Logo
image

ছিদ্দাৰামায়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী একমাত্ৰ উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰ

আমাৰ অসম, ১৯ মে’:  কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছিদ্দাৰামায়াই হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ অহা ২০ মে’ শনিবাৰে তেওঁ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে এআইচিচিৰ সম্পাদক কে চি বেণুগোপালে কংগ্ৰেছ হাইকমাণ্ডৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে৷ আনহাতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰূপে থাকিব কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ৷ উপ-মুখ্যমন্ত্ৰীৰ উপৰিও তেওঁ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও চম্ভালিব৷ উল্লেখ্য যে কৰ্ণাটকৰ ২২৪খন আসনযুক্ত বিধানসভাত ১৩৫খন  আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত  নতুন চৰকাৰখনৰ মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ মুখ্যমন্ত্ৰীৰ অন্যতম দাবীদাৰ আছিল ডি কে  শিৱকুমাৰ৷ যাৰ বাবে বিগত ৫ দিন ধৰি চৰকাৰ গঠনক লৈ দলৰ ভিতৰত সৃষ্টি হৈছিল জটিলতাৰ৷ এনে পৰিপ্ৰেক্ষিতত ছিদ্দাৰামায়াক মুখ্যমন্ত্ৰী আৰু আন তিনিজনক উপ-মুখ্যমন্ত্ৰীৰূপে লৈ নতুন মন্ত্ৰীসভা গঠনৰ চিন্তা-চৰ্চা চলে৷ কিন্তু মুখ্যমন্ত্ৰীৰ পদবীক লৈ নাচোৰবান্দা হৈ থাকে ডি কে শিৱকুমাৰ৷  মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে মন্ত্ৰীসভাত নাথাকে বুলি দৃঢ় স্থিতি গ্ৰহণ কৰা শিৱকুমাৰে আনকি দিল্লীত ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ দলৰ একাধিক শীৰ্ষ নেতাক সাক্ষাতো কৰে৷ যাৰ পৰিণতিত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু অৱশেষত আনকি ছোনিয়া গান্ধীয়ে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হয়৷ জানিব পৰা মতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ অনুৰোধমৰ্মেই শেষ মুহূৰ্তত ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰীৰ পদবী গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে৷ ফলত নতুন মন্ত্ৰীসভা গঠনক লৈ অৱশেষত কংগ্ৰেছ দলত চলা জটিলতা আঁতৰ হয়৷ ইপিনে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰীৰ পদবী গ্ৰহণত সন্মতি প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেও দলৰ প্ৰতি তেওঁৰ কোনো ক্ষোভ নাই বুলি উল্লেখ কৰে৷ লগতে তেওঁ কয় যে দলৰ শীৰ্ষনেতাই গ্ৰহণ কৰা সিদ্ধান্ত একপ্ৰকাৰ আদালতৰ ৰায়ৰ দৰে৷ গতিকে সেই ৰায় অমান্য কৰাৰ অধিকাৰ কোনো কংগ্ৰেছ নেতা বা কৰ্মীৰ নাই৷ তদুপৰি তেওঁ কংগ্ৰেছত ব্যক্তিগত স্বাৰ্থতকৈ দলীয় স্বাৰ্থ আগত বুলি উল্লেখ কৰে৷ ইপিনে শনিবাৰে বেংগালুৰুত  হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত এইবাৰ কংগ্ৰেছ দলে বিৰোধী নেতাসকলকো উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাব বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, সভাপতি মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিবলগীয়া শপতগ্ৰহণ অনুষ্ঠানত এন চি পিৰ শাৰদ পাৱাৰ, শিৱসেনা [বালা চাহেব] উদ্ধৱ থাকৰে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ হেমন্ত চোৰেন, নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা, তৃণমূল  কংগ্ৰেছৰ মমতা বেনাৰ্জী আৰু আনকি মায়াৱতী তথা  অখিলেশ যাদৱক নিমন্ত্ৰণ জনোৱা হ’ব বুলি জানিব পৰা গৈছে৷ অহা বছৰ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটৰ সমীকৰণক লৈয়ে কংগ্ৰেছে বিৰোধী মঞ্চক একত্ৰিত কৰাৰ বাবেই এনে কৌশল ৰচনা কৰা বুলি ধাৰণা কৰা হৈছে৷