Logo
image

ব্যক্তিগত প্ৰতিষ্ঠান লণ্ডভণ্ড কৰি পুনৰ গ্ৰেপ্তাৰ ভিক্টৰ

আমাৰ অসম, ১৯ মে’: বিতৰ্কই লগ নেৰা শিক্ষক ভিক্টৰ দাস পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে৷ গুৱাহাটীৰ লাচিত নগৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান লণ্ড ভণ্ড কৰাৰ লগতে দুজন লোকক প্ৰহাৰ কৰাৰ অভিযোগত পুনৰ  মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি পল্টন বজাৰ থানাৰ লকাপত আৰক্ষীয়ে ভিক্টৰ দাসক মাৰাথন জেৰা চলাই আছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ পল্টন বজাৰ থানাৰ অন্তৰ্গত লাচিতনগৰৰ স্কৰ্ট এন ই নামৰ শিক্ষানুষ্ঠানত আজি ভিক্টৰ দাসে সাধাৰণ কথাত তিনিজন লোকৰ লগত বাক বিতণ্ডাত লিপ্ত হয়৷ বাক বিতণ্ডাৰ মাজতে আকস্মিকভাৱে অগ্নি শৰ্মা হৈ পৰা ভিক্টৰ দাসে দুজন লোকক প্ৰহাৰ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি ভিক্টৰ দাসে প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ আৰু আচবাব ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে৷ শিক্ষক ভিক্টৰ দাসৰ উদ্ভাণ্ডলীত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী হতভম্ব হৈ পৰে৷ ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ কতৃৰ্পক্ষই পল্টন বজাৰ থানাত খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষক ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে৷ উল্লেখ্য যে শিক্ষক ভিক্টৰ দাসে আক্ৰমণ কৰা আৰু আচবাব লণ্ডভণ্ড কৰা সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত ৰেকৰ্ডিং হৈ আছে৷ উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত দুৰ্নীতি অনিয়মৰ অভিযোগ কৰি আৰক্ষীৰ হাততে ওলোটাই গ্ৰেপ্তাৰ হৈছিল অভিযোগকাৰী ভিক্টৰ দাস৷ গুৱাহাটী আৰক্ষীয়ে ভিক্টৰ দাসৰ অভিযোগৰ কোনো সত্যতা নাই বুলি দাবী কৰি ধনদাবী তথা ধৰ্মীয় ঘৃণা বিয়পোৱা অপচেষ্টা চলোৱাৰ অভিযোগত জামিন অযোগ্য ধাৰাতহে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি ৭ দিনৰ জিম্মাত লয়৷ আৰক্ষীয়ে সাধাৰণ এজন অভিযোগকাৰীক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰাত ভুক্তভোগী ভিক্টৰৰ সমৰ্থনত এতিয়া থিয় দিছে বিভিন্নজন৷ ক’চিং চেণ্টাৰৰ শিক্ষক ভিক্টৰ দাসক শনিবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত চাকৰি প্ৰাৰ্থী আৰু দালালৰ মাজত ধনৰ লেনদেনত ব্যৱহৃত এখন বাইকৰ নম্বৰ ভিক্টৰে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰাৰ পাছতেই অম্লানজ্যোতি দত্ত নামৰ এজন প্ৰাৰ্থীয়েও ধন দাবী কৰা চক্ৰটোৰ ফোন নম্বৰ তদন্তকাৰী আৰক্ষীক দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ কিন্তু ইয়াৰ পাছতো তদন্তকাৰী গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে ভিক্টৰৰ অভিযোগৰ কোনো সত্যতা নাই বুলি পূৰ্বৰ স্থিতিতে অটল আছে৷ আনহাতে আৰক্ষীৰ বক্তব্যকে সমৰ্থন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিযুক্তিৰ নামত দুৰ্নীতিৰ হোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে৷ ভিক্টৰ দাস নামৰ শিক্ষকজনে অনা অভিযোগৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনৰ লেনদেন হোৱা বুলি অভিযোগ উঠা তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়সূচীহে প্ৰকাশ কৰিছে৷ ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কৰ নেতৃত্বত দালাল চক্ৰই প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰাৰ পাছত বৰ্তমান সামাজিক মাধ্যমত বিভিন্ন প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি পৰীক্ষা কেন্দ্ৰত দৃষ্টিগোচৰ হোৱা অভিজ্ঞতা ৰাজহুৱা কৰিছে৷ সামাজিক মাধ্যমত কেইবাজনো প্ৰাৰ্থীয়ে পৰীক্ষা হলত একাংশ সন্দেহজনক প্ৰাৰ্থীয়ে উকা অ’ এম আৰ এনছাৰ শ্বীট অৰ্থাৎ খালী উত্তৰ বহী জমা দিয়াৰ চাঞ্চল্যকৰ অভিযোগ কৰিছে৷ আনকি উকা উত্তৰ বহী জমা দিয়া নিৰ্দিষ্ট প্ৰাৰ্থীয়ে কোনো ‘ছাৰ’ৰ নিৰ্দেশত এনে কাম কৰাৰ কথাও অভিযোগকাৰীৰ আগত প্ৰকাশ কৰা বুলিও দাবী কৰিছিল৷