Logo
image

এফালে জুবিনৰ সংগীতানুষ্ঠান, আনফালে চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, হাজোঃ নিশা ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ বাকৰিত চলি থকা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতে ৰামদিয়া কলবাৰী চুবুৰীত সংঘটিত চুৰিকাণ্ডই ৰামদিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰই আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ ৰামদিয়া কলবাৰী চুবুৰিৰ নিৱাসী তথা বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ মুকুট পাঠকে ঘৰত তলা লগাই পৰিয়ালসহে আহে। তেঁওলোকে নিশা সংগীতানুষ্ঠান শেষ কৰি ঘৰলৈ অহাত সন্মুখৰ গ্ৰীলৰ তলাৰ লগতে ভিতৰৰ দৰ্জাৰ তলা ভঙা অৱস্থাত দেখা পাই হতবাক হৈ পৰে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰৰ দলে গডৰেজৰ লক ভাঙি সোণৰ আ-অলংকাৰ, নগদ ৩০ হাজাৰ টকাৰ লগতে লেপটপ লৈ যোৱা বুলি প্ৰকাশ কৰে। শুকুৰবাৰে দুপৰীয়া অধ্যাপক ড৹ মুকুট পাঠকে ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। পাছত ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰে।