Logo
image

কাৰাবন্দীৰ যোগাভ্যাস, প্ৰতিবন্ধী শিশুৰ বাবে ‘জীৱধাৰা’

আমাৰ অসম, ১৯ মে’:  ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত আৰম্ভ হৈছে দুদিনীয়া ‘নেছনেল আয়ুষ মিছন কনক্লেভ’ৰ৷ বৃহস্পতিবাৰে আগবেলা বিজ্ঞান ভৱনৰ মূল সভাগৃহত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু  পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ মনসুখ মান্দাভিয়াই৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই, স্বাস্থ্য-পৰিয়াল মন্ত্ৰী কেশৱ মহন্তৰ লগতে অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকল, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ সচিব, সকলো ৰাজ্যৰ স্বাস্থ্য তথা আয়ুষ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ আৰু মিছনৰ সঞ্চালকসকল উপস্থিত থাকে৷ সন্মিলনত¸ মন্ত্ৰী সোণোৱালে কয়–বিশ্বজুৰি এতিয়া ভাৰতৰ পুৰণিকালৰে পৰা চলি অহা পৰম্পৰাগত চিকিৎসা পদ্ধতি তথা আয়ুৰ্বেদিক ঔষধৰ সমাদৰ বাঢ়িছে৷ বিশ্ববাসীয়েও আজি উপলব্ধি কৰিবলৈ লৈছে যে শৰীৰক নিৰোগী ৰাখিবলৈ পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতি তথা ঔষধেই সৰ্বোত্তম৷ আধুনিক চিকিৎসা ব্যৱস্থা আৰু ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সমন্বিত প্ৰয়োগৰ জৰিয়তে দেশৰ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ ভেঁটি সবল কৰিবলৈ ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ একেদৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মান্দাভিয়াই কয়– পৰম্পৰাগত চিকিৎসা পদ্ধতিয়েই ভাৰতৰ ঐতিহ্য৷ দেশৰ বিকাশ-সমৃদ্ধিৰ বাবে নাগৰিকৰ সু-স্বাস্থ্য অতি প্ৰয়োজনীয় বুলি দোহাৰি তেওঁ কয় যে ভাৰতে এতিয়া পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিবলৈ আগবাঢ়িছে৷ উদ্বোধনী অনুষ্ঠানৰ পিছতে মন্ত্ৰী সোণোৱালৰ অধ্যক্ষতাত আৰু ¸ৰাজ্যমন্ত্ৰী মহেন্দ্ৰভায়ৰ উপস্থিতিত ৰাজ্যসমূহৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকলৰ এখন ঘূৰণীয়া মেজমেলত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যিক আয়ুষ মিছনৰ সঞ্চালক পমী বৰুৱাই অংশগ্ৰহণ কৰে৷ মন্ত্ৰীস্তৰীয় ঘূৰণীয়া মেজমেলত মন্ত্ৰী মহন্তই অসম চৰকাৰে ৰাজ্যত আয়ুৰ্বেদিক চিকিৎসাৰ লগতে পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিক ৰাইজৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে লোৱা ব্যৱস্থাৱলী আৰু আয়ুষ চিকিৎসাসেৱাৰ আন্তঃগাঁথনি সৱলীকৰণৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বিষয়ে সবিশেষ দাঙি ধৰে৷ ৰাজ্যৰ কাৰাগাৰসমূহত কয়দীৰ মাজত যোগাভ্যাস শিকোৱা আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে ‘জীৱধাৰা’ শীৰ্ষক যোগাভ্যাস কাৰ্যসূচীৰে তেওঁলোকৰ শাৰীৰিক-মানসিক সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত ইতিমধ্যে লাভ কৰা ইতিবাচক ফলাফলৰ বিষয়েও মন্ত্ৰী মহন্তই কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীৰ লগতে ৰাজ্যসমূহৰ মন্ত্ৰীসকলক অৱগত কৰে৷ অসম চৰকাৰৰ জীৱধাৰা কাৰ্যসূচীক মেজমেলত¸ মন্ত্ৰী সোণোৱালৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে উচ্ছ প্ৰশংসা কৰি আয়ুষ মন্ত্ৰালয় আৰু আন ৰাজ্যসমূহেও দিব্যাংগসকলৰ বাবে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰে৷