Logo
image

কেটলাত পথ দুৰ্ঘটনাত এজন নিহত

ডিজিটেল সংবাদ, জিনজিয়াৰ প্ৰতিবেদকঃ বিহালী সমষ্টিৰ কেটলা এলেকাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত গমষ্টা নায়ক (৫৫) নামৰ এজন ব্যক্তি নিহত হয়। জানিব পৰা মতে লোকজন উক্ত পথৰ কাষেৰে গৈ থকাৰ সময়তে তীব্ৰ বেগেৰে আহি থকা এএচ১২-এবি৭৪৩৪ নম্বৰৰ এখন আৰ্টিকা মাৰুতি গাড়ীয়ে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয়। পিছত গাড়ীসহ চালকজন পলায়ন কৰে যদিও বৰগাং আৰক্ষী চকীৰ আৰক্ষীয়ে গাড়ীখন বিহালীৰ নকোনীয়াৰ পৰা জব্দ কৰি আৰক্ষীৰ জিম্মাত ৰাখি নিহত নায়কৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ প্ৰেৰণ কৰে।