৰৰ পৰা প্ৰাণৰ ভাবুকি লাভ কৰাৰ ভয়ংকৰ অভিযোগ কৰে৷ আনকি নকল সোণ আৰু জালনোটৰ গেংটোৰ লগত এএপি ৰুণা নেওগ জড়িত থকাৰো তথ্য-প্ৰমাণ ৰাজহুৱা কৰে হাছিনা বেগমে৷ ইয়াৰ মাজতে জোনমণিয়ে কোনো বিশেষ ‘দাদা’ৰ নিৰ্দেশত চোৰৰ ওকালতি কৰা এজন অধিবক্তাৰ পৰা ১৫ হাজাৰ টকা লাভ কৰাৰ আন এক চাঞ্চল্যকৰ অভিযোগ কৰিছিল জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃয়ে৷ জোনমণিৰ মৃত্যুক কেন্দ্ৰ কৰি এনে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সময়তে জোনমণিৰ দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা বোকাখাতৰ এজন যুৱকৰ ভাষ্যই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তোলে৷ প্ৰণৱ দাস নামৰ যুৱকজনৰ দাবী– দুৰ্ঘটনাটোৰ পূৰ্বে ৰাজপথৰ ওপৰত পাৰ্কিং লাইট জ্বলাই ৰখাই থোৱা আছিল জোনমণিৰ বাহনখন৷ কিন্তু ৰখাই থোৱা বাহনখনত বিপৰীত দিশৰ পৰা অহা কণ্টেইনাৰ ট্ৰাকখনেহে খুন্দা মাৰিছিল৷ যুৱকজনে প্ৰকাশ কৰা আন এটা চাঞ্চল্যকৰ বক্তব্য হৈছে– দুৰ্ঘটনাৰ পাছতেই জোনমণিৰ বাহখনৰ পৰা ওলাই গৈছিল ক’লা পেণ্ট, ক’লা চাৰ্ট পিন্ধা এজন লোক৷ একে সময়তে দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ চালকেও পলায়ন কৰা বুলি পেছাত মেজিক বাহনৰ চালকজনে প্ৰত্যক্ষ কৰাৰ কথা প্ৰকাশ কৰিছে৷ অৱশ্যে যুৱকজনে ১৫-২০ মিটাৰ দূৰত্বৰ পৰা দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰিছিল বুলি দাবী কৰিছে যদিও দুৰ্ঘটনাস্থলীত প্ৰায় ১৫ মিনিটৰ পাছত আৰক্ষী উপস্থিত হোৱাৰ পাছতহে ওচৰ চাপি যোৱা বুলি প্ৰকাশ কৰিছে৷ কিন্তু আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত ৰ’বলৈ নিদিয়াত তেওঁ উক্ত স্থানৰ পৰা গুচি গৈছিল বুলিও দাবী কৰিছে৷ বুধবাৰে নিশা যুৱকজনে ঘটনাটোৰ সন্দৰ্ভত এই ভাষ্য আগবঢ়াইছিল যদিও বৃহস্পতিবাৰে ভাষ্য কিছু সলনি কৰা দেখা গ’ল৷ বুধবাৰে প্ৰণৱ দাসে দুৰ্ঘটনাস্থলীৰ সমীপত এখন সৰু দোকান খোলা থকা বাবে তেওঁৰ বাহনখন ৰখাইছিল বুলি প্ৰকাশ কৰিছিল যদিও বৃহস্পতিবাৰে দুৰ্ঘটনাৰ সময়ত সেই স্থানত আন কোনো মানুহ নাছিল বুলিহে বিপৰীত মন্তব্য কৰে৷ একেদৰে আগদিনা জোনমণি ৰাভাৰ বাহখনত ট্ৰাকখনে খুন্দা মৰাৰ পাছত এজন যুৱক জোনমণিৰ বাহনখনৰ পৰা নামি যোৱা বুলি দাবী কৰিছিল যদিও এইবাৰ ট্ৰাকখনে খুন্দা মৰাৰ আগতেই অৰ্থাৎ দুৰ্ঘটনাটোৰ পূৰ্বেই বাহনখনৰ পৰা যুৱকজন নামি যোৱা বুলিও স্ববিৰোধী মন্তব্য কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰণৱ দাসৰ ভাষ্যক লৈ সন্দেহৰ সৃষ্টি হৈছে৷  ইফালে, বৃহস্পতিবাৰে বোকাখাতৰ পৰা গুৱাহাটীলৈ অহা প্ৰণৱ দাসক এটা সংবাদ প্ৰতিষ্ঠানত সাক্ষাৎকাৰ দি থকা অৱস্থাতে চিআইডিয়ে আটক কৰি লৈ যায়৷ ইয়াৰ পাছতেই প্ৰণৱ দাসক চিআইডিয়ে নগাঁৱলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে৷ চি আই ডিৰ জেৰাতে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ ভাষ্যৰ সত্যতা কিমান সেয়া স্পষ্ট হ’ব৷ অতি তাৎপৰ্যপূৰ্ণভাৱে জোনমণি ৰাভাৰ মৃত্যুক লৈ এই অভিযোগ-প্ৰতি অভিযোগ চলি থকাৰ মাজতে নগাঁও সদৰ থানাৰ এজন কনিষ্টবলৰ কথোপকথনৰ অডিঅ’ ভাইৰেল হৈ পৰাত ঘটনাই নতুন মোৰ লৈছে৷ ভাইৰেল অডিঅ’টোত কনিষ্টবলজনে জোনমণি ৰাভাক কোনোৱে ৰ’ডেৰে প্ৰহাৰ কৰি হত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰাই নহয়, জোনমণিক ধৰ্ষণ কৰাৰো সন্দেহ কৰিছে৷ আৰক্ষীয়ে অডিঅ’টোত কোৱা জোৱান অনিল ভূঞা বুলি চিনাক্ত কৰিছে৷ ইফালে, অনিল ভূঞাই সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাৰ মৃত্যুত দুখতহে তেনেদৰে কোৱা বুলি প্ৰকাশ কৰিছে৷ ইতিমধ্যে এছ পি ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা চি আই ডিৰ তদন্তকাৰী দলে বুধবাৰে কলিয়াবৰৰ সৰুভগীয়াৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে ঘটনাৰ সময়ত দায়িত্বত থকা আৰক্ষীৰো ভাষ্য গ্ৰহণ কৰে৷ ইয়াৰ পাছতে নগাঁৱলৈ উভতি অহা তদন্তকাৰী দলটো সদৰ থানাত উপস্থিত হৈ জোনমণি ৰাভাৰ তদন্ত কৰা গোচৰটোৰ সবিশেষ পৰীক্ষা কৰে৷ আনহাতে বৃহস্পতিবাৰে চি আই ডিৰ দলটোৱে জোনমণিৰ মৃত্যু কাণ্ডত পৰিয়ালৰ লোকে সঘনাই নাম উচ্ছাৰণ কৰা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, সদৰ থানাৰ অ’ চি মনোজ ৰাজবংশীকো সোধাপোছা কৰে৷ তদুপৰি বৰ্তমান মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ মনোজ বৰুৱাৰ লগতে জোনমণি ৰাভাৰ ঘৰত অভিযান চলোৱা এ এছ পি ত্ৰিদীপ কুম্বাং আৰু  ৬ মে’ত জোনমণিক লখিমপুৰত অভিযানৰ বাবে পঠোৱা এ এছ পি ৰূপজ্যোতি কলিতাকো সোধাপোছা কৰে চিআইডিয়ে৷ আনকি নিশালৈ এছপি কাৰ্যালয়তে লীনা দলেক প্ৰায় দুঘণ্টা ধৰি জেৰা কৰে চিআইডিৰ এছ পি ধ্ৰুৱ বৰাই৷ অৱশ্যে জোনমণিৰ মৃত্যুৰ ঘটনাৰ সংক্ৰান্তত নগাঁও আৰক্ষীৰ বিৰুদ্ধে চিআইডিৰ এছপি ধ্ৰুৱ বৰাই তদন্ত কৰাক লৈ আৰক্ষীৰ ভিতৰচ’ৰাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো ধ্ৰুৱ বৰাই ইয়াৰ পূৰ্বে আনন্দ মিশ্ৰৰ কাৰ্যকালত নগাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব পালন কৰিছিল৷ তদুপৰি বৰ্তমানৰ এছ পি লীনা দলেৰ অধীনতো কাম কৰিছিল ধ্ৰুৱ বৰাই৷ এনে প্ৰেক্ষাপটত জোনমণিৰ মাতৃয়ে কন্যাক এছ পি লীনা দলে, এ এছ পি ত্ৰিদিপ কুম্বাং তথা নগাঁও আৰক্ষী দলে হত্যা কৰা বুলি অভিযোগ কৰাত লীনা দলেৰ অধীনত এসময়ত কাম কৰা আৰক্ষী বিষয়াজনে এতিয়া নগাঁও আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰাক লৈ আৰক্ষীৰ ভিতৰ চ’ৰাতে চৰ্চা লাভ কৰিছে৷ আনহাতে, জোনমণিৰ মাতৃয়েও এছপি লীনা দলেক চিআইডিৰ বিষয়া ধ্ৰুৱ বৰাই ‘মেডাম’ বুলি সম্বোধন কৰি জেৰা কৰিব নেকি বুলিও প্ৰশ্ন কৰিছে৷ অৱশ্যে চি আই ডিয়ে নগাঁৱৰ সমান্তৰালভাৱে লখিমপুৰতো  তদন্ত অব্যাহত ৰাখিছে৷ বৃহস্পতিবাৰে চি আই ডিৰ দলে জোনমণি ৰাভাৰ বিৰুদ্ধে এজাহাৰ দিয়া আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ আমিনা খাতুনৰ লগতে পৰিয়ালৰ আন সদস্যসকলো সোধা পোছা কৰে৷ তদুপৰি চি আই ডিয়ে নাওবৈচা থানাৰ আই চি সঞ্জীৱ বৰাকো দীৰ্ঘ সময় জেৰা কৰা বুলি জানিব পৰা গৈছে৷ ইফালে চি আই ডিৰ অভিযানৰ আগতীয়া খবৰ পাই আমিনা খাতুনৰ পুত্ৰ আজগৰ আলীয়ে আত্মগোপন কৰিছিল যদিও পাছত আজগৰ আলীয়ে আত্মপ্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত ৬ মে’ৰ ঘটনাটোৰ বিৱৰণ দাঙি ধৰি কয়–‘সেইদিনা নিশা আমাৰ ঘৰৰ দুৱাৰৰ টুকুৰিওৱাত মই দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক জোনমণি ৰাভাই মোৰ হাতত হেণ্ডকাফ লগাইছিল৷ মই বাৰে বাৰে মোৰ অপৰাধ কি বুলি সোধাৰ পাছতো কোনো উত্তৰ দিয়া নাছিল আৰক্ষীয়ে৷ লগে লগে তেওঁলোকে মোৰ ঘৰত তালাচী চলাই ৮০,০০০ টকা লৈ যোৱাৰ লগতে মোৰ ভাতৃৰ ব্ৰীজা গাড়ীখনো লৈ যায়৷ মোক গাড়ীত উঠাই আৰক্ষী বিষয়াগৰাকীয়ে নগাঁৱলৈ যাব লাগিব বুলি কৈছিলে৷ মই বাবে বাৰে মোৰ অপৰাধ কি বুলি সোধাৰ পাছতো কোনো উত্তৰ দিয়া নাছিল জোনমণি মে’মে৷ পিছদিনা পুৱা পোহৰ হওঁতেই তেওঁলোকে বঙালমাৰাৰ কেইঘৰমান লোকৰ ঘৰত তালাচী চলাইছিল৷ অভিযান শেষ কৰি চাহ খাবলৈ দুবাৰকৈ গাড়ী ৰখোৱা হৈছিল৷ মোকো চাহ খাবলৈ দিওঁতে মই নাখাওঁ বুলি কোৱাৰ বাবে মোক অশ্লীল শব্দ কৈ গালি পাৰি মোৰ চাহৰ কাপটো দলিয়াই দিছিল জোনমণি ৰাভাৰ লগত অহা ৰিয়াজুল নামৰ এজন ল’ৰাই৷ জোনমণি ৰাভাৰ লগত যোৱা দলটোৰ লগত অহা ৰাজা নামৰ লোকজনৰ ঘৰত মোৰ ঘৰৰ পৰা অনা গাড়ীখন থৈ দিয়া হৈছিল৷ ৬ লাখ টকা দিলেহে এই গাড়ীখন উলিয়াই দিয়া হ’ব আমাৰ ঘৰৰ লোকক কৈ থৈ গৈছিল আৰক্ষীৰ লগত অহা লোককেইজনে৷ সেইমতে আমাৰ ঘৰৰ লোকে তেওঁলোকক আধা ধন অনলাইনযোগে আৰু আধা নগদ ধন প্ৰদান কৰিছিল৷’ অভিযোগ অনুসৰি– এই টকা আদায় দিয়াৰ পাছতহে গাড়ীসহ আজগৰক এৰি দিয়ে জোনমণি ৰাভাসহ দলটোৱে৷ ইয়াৰ ভিতৰত ৮০ হাজাৰ টকা ৰিয়াজুল ইছলামৰ ইউপিআই একাউণ্ট যোগেও আদায় লৈছিল বুলি দাবী কৰিছে আজগৰে৷ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই এতিয়া সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাত ব্যাপক চৰ্চা লাভ কৰিছে৷ লক্ষণীয়ভাৱে জোনমণি ৰাভাৰ এছ প্ৰেছো বাহনখনৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা কণ্টেইনাৰ ট্ৰাকখনৰ চালক উত্তৰ প্ৰদেশৰ কানপুৰৰ সুমিত কুমাৰে আত্মগোপন কৰিছিল যদিও বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ অৱশ্যে আৰক্ষীৰ ওপৰত আত্মসমৰ্পণ কৰিবলৈ অহা চালক সুমিত কুমাৰ বৃহস্পতিবাৰে বহু সময় নিৰুদ্দেশ হৈ পৰিছিল বুলিও জানিব পৰা গৈছে৷ অৱশ্যে চালক সুমিত কুমাৰে ভাতৃ নীৰজ কুমাৰৰ আগত দুৰ্ঘটনাৰ সময়ত জোনমণিৰ বাহন খন ৰখাই থোৱা নাছিল বুলি প্ৰকাশ কৰাৰ কথা নীৰজ কুমাৰে জানিবলৈ দিছে৷ তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে ৰহস্যজনক  দুৰ্ঘটনাটোত মৃত্যু হোৱা জোনমণি ৰাভাৰ ঘৰত উপস্থিত হয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য শান্তনু ভৰালী৷ সদস্যজনে জোনমণিৰ দুৰ্ভগীয়া মাতৃৰ সৈতে বাৰ্তালাপ কৰি শোকৰ সমভাগী হোৱাৰ লগতে মাতৃৰ কথা-বতৰা ৰেকৰ্ড কৰি আনে৷ অৱশ্যে সদস্য ভৰালীয়ে মানৱ অধিকাৰ আয়োগে জোনমণিৰ মৃত্যুৰ নিজাববীয়া কোনো গোচৰ ৰুজু কৰা নাই বুলি জানিবলৈ দিয়াৰ লগতে আয়োগৰ আৰক্ষী অধীক্ষকে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰিব বুলিও জোনমণিৰ মাতৃক আশ্বাস দিয়ে৷ অৱশ্যে পূৰ্বে মানৱ অধিকাৰ আয়োগৰ সদস্যই গোচৰ অবিহনে ভুক্তভোগীৰ ঘৰত উপস্থিত হোৱাৰ নজিৰ নাই যদিও সদস্য শান্তনু ভৰালীয়ে এই আকস্মিক তৎপৰতাক লৈ আয়োগৰ ভিতৰতো চৰ্চা হোৱা দেখা গৈছে৷ ইফালে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত জোনমণি ৰাভাৰ মগজুৰ ৰক্তক্ষৰণ আৰু হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল৷ মূৰ আৰু তলপেটৰ আভ্যন্তৰতো আঘাত আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ তদুপৰি আঁঠু, ভৰি, কিলাকুটি আৰু হাততো আঘাতৰ চিহ্ন থকাৰ তথ্য মৰণোত্তৰ প্ৰতিবেদনত উল্লেখ কৰিছে চিকিৎসকে৷ ইফালে, জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক সুমিত কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইফালে জোনমণি ৰাভাৰ মাতৃ তথা পৰিয়ালৰ লোকে  সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে জোনমণিক হত্যা কৰা বুলি অভিযোগ কৰি এই ঘটনাৰ বাবে আৰক্ষীকে জগৰীয়া কৰে৷ আনকি জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আই বা ন্যায়িক আয়োগলৈ হস্তান্তৰ কৰাৰ বাবেও দাবী জনায়৷ আনহাতে কাইলৈ জোনমণিৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দি জোনমণিৰ পৰিয়ালৰ লোকে আৰক্ষীৰ তদন্তত সন্তুষ্ট নহ’লে আদালতত দ্বাৰস্থ হ’ব বুলি প্ৰকাশ কৰিছে৷ জোনমণি ৰাভাৰ মাতৃ তথা পৰিয়ালৰ বাৰম্বাৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজনত তদন্তৰ দায়িত্ব চি বি আইক দিয়া হ’ব বুলিও ঘোষণা কৰিছে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়– জোনমণি ৰাভাৰ পৰিয়াল আশ্বস্ত হ’ব পৰাকৈ প্ৰয়োজনত গোচৰটো চি আই ডিৰ পৰা চি বি আইলৈ দিয়া হ’ব৷ লখিমপুৰ আৰু ৰাজ্যৰ ৩-৪ স্থানত নকল সোণ আৰু জালনোটৰ বেহা চলি আছে৷ তাক নিৰ্মূল কৰিবলৈ চৰকাৰে ব্যৱস্থা লৈ আহিছো৷ আৰক্ষীক মই এইক্ষেত্ৰত অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছো৷ এনে সকলো কাৰবাৰ উৎখাট কৰা হ’ব৷ ইফালে বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্তত চি আই ডিক ফ্ৰী দিয়া বুলি মন্তব্য কৰে৷